Chapter 17
ভাৰতৰ যাতায়াত আৰু যোগাযোগ ব্য়ৱস্থা
১। প্ৰাচীন কালত মানুহ বোৰে এঠাই পৰা আন ঠাইলৈ কিহে আহা যোৱা কৰিছিল ?
উত্তৰঃ প্ৰাচীন কালত মানুহ বোৰে এঠাই পৰা আন ঠাইলৈ খোজ কাঢ়ি আহা যোৱা কৰিছিল ।
২। পৰিবহণৰ বাবে প্ৰধানকৈ কিহত চলাচলৰ বাবে নাওজাতীয় বাহন ব্য়ৱহাৰ কৰিছিল ?
উত্তৰঃ পৰিবহণৰ বাবে প্ৰধানকৈ জলপথ আৰু পানীত চলাচলৰ বাবে নাওজাতীয় বাহন ব্য়ৱহাৰ কৰিছিল।
৩। বৰ্তমান আমাৰ দেশত কিমান প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে ?
উত্তৰঃ বৰ্তমান আমাৰ দেশত চাৰি প্ৰকাৰৰ যাতায়াত ব্য়ৱস্থা আছে ।
৪। বৰ্তমান ভাৰতত কিমান ৰো অধিক ৰাষ্ট্ৰীয় পথ আছে ?
উত্তৰঃ বৰ্তমান ভাৰতত ২০০ ৰো অধিক ৰাষ্ট্ৰীয় পথ আছে ।
৫। ৰাজ্য়ৰ ভিতৰৰ প্ৰধান অঞ্চলসমূহ সংযোগী আলিবাট নিৰ্মাণ, মেৰামতি আৰু তদাৰক কৰিবলৈ প্ৰত্য়েক ৰাজ্য়তে কি বিভাগ একোটা থাকে ?
উত্তৰঃ ৰাজ্য়ৰ ভিতৰৰ প্ৰধান অঞ্চলসমূহ সংযোগী আলিবাট নিৰ্মাণ, মেৰামতি আৰু তদাৰক কৰিবলৈ প্ৰত্য়েক ৰাজ্য়তে গড়কাপ্টানি বিভাগ একোটা থাকে।
৬। ৰাজ্য়খনৰ মুখ্য় পথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ দায়িত্ব কোন বিভাগৰ ?
উত্তৰঃ ৰাজ্য়খনৰ মুখ্য় পথসমূহৰ নিৰ্মাণ আৰু মেৰামতিৰ দায়িত্ব গড়কাপ্টানি বিভাগৰ ।
৭। কিমান চনত ভাৰত দেশত প্ৰথম ৰে’ল পথ নিৰ্মাণ কৰা হয় ?
উত্তৰঃ ১৮৫৩ চনত ভাৰত দেশত প্ৰথম ৰে’ল পথ নিৰ্মাণ কৰা হয়।
৮। ভাৰতত ৰে’লসেৱা বিভাগে অৰ্থনীতিত এক কি স্থান অধিকাৰ কৰি আহিছে ?
উত্তৰঃ ভাৰতত ৰে’লসেৱা বিভাগে অৰ্থনীতিত এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে।
৯। যাতায়াত ব্য়ৱস্থাৰ মাধ্য়ম কি ?
উত্তৰঃ যাতায়াত ব্য়ৱস্থাৰ মাধ্য়ম চাইকেল, ৰে’ল, মটৰ গাড়ী, জাহাজ, বিমান আদি ।
১০। কলকাতা, দিল্লী, মুম্বাই, হায়দৰাবাদ আদি মহানগৰীত কি পথৰ ব্য়ৱস্থা আছে ?
উত্তৰঃ কলকাতা, দিল্লী, মুম্বাই, হায়দৰাবাদ আদি মহানগৰীত মেট্ৰ’ ৰে’ল পথৰ ব্য়ৱস্থা আছে।