মানৱ উন্নয়নৰ ওপৰত এটা টোকা লিখা

উত্তৰঃ অৰ্থনৈতিক উন্নয়নৰ মাপকাঠী হিচাপে কেৱল সৰ্বমূঠ ৰাষ্ট্ৰীয় আয় গ্ৰহণযোগ্য নহয়। ইয়াৰ বিকল্প হিচাপে মানৱ উন্নয়ন সূচকাংক নিৰ্ধাৰণ কৰা হৈছে। ১৯৯০ চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ কৰা হয়। ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী (United Nations Development Programme বা UNDP) ৰ অন্তৰ্গত এই প্ৰতিবেদন প্ৰতি বছৰেই প্ৰকাশ কৰা হয়।