Chapter 2
খাদ্যৰ উপাদান
১। স্নেহপদাৰ্থ আৰু কাৰ্ব’হাইড্ৰেট থকা খাদ্যসমূহক কি বুলি কোৱা হয় ?
(ক) শক্তিদায়ক খাদ্য
(খ) শৰীৰ বৰ্দ্ধক খাদ্য
(গ) ভিটামিন
উত্তৰঃ (ক) শক্তিদায়ক খাদ্য
২। বিভিন্ন ৰোগৰ পৰা আমাৰ শৰীৰক ৰক্ষা কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?
(ক) চৰ্বিৰ
(খ) ভিটামিনৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) ভিটামিনৰ
৩। আমাৰ শৰীৰৰ ছাল আৰু চকু ভালে ৰাখিবলৈ কি ভিটামিনৰ প্ৰয়োজন হয় ?
(ক) ভিটামিন A
(খ) ভিটামিন C
(গ) ভিটামিন E
উত্তৰঃ (ক) ভিটামিন A
৪। ভিটামিন Dৰ অভাৱত কি ৰোগ হয় ?
(ক) বেৰিবেৰি
(খ) স্কাৰ্ভি
(গ) ৰিকেট
উত্তৰঃ (গ) ৰিকেট
৫। কাৰ্ব’হাইড্ৰেট আৰু স্নেহপদাৰ্থই প্ৰধানকৈ আমাৰ দেহত যোগায় ।
(ক) খনিজ দ্ৰব্য
(খ) শক্তি
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) শক্তি
৬। ‘পৰিপোষক’ শব্দৰ ইংৰাজী ৰূপটো কি ?
(ক) Nutrients
(খ) Minerals
(গ) Roughage
উত্তৰঃ (ক) Nutrients
৭। পঞ্জাৱৰ প্ৰধান আহাৰ কি ?
(ক) ভাত
(খ) মাছ-মাংস
(গ) ৰুটি
উত্তৰঃ (গ) ৰুটি
৮। তলৰ ছবিখনত থকা ল’ৰাজনে কিহৰ পৰীক্ষা কৰি আছে ?
(ক) আয়ডিনৰ পৰীক্ষা
(খ) প্ৰ’টিনৰ পৰীক্ষা
(গ) স্নেহপদাৰ্থৰ পৰীক্ষা
উত্তৰঃ (খ) প্ৰ’টিনৰ পৰীক্ষা
৯। ভিটামিন Bৰ অভাৱত কি ৰোগ হয় ?
(ক) বেৰিবেৰি
(খ) কুকুৰীকণা
(গ) ৰিকেট
উত্তৰঃ (ক) বেৰিবেৰি
১০। প্ৰ’টিন থকা খাদ্যবস্তুবোৰক সাধাৰণতে কি বুলি কোৱা হয় ?
(ক) শক্তিদায়ক খাদ্য
(খ) সুষম খাদ্য
(গ) শৰীৰ বৰ্দ্ধক খাদ্য
উত্তৰঃ (গ) শৰীৰ বৰ্দ্ধক খাদ্য
১১। বেঙুনীয়া ৰঙে খাদ্যবস্তুত কি থকাটো সূচায় ?
(ক) প্ৰ’টিন
(খ) চৰ্বি
(গ) স্নেহপদাৰ্থ
উত্তৰঃ (ক) প্ৰ’টিন
১২। হাড় সুস্থ ৰাখিবলৈ প্ৰয়োজন হোৱা খনিজ পদাৰ্থবিধ কি ?
(ক) আয়’ডিন
(খ) কেলছিয়াম
(গ) লো
উত্তৰঃ (খ) কেলছিয়াম
১৩। আমাৰ শৰীৰত কি ভিটামিনৰ অভাৱৰ বাবে হাড় ঠুনুকা হয় ?
(ক) ভিটামিন B
(খ) ভিটামিন D
(গ) ভিটামিন E
উত্তৰঃ (খ) ভিটামিন D
১৪। আমাৰ খাদ্যত মূল পৰিপোষক থকাৰ উপৰিও আৰু কি কি থাকে ?
(ক) আঁহজাতীয় খাদ্য আৰু পানী
(খ) প্ৰ’টিন আৰু চৰ্বি
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) আঁহজাতীয় খাদ্য আৰু পানী
১৫। আমাৰ শৰীৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি প্ৰস্তুত কৰে ?
(ক) খনিজ লৱণ
(খ) সুষম আহাৰ
(গ) ভিটামিন D
উত্তৰঃ (গ) ভিটামিন D
১৬। তলৰ ছবিখনত থকা খাদ্যবোৰ কি ভিটামিনৰ কিছু উৎস ?
(ক) ভিটামিন A
(খ) ভিটামিন B
(গ) ভিটামিন C
উত্তৰঃ (ক) ভিটামিন A
১৭। আঁহযুক্ত খাদ্যক কি বুলি কোৱা হয় ?
(ক) স্নেহপদাৰ্থ
(খ) ৰুক্ষাহাৰ
(গ) এটাও নহয়
উত্তৰঃ (খ) ৰুক্ষাহাৰ
১৮। ৰুক্ষাহাৰ বা আঁহ আমাৰ খাদ্যত প্ৰধানকৈ যোগান ধৰে ।
(ক) সুষম আহাৰে
(খ) পানীয়ে
(গ) উদ্ভিদে
উত্তৰঃ (গ) উদ্ভিদে
১৯। ‘খনিজ লৱণ’ শব্দৰ ইংৰাজী ৰূপটো কি ?
(ক) Minerals
(খ) Nutrients
(গ) Proteins
উত্তৰঃ (ক) Minerals
২০। ভিটামিন C ৰ অভাৱত এটা বেমাৰ হয় যাক বুলি কোৱা হয়।
(ক) কুকুৰীকণা
(খ) স্কাৰ্ভি
(গ) ৰিকেট
উত্তৰঃ (খ) স্কাৰ্ভি