Chapter 19
পৃথিৱীৰ আকাৰ, আৱৰ্তন আৰু পৰিভ্ৰমণ
১। পৃথিৱীখন সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত কিমান নম্বৰ গ্ৰহ ?
উত্তৰঃ পৃথিৱীখন সৌৰজগতৰ আঠটা গ্ৰহৰ ভিতৰত তিনি নম্বৰ গ্ৰহ ।
২। পৃথিৱীৰ আকৃতি কেনেকোৱা ?
উত্তৰঃ পৃথিৱীৰ আকৃতি গোলাকাৰ।
৩। পৃথিৱীখন কিহৰ লগত তুলনা কৰিব পাৰি ?
উত্তৰঃ পৃথিৱীখন এটা ৰবাব টেঙাৰ লগত তুলনা কৰিব পাৰি।
৪। খুব কমসংখ্য়ক মানুহহে কোন দুটা মেৰুলৈ যাবলৈ সক্ষম হৈছিল ?
উত্তৰঃ খুব কমসংখ্য়ক মানুহহে উত্তৰ মেৰু আৰু দক্ষিণ মেৰুলৈ যাবলৈ সক্ষম হৈছিল ।
৫। আকাৰ হিচাপত পৃথিৱীখন কিমান নম্বৰ গ্ৰহ ?
উত্তৰঃ আকাৰ হিচাপত পৃথিৱীখন পঞ্চম নম্বৰ গ্ৰহ ।
৬। পৃথিৱীৰ পূবা-পশ্চিমাকৈ থকা বিষুৱীয় ব্য়াসডালৰ দৈৰ্ঘ্য় কিমান ?
উত্তৰঃ পৃথিৱীৰ পূবা-পশ্চিমাকৈ থকা বিষুৱীয় ব্য়াসডালৰ দৈৰ্ঘ্য় ১২,৭৫৭ কিলোমিটাৰ ।
৭। পৃথিৱীখনৰ উপৰিভাগৰ মুঠ কালি কিমান ?
উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ মুঠ কালি হল- ৫১,০১,০০,৫০০ বৰ্গ কিলোমিটাৰ।
৮। পৃথিৱীখনৰ উপৰিভাগৰ চাৰি ভাগৰ প্ৰায় তিনি ভাগেই কি ?
উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ চাৰি ভাগৰ প্ৰায় তিনি ভাগেই পানী।
৯। পানী ভাগক কি ভাগ বোলে ?
উত্তৰঃ পানী ভাগক জল ভাগ বোলে।
১০। পৃথিৱীখনৰ উপৰিভাগৰ কিমান শতাংশ পানী ?
উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ ৭১ শতাংশ পানী।
১১। পৃথিৱীখনৰ উপৰিভাগৰ কিমান শতাংশ মাটী ?
উত্তৰঃ পৃথিৱীখনৰ উপৰিভাগৰ ২৯ শতাংশ মাটী ।