Chapter 16
অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প
১। বৰ্তমানৰ যুগ কি ?
উত্তৰঃ বৰ্তমানৰ যুগ হ’ল- শিল্প-উদ্য়োগৰ ।
২। মানুহৰ শ্ৰম আৰু যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা ব্য়ৱস্থাক কি বুলি কোৱা হয় ?
উত্তৰঃ মানুহৰ শ্ৰম আৰু যন্ত্ৰৰ সহায়ত তৈয়াৰ কৰা ব্য়ৱস্থাক শিল্প বুলি কোৱা হয় ।
৩। শিল্প উদ্য়োগ গঢ়ি তুলিবলৈ আৰু চলাই ৰাখিবলৈ যথেষ্ট পৰিমাণৰ কি প্ৰয়োজন ?
উত্তৰঃ শিল্প উদ্য়োগ গঢ়ি তুলিবলৈ আৰু চলাই ৰাখিবলৈ যথেষ্ট পৰিমাণৰ শ্ৰমিকৰ প্ৰয়োজন।
৪। শীতপ্ৰধান ঠাইত কি কাপোৰৰ প্ৰয়োজন বেছি ?
উত্তৰঃ শীতপ্ৰধান ঠাইত গৰম কাপোৰৰ প্ৰয়োজন বেছি।