Class 12 Political Science Chapter 7 Short Question Answer | Class 12 Political Science Chapter 7 সাম্প্রতিক বিশ্বত নিৰাপত্তা Short Answer |

১। অতি প্রশ্নোত্তৰ :

(ক) ‘মৈত্রী সংঘ’ বুলিলে কি বুজা ?

উত্তৰ : সামৰিক আক্রমণ প্রতিহত কৰিবৰ বাবে ৰাষ্ট্ৰসমূহৰ মাজত গঢ়ি উঠা সামৰিক মিত্রতাকে ‘মৈত্রী সংঘ’ বুলি কোৱা হয় ৷

(খ) আভ্যন্তৰীণভাৱে স্থানান্তৰিত লোক বুলিলে কি বুজা ?

উত্তৰ : যিবোৰ মানুহে বিভিন্ন কাৰণত বা নিৰাপত্তাহীনতাৰ বাবে দেশৰ চাৰিসীমাৰ ভিতৰত থাকি নিজৰ ঘৰ এৰি যায়, তেওঁলোকক অভ্যন্তৰীণভাৱে স্থানচ্যুত লোক বুলি কোৱা হয়।

(গ) মানৱীয় নিৰাপত্তাই কি বুজায় ?

উত্তৰ : মানুহক ভয়, ত্রাস, অভাৱ, আদিৰ পৰা সুৰক্ষা দি মানবীয় মর্যাদা সহকাৰে জীৱন-যাপন কৰিবলৈ উপযুক্ত পৰিবেশ দিয়াকেই ‘মানৱীয় নিৰাপত্তা’ বুলি কোৱা হয় ৷

(ঘ) ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্য কি ?

উত্তৰ : ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ প্রধান উদ্দেশ্য আছিল। ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত কৰা । ।

(ঙ) গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া

উত্তৰ : গোলকীয় উষ্ণতা বৃদ্ধি ।

(চ) কিহে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰে ?

উত্তৰ: জনসংখ্যা হ্রাস আৰু উচ্চ জনমূৰি আয় বৃদ্ধিয়ে ধনী ৰাষ্ট্ৰক অধিক ধনী কৰে ।

(ছ) মানুহ কিয় প্ৰব্ৰজন কৰে ?

উত্তৰ : উন্নত আৰু নিৰাপদ জীৱনৰ সন্ধানত মানুহে প্ৰব্ৰজন কৰে।

(জ) কেতিয়া পাৰমাণৱিক অস্ত্ৰ-নিসম্প্ৰসাৰণ চুক্তি সম্পাদিত হৈছিল ?

উত্তৰ : ১৯৬৮ চনত ।

(ঝ) প্ৰদূষণ কি ?

উত্তৰ : প্ৰাকৃতিক পৰিবেশ জীৱন-ধাৰণৰ প্ৰতিকূলে যোৱা অৱস্থাকে প্ৰদূষণ বুলি কোৱা হয় ।

(ঞ) ৰাসায়নিক অস্ত্ৰ নিষিদ্ধকৰণ চুক্তিত কিমানখন ৰাষ্ট্ৰই সন্মতি দিছিল ?

উত্তৰঃ ১৮১ খন ।

(ট) সকলো সমাজতে নিৰাপত্তাৰ ধাৰণা একেনে ?

উত্তৰ : সকলো সমাজতে নিৰাপত্তাৰ ধাৰণা একে নহয়।

(ঠ) নিৰাপত্তা বুলিলে কি বুজা ?

উত্তৰ : নিৰাপত্তা বুলিলে সাধাৰণতে ভাবুকি বা বিপর্যয়ক প্রতিহত কৰাৰ বাবে গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক বুজায় ।

(ড) পৰম্পৰাগত নিৰপত্তা কৌশলৰ এটা উপাদান উল্লেখ কৰা ।

উত্তৰ : ক্ষমতাৰ ভাৰসাম্য।

(ঢ) গোলকীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা দুটা কাৰক উল্লেখ কৰা ।

উত্তৰ : দৰিদ্ৰতা আৰু সন্ত্ৰাসবাদ।

(ণ) কেতিয়া সন্ত্রাসবাদীয়ে ভাৰতৰ সংসদ ভৱনত আক্ৰমণ কৰিছিল ?

