Chapter 18
সৌৰজগতৰ কথা
১। ৰাতিৰ আকাশত অগণন কি থকা দেখিবলৈ পাঁও ?
উত্তৰঃ ৰাতিৰ আকাশত অগণন তৰা চিকমিকাই থকা দেখিবলৈ পাঁও।
২। আকাশত তিৰবিৰাই থকা বস্তুবোৰক কি বোলে ?
উত্তৰঃ আকাশত তিৰবিৰাই থকা বস্তুবোৰক জ্য়োতিষ্ক বোলে।
৩। যিবোৰ জ্য়োতিষ্কৰ নিজা তাপ আৰু পোহৰ আছে তেনেবোৰ জ্য়োতিষ্কৰক কি বোলে ?
উত্তৰঃ যিবোৰ জ্য়োতিষ্কৰ নিজা তাপ আৰু পোহৰ আছে তেনেবোৰ জ্য়োতিষ্কৰক নক্ষত্ৰ বোলে ।
৪। সূৰ্য এটা কি ?
উত্তৰঃ সূৰ্য এটা নক্ষত্ৰ।
৫। কাৰ পোহৰ স্থিৰ ?
উত্তৰঃ গ্ৰহ আৰু উপগ্ৰহবোৰৰ পোহৰ স্থিৰ।
৬। প্লুটো এটা কি ?
উত্তৰঃ প্লুটো এটা গ্ৰহাণু।
৭। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো কি ?
উত্তৰঃ সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো হ’ল- বুধ।
৮। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো কি ?
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হ’ল- বৃহস্পতি।
৯। সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো কি ?
উত্তৰঃ সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটো হ’ল-বুধ।
১০। শেহতীয়াভাৱে প্লুটোৰ দৰেই আন কেইটা গ্ৰহাণু আৱিষ্কৃত হৈছিল ?
উত্তৰঃ শেহতীয়াভাৱে প্লুটোৰ দৰেই আন তিনিটা গ্ৰহাণু আৱিষ্কৃত হৈছিল।