৩। ব্যাকৰণৰ দিশত জি.এফ. নিকল চাহাবৰ ব্যাকৰণৰ বিষয়ে লিখা।

উত্তকঃ হেমচন্দ্ৰ বৰুৱাৰ পিচত অসমীয়া বযাকৰণৰ ইতিহাসত সততে স্মৰণীয় ব্যক্তিজন হৈছে জি.এফ. নিকল চাহাব। এইগৰাকী পণ্ডিতে ‘Sketch of Assamese Grammar’ নামৰ এটি নোট লিখি ১৮৯৪ চনত ‘Menual of Bengali Language’ নামৰ গ্ৰন্থখনিত প্ৰকাশ কৰিছিল। ব্যাকৰণবিদজনৰ মতে ‘Sketch of Assamese Grammar’- হৈছে অসমীয়া ভাষাৰ ‘Epitome of Assamese Grammar’। এই ব্যাকৰণখনত অসমীয়া ভাষাৰ সৈতে বাংলা ভাষাৰ মিল-অমিল দিশবোৰ সুন্দৰ ৰূপত দাঙি ধৰিছে। অৱশ্যে ব্যাকৰণখনত নিৰ্দিষ্টতাবাচক প্ৰত্যয়, বহুবচনাত্মক প্ৰত্যয় আদিৰ প্ৰয়োগত ভালেখিনি খেলি-মেলি দেখা যায়।