Chapter 15
আমাৰ সম্পদ
১। মানুহৰ কামত অহা বা উপকাৰত লগা বস্তুসমূহক কি বোলে ?
উত্তৰঃ মানুহৰ কামত অহা বা উপকাৰত লগা বস্তুসমূহক সম্পদ বোলে।
২। প্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা সম্পদবোৰক কি বোলে ?
উত্তৰঃপ্ৰাকৃতিক পৰিবেশৰ পৰা আহৰণ কৰা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে।
৩। অসমৰ কাজিৰঙা কিহৰ বাবে বিশ্ববিখ্য়াত ?
উত্তৰঃঅসমৰ কাজিৰঙা এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্য়াত।
৪। অসমৰ বনাঞ্চল কিহৰ বাবে বিখ্য়াত ?
উত্তৰঃ অসমৰ বনাঞ্চল জীৱ-জন্তু আৰু চৰাই বাবে বিখ্য়াত ।
৫। পৰিবেশ কি হৈ থাকিবৰ বাবে বনৰীয়া জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে ?
উত্তৰঃ পৰিবেশ নিকা হৈ থাকিবৰ বাবে বনৰীয়া জীৱ-জন্তু সংৰক্ষণ কৰিব লাগে।
৬। কি বঢ়াৰ লগে লগে গছ-গছনি কমি আহিছে ?
উত্তৰঃ জনসংখ্য়া বঢ়াৰ লগে লগে গছ-গছনি কমি আহিছে।
৭। ভূ-গৰ্ভৰ পৰা আহৰণ কৰা সম্পদসমূহ কি ?
উত্তৰঃ ভূ-গৰ্ভৰ পৰা আহৰণ কৰা সম্পদসমূহ হ’ল- খনিজাত বা খনিজ সম্পদ ।
৮। খাৰুৱা তেল কোন কেইখন ঠাই পৰা পোৱা যায় ?
উত্তৰঃ খাৰুৱা তেল অসম, মহাৰাষ্ট্ৰ, গুজৰাট ত পোৱা যায়।
৯। ভাৰতৰ প্ৰধান খনিজাত সম্পদ কি ?
উত্তৰঃ ভাৰতৰ প্ৰধান খনিজাত সম্পদ কয়লা।
১০। পানী নিজেই এবিধ কি?
উত্তৰঃ পানী নিজেই এবিধ সম্পদ।