উত্তৰ : ২০০১ চনত ।

(ত) আধুনিক বিশ্বত দেখা দিয়া এটা ভয়ৰ উৎস উল্লেখ কৰা ।

উত্তৰ : সন্ত্ৰাসবাদ ৷

(থ) আণৱিক শক্তি সম্পন্ন দুখন দেশৰ নাম উল্লেখ কৰা।

উত্তৰ : চীন আৰু ভাৰত ।

(দ) কেতিয়া আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত সন্ত্ৰসাবাদীয়ে আক্ৰমণ কৰিছিল ?

উত্তৰ : ২০০১ চনৰ ১১ চেপ্তেম্বত।

(ধ) প্ৰব্ৰজনৰ এটা কাৰণ উল্লেখ কৰা ।

উত্তৰ : দৰিদ্ৰতা।

(ন) ভাৰতে পোন প্ৰথমবাৰৰ বাবে কেতিয়া পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল ?

উত্তৰ : ১৯৭৪ চনত।

(প) The Anti-Ballistic Missile Treaty কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰঃ ১৯৭২ চনত।

(ফ) অস্ত্ৰ-শস্ত্ৰৰ নিয়ন্ত্ৰণ বুলিলে কি বুজা ?

উত্তৰ : অস্ত্ৰ-শস্ত্ৰৰ উদ্ভাৱন আৰু সম্প্ৰসাৰণ নিয়ন্ত্ৰণ কৰাকে ‘অস্ত্ৰ-শস্ত্ৰ নিয়ন্ত্রণ’ বুলি কোৱা হয়।

(ব) ‘নিৰাপত্তা প্ৰতিষ্ঠা ব্যৱস্থা’ বুলিলে কি বুজা ?

উত্তৰ : নিৰাপত্তাজনিত বিষয়ত ৰাষ্ট্ৰসমূহৰ মাজত নিয়মিতভাৱে তথ্য বিনিময় প্ৰক্ৰিয়াক ‘নিৰাপত্তা প্ৰতিষ্ঠা ব্যৱস্থা’ বুলি কোৱা হয়।

২। চমু প্রশ্নোত্তৰ ঃ

(ক) মানৱ অধিকাৰ বুলিলে কি বুজা ?

উত্তৰ ঃ বিশ্বত বসবাস কৰা জাতি, বৰ্ণ, ধৰ্ম, সম্প্রদায়, লিঙ্গ আদি নির্বিশেষে সকলো লোকেই মানুহ হিচাপে জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা সুযোগ-সুবিধাকে মানৱ অধিকাৰ বোলে।

(খ) প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পার্থক্য কি ?

উত্তৰ ঃ এক উন্নত জীৱন-যাপনৰ বাবে বা কৰ্মসংস্থান বিচাৰি মানুহে নিজৰ দেশ বা অঞ্চল এৰি অন্য অঞ্চল বা বিদেশলৈ স্থায়ীভাৱে থাকিবলৈ যোৱাকে প্ৰব্ৰজন বোলে। আনহাতে, প্রাকৃতিক দুৰ্যোগৰ বাবে, যুদ্ধৰ বাবে বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ পলাই যোৱা লোকক শৰণাৰ্থী বোলে। প্ৰব্ৰজনকাৰীসকলক সুৰক্ষা দিবলৈ চৰকাৰ বাধ্য নহয় । কিন্তু শৰণাৰ্থীসকলে সদায় ৰাজনৈতিক পৃষ্ঠপোষকতা লাভ কৰে।

(গ) পাৰম্পৰিক আৰু অপাৰম্পৰিক (পৰম্পৰাগত আৰু অপৰম্পৰাগত) নিৰাপত্তাৰ মাজত পার্থক্য কি ?

