অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰ কি কি?

উত্তৰঃ বর্তমান অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবিলাক হৈছে- চাহ উদ্যোগ, বন উদ্যোগ, ৰবৰ উদ্যোগ, ৰেচম উদ্যোগ, কাগজ উদ্যোগ আৰু খাদ্য প্রস্তুতকৰণ উদ্যোগ আদি। কৃষিভিত্তিক উদ্যোগৰ এটা প্রধান ভাগ হৈছে খাদ্য প্রস্তুতকৰণ উদ্যোগ। অসমৰ হাবিত প্ৰচুৰ বন সম্পদেৰে ভৰা আৰু এই সম্পদ ব্যৱহাৰ কৰি কাগজ, প্লাইউদ আদি উদ্যোগ গঢ় লৈ উঠিছে।