১২। কাশিকা বৃত্তিঃ জয়াদিত্য আৰু ৱামন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃকোনো কোনো পণ্ডতৰ মতে জয়াদিত্য আৰু ৱামন বৌদ্ধ মতাৱলম্বী আছিল। বৃত্তিখনিত মঙ্গলাচৰণৰ অনুপস্থিতি আৰু ইয়াৰ সংৰক্ষণকাৰী পুথিভঁড়ালটোৱেও তেনে ধাৰণকে প্ৰকট কৰে। চীনা পৰিব্ৰাজক ইৎ চিঙৰ টোকা অনুসাৰে জয়াদিত্যৰ মৃতু্যত সময় আনুমানিক ছছঙ্ম খ্ৰীঃ। তেওঁ নিজে এই বৃত্তিশাস্ত্ৰখনৰ সহায়ত সংস্কৃত ভাষা শিকিছিল বুলি উল্লেখ কৰিছে। ইৎচিঙে আৰু লিখিছে যে সেই সময়ৰ ভাৰতবৰ্ষত শিষ্যসকলে সাধাৰণতে পোন্ধৰ বছৰ বয়সৰ পৰা এই শাস্ত্ৰ অধ্যয়ন কৰিবলৈ লয় আৰু পাঁচ বছৰ কাল একান্ত অধ্যয়নৰ অন্ততহে ইয়াক সম্পূৰ্ণৰূপে বুজিবলৈ সমৰ্থ হয়। এনে উল্লেখৰ পৰা কাশিকাবৃত্তিৰ ৰীতি যে যথেষ্ট দুৰ্বোধ্য আছিল তাক বুবলৈ টান নহয়।

খ্ৰীঃ সপ্তম/অষ্টম শতিকামনাত বৌদ্ধ শিষ্য জিন্ন্দ্ৰ বুদ্ধয়ে কাশিকা বৃত্তিৰ অন্যতম টীকা কাশিকা ন্যাস ৰচনা কৰে। সহাকবি মাঘই উল্লেখ কৰা ন্যাস শীৰ্ষক পুথিখনেই সম্ভৱতঃ এইখন। এইখন কাশিকা বিৱৰণ পঞ্জিকা নামেৰেও জনাজাত। ইয়াত অন্যান্য সংস্কৃত ব্যাকৰণ তথা কাব্যৰ উদ্ধৃতি আছে। কাশিকাবৃত্তচিৰ অন্যান্য টীকাৰ ভিতৰত নামবিহীন লেখকৰ (ত্ৰয়োদশ খ্ৰীঃ) সহান্যাস, বিদ্যাগসৰ মুনিৰ (দ্বাদশ খ্ৰীঃ) প্ৰক্ৰিয়ামঞ্জৰী, মৈত্ৰেয় ৰক্ষিতৰ (একাদশ খ্ৰীঃ) তন্ত্ৰপ্ৰদীপ, বামদেৱ মিশ্ৰৰ (দ্ধাদশ খ্ৰীঃ) বৃত্তি প্ৰদীপ, হৰিদত্ত মিশ্ৰৰ (দ্বাদশ খ্ৰীঃ) পদমঞ্জতৰীৰ নাম উল্লেখযোগ্য। ইয়াৰে শেষোক্তখন অতিশয় বুদ্ধিদীপ্ত কাশিকা ভাষ্য।