Class 12 Political Science Chapter 5 Short Question Answer | Class 12 Political Science Chapter 5 সামসাময়িক দক্ষিণ এছিয়া Short Answer |

১ ।কোন ঠাইত চতুৰ্দশ SAARC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল?

উত্তৰঃ নতুন দিল্লীত, ২০০৭ চনত।

২। SAARC কেতিয়া গঠিত হৈছিল?

উত্তৰঃ১৯৮৫ চনত।

৩। কোন গৰাকী ভাৰতীয় প্ৰধান মন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল?

উত্তৰঃ অটল বিহাৰী বাজপেয়ী ।

৪। চীন দক্ষিণ এছিয়াৰ এটা আংশ হয়নে?

উত্তৰঃ চীন দক্ষিণ এছিয়াৰ এটা অংশ নহয়।

৫। ক’ত পঞ্চদশ SAARC শীৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল ?

উত্তৰঃ কলম্বোত, ২০০৮ চনত।

৬।বাংলাদেশ—— চনৰ পৰা ——– চনলৈ পাকিস্থানৰ অংশ আছিল।

উত্তৰঃ ১৯৪৭ ৰ পৰা ১৯৭১ চনলৈ।

৭। SAARC- ৰ সম্পূৰ্ণ ৰুপ কি?

উত্তৰঃ South Asian Association of Regional Co-operation.

৮। ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল?

উত্তৰ গুজৰাটৰ পোষৰাণত।

৯। কোন চনত শ্ৰীলংকা স্বাধীন হৈছিল?

উত্তৰঃ ১৯৪৮ চনত।

১০। শ্ৰীলংকাৰ পৰম্পৰ বিবাদমান দুটাৰ গোটৰ নাম কি?

উত্তৰঃ সিংহলি আৰু তামিল।

১১। SAARC ৰ মূল উদ্দেশ্য় কি ?

উত্তৰঃ দক্ষিণ এছিয়াৰ দেশসমুহৰ মাজত সহযোগ স্থাপন তথা ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, কাৰিকৰী আৰু বিজ্ঞান বিষয়ত সহযোগিতা সৃষ্টি কৰা।

১২। দক্ষিণ এছিয়াই কি সূচায়?

উত্তৰঃ দক্ষিণ এচিয়া বুলিলে বাংলাদেশ, ভূটান, মালদ্বীপ, ভাৰত, নেপাল, পাকিস্থান, আৰু শ্ৰীলংকা- এই সাতখন দেশক বুজায়।

১৩।কোন বছৰত মালাদ্বীপত বহুদলীয় ব্য়ৱস্থা প্ৰৱৰ্তন হৈছিল?

উত্তৰঃ ২০০৫ চনত ।

১৪। শ্ৰীলংকাৰ ৰাজনীতি——– সংখ্য়াগুৰু সম্প্ৰদায়ৰ দ্বৰা অৱদমিত।

উত্তৰঃ সিংহলি।

১৫। ছাৰ্কৰ দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ ছাৰ্কৰ দুখন পৰ্যবেক্ষক ৰাষ্ট্ৰৰ নাম হ’ল–

(১) চীন আৰু

(২)জাপান।

১৬।SAFTA মানে কি?

উত্তৰঃ South Asia Free Trade Arade Ares.

১৭। LTTE কি?

উত্তৰঃLiberation of Tamil Tigers’ Elam.

১৮। ২০০১ চনৰ আগ্ৰা শীৰ্ষ সন্মিলনৰ ওপৰত এটি টোকা লিখা।

উত্তৰঃ ২০০১ চনৰ ১৪-১৫ জুলাইত ভাৰত আৰু পাকিস্থানৰ মাজত এক ঐতিহাসিক সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত নিউক্লিয় অস্ত্ৰ-শস্ত্ৰ, কাশ্মীৰ সমস্য়া আৰু ভাৰত পাকিস্থান সীমা সম্পৰ্কে কেতবোৰ প্ৰস্তাৱ লোৱা হয়।

১৯।কোন চনত ভাৰত আৰু পাকিস্থানে পাৰমাণবিক পৰীক্ষণ সম্পন্ন কৰিছিল?

উত্তৰঃ ১৯৯৮ চনত।

২০। ভাৰতৰ ‘পবৱলৈ চোৱা নীতি’ৰ অংশীদাৰী ৰাষ্ট্ৰ কোনখন?