উত্তৰঃ পাৰম্পৰিক নিৰাপত্তাই ৰাষ্ট্ৰ এখনৰ আভ্যন্তৰীণ আৰু বাহ্যিক নিৰাপত্তাৰ কথা সুচায়। ইয়াত প্ৰধানকৈ নিৰাপত্তাৰ সামৰিক দিশটো ধৰা হয় ৷ আনহাতে, অপাৰম্পৰিক নিৰাপত্তাৰ ধাৰণাটোৱে সামৰিক ভাবুকিৰ দিশটো অতিক্ৰম কৰি এক বিস্তৃত পৰিসৰৰ ভয়াবহতা আৰু ভাবুকিৰ বিৰুদ্ধে গ্ৰহণ কৰা নিৰাপত্তাক সামৰি লয়।

(ঘ) দুটা স্বাস্থ্যজনিত ভয়াবহ মহামাৰীৰ উল্লেখ কৰা ৷

উত্তৰ ঃ এইচ আৰু পক্ষীজ্বৰ :

উত্তৰ ঃ (১) আন্তঃর্জাতিক সন্ত্ৰাসবাদ আৰু

(২) গোলকীয় উষ্ণতা।

(ঙ) মানৱ অধিকাৰৰ বিভিন্ন শ্রেণীবোৰ কি কি ?

উত্তৰ : মানৱ অধিকাৰৰ বিভিন্ন শ্রেণীবোৰ হ’ল –

(১) ৰাজনৈতিক অধিকাৰ,

(২) অর্থনৈতিক আৰু সামাজিক অধিকাৰ

(৩) সমাজৰ দুৰ্বল শ্ৰেণীৰ লোক যেনে – শিশুৰ অধিকাৰ, শৰণাৰ্থীৰ অধিকাৰ, সংখ্যালঘুৰ অধিকাৰ আদি ।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ ঃ

(ক) ‘মানৱ নিৰাপত্তাই ভয় আৰু অভাৱৰ পৰা মুক্ত হোৱাক বুজায়’- ব্যাখ্যা কৰা ।

উত্তৰ : মানুহ হিচাপে জীয়াই থকাৰ বাবে যিবোৰ সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক অৰ্থনৈতিক নিৰাপত্তাৰ প্রয়োজন সেইবোৰ উপাদান স্বাভাৱিকভাৱে পোৱা অৱস্থাকে মানৱ নিৰাপত্তা বুলি ক’ব পাৰি। ভয় আৰু অভাৱৰ পৰা মুক্ত কৰাটো মানৱ নিৰাপত্তাৰ প্ৰথম চৰ্ত । কিয়নো ভয় আৰু অভাৱ- এই দুয়োটা হৈছে অন্যান্য নিৰাপত্তা উপভোগ কৰাৰ ক্ষেত্ৰত মূল অন্তৰায়। যদি মানুহে ভয় আৰু অভাৱ বা দৰিদ্ৰতাৰ মাজত থাকে তেন্তে সি কোনো অধিকাৰকে ভোগ কৰিব নোৱাৰে ৷ অর্থনৈতিক উন্নয়ন আৰু সাংস্কৃতিক বিকাশো সম্ভৱ নহয়। সেয়ে মানৱ নিৰাপত্তা বুলিলে প্রথমে ভয় আৰু অভাৱৰ পৰা মুক্ত অৱস্থাক বুজোৱা হয় ৷

