২। অসমীয়া ভষাৰ ব্যাকৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ খনৰ জৰিয়তে ভাষাটোৰ ভালেখিনি দিশ বিতং আৰু বিশ্লেষণা ত্মক ভাৱে দাঙি ধৰিছিল। বিশেষকৈ ব্ৰাউনৰ ব্যাকৰণত থকা বাক্য বিন্যাস ৰীতিৰ সমৰ্থন নকৰি ঐতিহ্যৰ পোহৰত অসমীয়া ভাষাটোৰ মান নিৰূপন কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্য মিছনেৰীসকলে উচ্চাৰণ ক্ষেত্ৰত গ্ৰহণ কৰা বিজ্ঞানসন্মত নীতি মানি লৈছিল। হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণখন আছিল মূলতঃ পঢ়াশালীয় ব্যাকৰহেো। এই ব্যাকৰণখনৰ আৰ্দি মূলতঃ সংস্কৃত আৰু ইংৰাজী ব্যাকৰণ। অৱশ্য অপ্ৰচলিত সংস্কৃত য়সব্দৰ ঠাইত ভালেখিনি দেশী শব্দৰ প্ৰয়োগ কৰিছিল। তদুপৰি এই ব্যাকৰণখনত অসমীয়া লিখিত ভাষাটোৰ প্ৰভাৱ গভীৰ আৰু ব্যাপক ঐছিল। হেমচন্দ্ৰ বৰুৱাৰ উক্ত ব্যাকৰণখন আজিও বহুতৰ বাবে আদৰৰ হৈয়ে আছে। হেমচন্দ্ৰ বৰুৱাৰ উক্ত ব্যাকৰণখনৰ আৰ্হিত পৰৱৰ্ত্তী সময়ত ভালেসংখ্যক ব্যাকৰণৰ জন্ম হৈছিল। সেয়েহে অসমীয়া ব্যাকৰণৰ ইতিহাসক বৰুৱাৰ উক্ত ব্যাকৰণখন আছিল মাইলৰ খুটি সদৃশ।