উত্তৰঃ শ্ৰীলংকা।

২১। কোন চনত ভাৰতে শ্ৰীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৯৮৭ চনত।

২২। ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীৰ্ষ সন্মিলনত SAFTA স্বাক্ষৰ কৰা হৈছিল’ – উক্তিটো শুদ্ধনে?

উত্তৰঃ শুদ্ধ।

২৩। ভাৰত আৰু পাকিস্থানৰ মাজত সংঘাতৰ যিকোনো দুটা ক্ষেত্ৰ উল্লেখ কৰা ।

উত্তৰঃ জম্বু আৰু কাশ্মীৰক লৈ সীমা বিবাদ আৰু

(২) ভাৰতৰ বিৰুদ্ধে পাকিস্থানে সান্ত্ৰাসবাদীক দিয়া উচটনি।

২৪। Look East policy(পূৰ্বলৈ চোৱা নীতি) কি?

উত্তৰঃ ভাৰতবৰ্ষইদক্ষিণ-পূব এছিয়াৰ পাঁচখন ৰাষ্ট্ৰ যেনে- ইণ্ডোনেচিয়া, মালয়েছিয়া, ফিলিপাইনছ, চিংগাপুৰ আৰু থাইলেণ্ডৰ লগত অৰ্থনৈতিক সম্পৰ্ক ব-দ্ধিৰ এক নীতি গ্ৰহণ কৰিছে। এই নীতিকেই Look East Policy (পূৰ্বলৈ চোৱা নীতি) বুলি কোৱা হয়।

২৫। পাকিস্থানে ভাৰতৰ পাৰমাণৱিক পৰীক্ষণৰ ক্ষেত্ৰত কি ধৰণৰ প্ৰতিত্ক্ৰয়া ব্য়ক্ত কৰিছে?

উত্তৰঃ ১৯৯৮ চনত ভাৰতে গুজৰাচৰ পোখাৰাণত আণৱিক পৰীক্ষা কৰে। ইয়াৰ প্ৰতিত্ক্ৰিয়া হিচাপে পাকিস্থানেও ইয়াৰ কিছুদিন পিছত ছাগাই পাহাৰত আণৱিক পৰীক্ষা কৰে। তেতিয়াৰ পৰা দুয়ো দেশৰ মাজত এনে এক সামৰিক সম্পৰ্কস্থাপন হল যে প্ৰত্য়ক্ষ আৰু পূৰ্ণ যুদ্ধ হোৱাৰ আশংকা কমি গস।

২৬। নেপালত কিদৰে গণতন্ত্ৰ প্ৰৱৰ্তন হৈছে?

উত্তৰ : ২০০৬ চনলৈকে নেপালত ৰাজতন্ত্ৰ প্ৰচলন আছিল। এই ৰাজতন্ত্ৰত ৰজাৰ হাতত অসীম ক্ষমতা আছিল । কিন্তু ১৯৯০ চনৰ পৰা নেপালত ঘটা বহুতো আভ্যন্তৰীণ… বিবাদৰ মাজত ৰজাই বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল যদিও ২০০৬ চনত গণতন্ত্রবাদীসকলে প্ৰৱল আন্দোলন গঢ়ি তোলাত প্রতিনিধিত্বমূলক সদনৰ ব্যৱস্থা বাহাল ৰাখিছিল । পিছত ২০০৭ চনৰ ২৩ ডিচেম্বৰত হোৱা চুক্তি অনুসৰি নেপালত সম্পূৰ্ণ ৰূপে ৰাজতন্ত্ৰৰ অৱসান ঘটে আৰু যুক্তৰাষ্ট্ৰীয় প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা হয় ।

৩। মজলীয়া দৈৰ্ঘৰ প্রশ্নোত্তৰ :

(ক) ছাৰ্ক গঠনৰ মৌলিক যুক্তিবোৰ কি আছিল ?