(খ) বিশ্ব দৰিদ্ৰতাৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ : ৰাষ্ট্ৰ এখনত যেতিয়া কৰ্মসংস্থাপনৰ অভাৱ হয় বা উপাৰ্জন কৰাৰ কোনো পথ নাথাকে তেতিয়া জনসাধাৰণৰ জীৱনলৈ নামি আহে দৰিদ্ৰতা। দৰিদ্ৰতা মানৱ সমাজৰ বাবে এক অপ্রত্যাশিত অভিশাপস্বৰূপ। দৰিদ্ৰতাই মানুহক জীয়াতু ভোগায়। ইয়াৰ কৱলত পৰা সমাজ বা পৰিয়াল এটি দুবেলা দুমুঠি খাবলৈ নাপায়, পিন্ধিবলৈ কাপোৰ নাপায়, ল’ৰা-ছোৱালীক শিক্ষা দিব নোৱাৰে, বেমাৰত চিকিৎসাৰ পৰাও বঞ্চিত হয়। – দৰিদ্ৰতা বৰ্তমান বিশ্বৰ এক জলন্ত সমস্যা। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ লোক দৰিদ্ৰতাপীড়িত। মনকৰিবলগীয়া যে বিশ্বৰ দৰিদ্ৰ দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক। অহা পঞ্চাশ বছৰত বিশ্বৰ জনসংখ্যা তিনিগুণলৈ বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে।

(গ) বহিঃ ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি ? উদাহৰণ দিয়া ।

উত্তৰ ঃ বহিঃ ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ চাৰিটা উপাদান হ’ল –

(১) অৱৰোধ ঃ ইয়াৰ অৰ্থ হ’ল যুদ্ধৰ আশংকাক প্ৰতিৰোধ কৰা। এই ক্ষেত্ৰত ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ বিষয়ে উল্লেখ কৰিব পাৰি ।

(২) ৰক্ষাঃ যুদ্ধক সীমিত কৰা বা সমাপ্ত কৰাক ৰক্ষা বুলি কোৱা হয়। যেনে ভাৰত আৰু চীনৰ মাজত হোৱা ১৯৬১ চনৰ যুদ্ধ।

(৩) ক্ষমতাৰ ভাৰসাম্য : প্ৰতিখন দেশে আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰি চলিব লাগে ৷ যেনে- ভাৰত আৰু বাংলাদেশ।

(৪) মিত্রগোট গঠন : কেইখনমান ৰাষ্ট্ৰৰ মাজত মিত্র গোট গঠন কৰি নিজৰ নিজৰ কাৰ্যাৱলীৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংঘটিত হোৱাত বাধা সৃষ্টি কৰিব পাৰি ৷ যেনে- চেন্টো, নেটো আদি ৷

(ঘ) ভাৰতৰ নিৰাপত্তা কৌশলৰ চাৰিটা উপাদান উল্লেখ কৰা ।

উত্তৰঃ ভাৰতৰ নিৰাপত্তা কৌশলৰ চাৰিটা উপাদান হ’ল – (১) সামৰিক দক্ষতা বৃদ্ধি কৰাটো ভাৰতৰ নিৰাপত্তা কৌশলৰ প্ৰথম উপাদান। ইয়াৰ বাবে ভাৰতে প্রয়োজনীয় যুদ্ধ জাহাজ, যুদ্ধ বিমান, সামৰিক বাহিণীৰ বৃদ্ধি, সামৰিক বাহিনীৰ আধুনিকীকৰণ আদি কাৰ্যসূচী হাতত লৈছে।

(২) ভাৰতৰ নিৰাপত্তা কৌশলৰ দ্বিতীয় উপাদানটো হ’ল আন্তর্জাতিক অনুষ্ঠানসমূহ শক্তিশালী কৰি ভাৰতৰ নিৰাপত্তা সুনিশ্চিত কৰা। সেয়ে আৰম্ভণিৰ পৰাই ভাৰতে ৰাষ্ট্ৰসংঘৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি আহিছে।

(৩) তৃতীয় উপাদানটো হ’ল ভাৰতে ইয়াৰ ঐক্য আৰু সংহতি শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব দিছে।

