৯। ব্যাকৰণৰ পঢ়াশলীয় ধাৰা সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ১৮৭৩ চনত সুদীৰ্ঘ সাতত্ৰিশ বছৰ কাল নিৰ্বাসিত হৈ থকাৰ অন্তত অসমীয়া ভাষাৰ পুনৰ্বাসন ঘটাত পাঠ্যপুথিৰ চাহিদা পূৰণাৰ্থে পঢ়াশলীয়া ব্যাকৰণৰ পুথি লিখাৰ এক নতুন পৰম্পৰা গঢ় লৈ উঠে। উল্লেখযোগ্য যে অসমীয়া ভাষাত এই ধাৰাৰ ব্যাকৰণেই সৰ্বাধিক পৰিমানে ৰচিত হৈছে। আজিকোপতি অব্যাহত এই ধাৰাটোৰো প্ৰাৰম্ভক হ’ল হেমচন্দ্ৰ বৰুৱা। ১৮৭৩ চনত তেওঁ আগৰ ব্যাকৰণখনৰ ‘অশুধটবোৰ আঁৰাই তাক সম্পূৰ্ণ ‘নকৈ লিখি’ অসমীয়া ব্যাকৰণ নাম দি প্ৰকাশ কৰে। তেতিয়াৰে পৰা অধুনা পৰ্যন্ত নানান সংযোগ -বিয়োগৰ ইয়াৰ সৰ্বমুঠ ২৫ টা তাঙৰণ প্ৰকাশ পাইছে। সংস্কৃত ভাষা তথা ব্যাকৰণৰ মূল সূত্ৰ সমূহৰ আমদানিৰো পঢ়াশলীয় ব্যাকৰণ ৰচনাৰ যি আদৰ্শ হেমচন্দ্ৰ বৰুৱাই প্ৰতিষ্ঠা কৰিছিল, অসমীয়া ব্যাকৰণ পৰম্পৰাগত সাধাৰণভাৱে সেই আদৰ্শ আজিও অব্যাহত আছে।

১৮৮২ চনত বৰুৱাই পূৰ্বৰ ব্যাকৰণখন “গাৱলীয়া পঢ়াশালিত পঢ়া…ছাতৰৰ নিমিত্তে কঠিন আৰু বহল যেন বোধ হোৱাত সিবিলাকৰ উপকাৰৰ নিমিত্তে…’ (১৯৯২ঃ পাতনি) অসমীয়া ল’ৰাৰ ব্যাকৰণ নামৰ এখন পুথি লিখি উলিয়ায়। সূত্ৰৰ পৰিৱৰ্তে উদাহৰণৰ বহল প্ৰয়োগ এি ব্যাকৰণখনৰ বিশেষত্ব।

হেমচন্দ্ৰ বৰুৱাৰ উদ্যাোত গঢ়লৈ উঠা পঢ়াশলীয়া ব্যাকৰণ ৰচনাৰ পৰম্পৰাই পৰৱৰ্তী সময়ত অধিক বিস্তাৰিত ৰূপ লাভ কৰে। কুৰি শতিকাৰ দ্বিতীয় দশকপৰ্যন্ত প্ৰকাশিত তেনে কেইখনমান ব্যাকৰণ পুথি হ’ল- দীনবন্ধু তৰ্কালঙ্কাৰৰ অসমীয়া ল’ৰাৰ ব্যাকৰণ (১৮৭৩), ধৰ্মেশ্বৰ গোস্বামীৰ ল’ৰাবোধ ব্যাকৰণ (১৮৮৪), নাৰায়ণ শৰ্মা বিদ্যাভূষণত আশউবোধ ব্যাকৰণ পাঠ (২য় সংস্কৰণ,১৯১৮) ইত্যাদি। এই অঠাইবোৰতহে কম বেছি পৰিমানে হেমচন্দ্ৰীয় আদৰ্শৰ অনুসৰণ লক্ষ্য কৰা যায়। ইয়াৰ ভিতৰত লোকনাথ শৰ্মাৰ ব্যাকৰণখনত প্ৰথমবাৰৰ বাবে অসমীয়া সন্ধিৰ প্ৰকৃতি সম্বন্ধে যৎসামান্য আলোচনা পোৱা যায়। আনহাতে দত্ত বৰুৱাৰ ব্যাকৰণখনৰ প্ৰধান বিশেষত্ব হ’ল আৰোদী পদ্ধতিৰ অৱলম্বন।