উত্তৰ : ছাৰ্ক গঠনৰ মৌলিক যুক্তিবোৰ হ’ল –

(১) দক্ষিণ এছিয়াৰ লোকসকলৰ কল্যাণ সাধন কৰা ।

(২) জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰা ।

(৩) সামূহিক আত্মনিৰ্ভৰশীলতাৰ সৃষ্টি কৰা ।

(৪) অর্থনৈতিক উন্নয়ন খৰতকীয়া কৰা ।

(৫) পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিৰ সৃষ্টি কৰা ।

(৬) অর্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু বিজ্ঞানৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰা ।

(৭) বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে সহযোগিতা স্থাপন কৰা ৷

২৭। সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত পাকিস্থানৰ ব্যৰ্থতাৰ কাৰকসমূহ উল্লেখ কৰা ।

উত্তৰঃ পাকিস্থানত সুস্থিৰ গণতন্ত্ৰ গঢ়ি তোলাত কিছুমান কাৰকে বাধাৰ সৃষ্টি কৰিছে। সামৰিক বাহিনী, পুৰোহিত ‘শ্ৰেণী, মাটিৰ গৰাকী আৰু অভিজাত শ্ৰেণীৰ লোকসকলৰ আধিপত্যই সঘনে নির্বাচিত চৰকাৰৰ পতন ঘটায়। ভাৰতৰ লগত হোৱা সংঘাতে সামৰিক বাহিনীৰ ক্ষেত্ৰত পাকিস্থান বেছি সক্ৰিয়। ইয়াৰ উপৰিও ৰাজনৈতিক দল আৰু গণতন্ত্ৰৰ আঁসোৱাহ পূৰ্ণ নীতিৰ ফলত শাসকীয় চৰকাৰখন গণতন্ত্ৰৰ বিপৰীতে সামৰিক বাহিনীৰ শাসনহে অধিক উপযুক্ত বুলি ভাৱে।

৪। ৰচনাধৰ্মী প্রশ্নোত্তৰ ঃ

(ক) ছাৰ্কৰ ভূমিকা আৰু সীমাবদ্ধতাৰ বিষয়ে লিখা ।

উত্তৰঃ ১৯৮৫ চনত ছাকনামৰ এক আঞ্চলিক সংগঠন গঢ়ি উঠে। ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰ হ’ল – ভাৰত, পাকিস্থান, নেপাল, বাংলাদেশ, ভূটান, শ্রীলংকা আৰু মালদ্বীপ।

ছাকত ভাৰতৰ বিশেষ ভূমিকা আৰু মৰ্যাদা আছে। দক্ষিণ এচিয়াৰ ৭২ শতাংশ অঞ্চল ভাৰতৰ অন্তৰ্ভূক্ত। ৭৭ শতাংশ জনসংখ্যা আৰু ৭৮ শতাংশ মুঠ উৎপাদন ভাৰতৰ। এনে পৰিপ্ৰেক্ষিতত ভাৰতে ছার্কত বিশেষ প্রতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। ভাৰতে ছাৰ্কৰ অধিবেশনসমূহত বিভিন্ন ধৰণৰ ধাৰণা যেনে- পৰিবেশৰ ভিন্নতা, জলবায়ুৰ পৰিবৰ্তন, অজ’ন স্তৰৰ ৰক্ষণ আদি দাঙি ধৰিছে।

ছাৰ্কৰ এখন সন্মিলনত দক্ষিণ এচিয়া মুক্ত বাণিজ্য চুক্তি সম্পাদিত হৈছিল। ছাৰ্কৰ বিশেষ অধিবেশনসমূহত্‌ কৃষি, বিজ্ঞান, কাৰিকৰী আদি বিষয়লৈয়ো আলোচনা হৈছে।

অৱশ্যে ছাৰ্কৰ সফলতাৰ ক্ষেত্ৰত বিভিন্ন অন্তৰায় আছে। ইয়াৰ অন্তৰ্ভূক্ত ৰাষ্ট্ৰবোৰৰে উন্নয়নশীল পদক্ষেপ লোৱাৰ বাবে ধনৰ অভাৱ। ইয়াৰ উপৰিও পৰস্পৰৰ মাজত অবিশ্বাস, আলোচনাৰ মাজত দ্বিপক্ষীয় বিষয়ৰ উত্থাপন আদিয়ে ছাৰ্কৰ সন্মিলনক সাফল্যমণ্ডিত কৰাত বাধাৰ সৃষ্টি কৰিছে।

ভাৰতৰ সীমা আৰু ইয়াৰ ক্ষমতাক লক্ষ্য কৰি আন আন সদস্য ৰাষ্ট্ৰই ভাৰতক ককায়েক সদৃশ ব্যৱহাৰ কৰাৰ বাবে সমালোচনা কৰে। তেওঁলোকে ভাবে যে ভাৰতে তেওঁলোকক দমন কৰি তেওঁলোকৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিছে। ০००

TYpe By Suman bora