(৪) ভাৰতৰ নিৰাপত্তা কৌশলৰ চতুৰ্থ উপাদান হিচাপে ইয়াৰ অৰ্থনৈতিক দিশটো উনুকিয়াব পাৰি। অৰ্থনৈতিক বিকাশৰ বাবে ভাৰতে পঞ্চবার্ষিক পৰিকল্পনা গ্ৰহণ কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি যেনে – শিক্ষাৰ সম্প্ৰসাৰণ, দৰিদ্ৰতা দৃঢ়ীকৰণ, উদ্যোগৰ সম্প্ৰসাৰণ, কৃষিৰ বিকাশ আদি গ্ৰহণ কৰিছে।

(ঙ) শৰণাৰ্থীৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ : প্ৰাকৃতিক দুৰ্যোগৰ বাবে, যুদ্ধৰ বাবে বা ৰাজনৈতিক অত্যাচাৰৰ বাবে নিজৰ ৰাষ্ট্ৰ এৰি অন্য ৰাষ্ট্ৰলৈ পলাই যোৱা লোকসকলক শৰণাৰ্থী বোলে। ১৯৯০ চনত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে বহু কাশ্মীৰী পণ্ডিতে নিজৰ গৃহভূমি এৰি ভাৰতৰ অন্য ৰাজ্যত আশ্রয় গ্রহণ কৰিছিল। এই লোকসকলক আভ্যন্তৰীণভাৱে বিতাড়িত লোক বোলা হয়। বহু সময়ত শৰণাৰ্থীসকলৰ জীৱন আৰু জীৱিকাৰ ক্ষেত্ৰত অভাৱনীয় সমস্যাই মূৰ দাঙি উঠে। ফলত সিহঁতে সমগ্ৰ জীৱনটো দুখ আৰু অভাৱৰ মাজত কটাবলীয়া হয় । বৰ্তমান শৰণাৰ্থী সমস্যাই আন্তজাতিক স্তৰত এক ভাবুকিৰ সৃষ্টি কৰিছে। বিশ্বব বহু দেশত বহু লোক শৰণাৰ্থী হিচাপে আছে। উহদাহৰণ হিচাপে বাংলাদেশত ম্যানমাৰৰ পৰা অহা শৰণাৰ্থী। উপসাগৰীয় যুদ্ধৰ সময়ত ইৰাকৰ পৰা ইংলণ্ডলৈ যোৱা শৰণাৰ্থী ।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ :

(ক) অপৰম্পৰাগত অথবা মানবীয় নিৰাপত্তা মানে কি বুজা ? মানবীয় নিৰাপত্তাৰ প্ৰতি দুটা ভাবুকিৰ বিষয়ে আলোচনা কৰা ।

উত্তৰ ঃ মানুহক ভয়, ত্ৰাস, অভাৱ, আদিৰ পৰা সুৰক্ষা দি মানবীয় মর্যাদা সহকাৰে জীৱন-যাপন কৰিবলৈ উপযুক্ত পৰিবেশ দিয়াকেই ‘মানৱীয় নিৰাপত্তা’ বুলি কোৱা হয় ৷

মানৱ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰা উপাদানবোৰ হ’ল-

(১) অৱৰোধ ঃ ইয়াৰ অৰ্থ হৈছে যুদ্ধৰ আশংকাৰ বাধা দিয়া। এই ক্ষেত্ৰত ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ বিষয়ে উল্লেখ কৰিব পাৰি ।

(২) মিত্রগোট গঠন : মিত্রগোট হৈছে কেইখনমান ৰাষ্ট্ৰৰ সন্মিলন যিৰাষ্ট্ৰবোৰে নিজৰ মাজত সমন্বয় সাধন কৰি যুদ্ধ সংগঠিত হোৱাত বাধা দিব পাৰে ।

যুদ্ধক সীমিত ৰখা বা ইয়াক সমাপ্ত কৰাকে ৰক্ষা বুলি কোৱা হয়।

(৪) ক্ষমতাৰ ভাৰসাম্যঃ প্ৰতিখন ৰাষ্ট্ৰই আন আন দেশৰ সৈতে নিজৰ ক্ষমতাৰ ভাৰসাম্য ৰক্ষা কৰি চলিব বিচাৰে ।

(খ) স্বাক্ষতাই কেনেদৰে মানৱ নিৰাপত্তাৰ ওপৰত প্রভাব বিস্তাৰ কৰে ? আলোচনা কৰা ।

উত্তৰ : স্বাক্ষৰতাই তলত উল্লেখ কৰা ধৰণে মানৱ নিৰাপত্তাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। যেনে – প্রথম, নিৰক্ষতাই মানুহৰ জীৱনলৈ নিৰাপত্তাহীনতা কঢ়িয়াই আনে। মানুহৰ জীৱনৰ পৰা নিৰাপত্তাহীনতাক আঁতৰ কৰাৰ ক্ষেত্ৰত শিক্ষাই পোনপটীয়া ভূমিকা গ্ৰহণ কৰে । দ্বিতীয়, শিক্ষাৰ জৰিয়তে কর্মসংস্থান পোৱাও সহজ। ফলত নিৰাপত্তা আহে। তৃতীয়, ৰাজনৈতিক নেতাসকলে অশিক্ষিত লোকসকলক অভুৱা ভৰাৰ সম্ভাৱনা থাকে। শিক্ষিত লোকক নেতাসকলে সহজে ভুৱা দিব নোৱাৰে । চতুৰ্থতে, শিক্ষাই মহিলাসকলক অর্থনৈতিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰে। মহিলা শিক্ষিত হ’লে পৰিয়ালত সুপৰিবেশ স্থাপন হয়। ফলত নিৰাপত্তাৰ কাৰকবোৰৰ প্ৰতি সকলোৱে সচেতন হ’ব পাৰে।

(গ) বর্তমান বিশ্বত দেখা দিয়া ভয়াবহ সন্ত্রাসবাদ দমনৰ বাবে কেইটামান পৰামৰ্শ আগবঢ়োৱা ।

উত্তৰ : সন্ত্ৰাসবাদ হ’ল বৰ্তমান বিশ্বই সন্মুখীন হোৱা এক ভয়াবহ সমস্যা। ইয়াক দমন কৰাৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰি। যেনে- সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰথমতে ল’ব পৰা ব্যৱস্থাটো হ’ল ইয়াৰ বিৰুদ্ধে বিশ্ব জুৰি এক জনমত গঢ়ি তুলিব লাগিব। যিসকল ৰাষ্ট্ৰই সন্ত্রাসবাদক প্রশ্রয় দিয়ে সেইবোৰ ৰাষ্ট্ৰক এনে কাৰ্যৰ পৰা বিৰত কৰিবলৈ আন্তৰ্জাতিক চাপ সৃষ্টি কৰিব লাগিব। দ্বিতীয়তে, নিৰাপত্তা বাহিনীক আধুনিকীকৰণ কৰিব লাগিব যাতে সিহঁতে আধুনিক সমৰ কৌশলৰ সহায়ত সহজে সন্ত্ৰাসবাদ মোকাবিলা কৰিব পাৰে । তৃতীয়তে, সন্ত্ৰাসবাদ আৰু হিংসাক নিয়ন্ত্ৰণ কৰিব লাগিলে ইয়াৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিব লাগিব আৰু সন্ত্রাসীসকলক নিদর্শনমূলক শাস্তি প্ৰদান কৰিব লাগিব । চতুৰ্থতে, সমাজৰ পৰা সন্ত্ৰাসবাদ সৃষ্টিৰ কাৰকসমূহ আঁতৰ কৰিব লাগিব।

পঞ্চমতে, সন্ত্রাসবাদ নির্মূল কৰণত জনসাধাৰণে চৰকাৰক সহায়-সহযোগ কৰিব লাগিব ৷

ষষ্ঠতে, বিভিন্ন জাতি, গোষ্ঠী, সম্প্রদায়, ভাষা-ভাষী লোকসকলৰ মাজত মিলা-প্রীতি, সংহতি, ভাতৃত্ববোধ স্থাপন কৰিব লাগিব। ০ ০ ০

Type By Suman Bora