Chapter 14
স্থানীয় শাসন প্ৰণালী
১। জিলাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয় ?
উত্তৰঃ জিলাৰ শাসনৰ গুৰিয়ালজনক উপায়ুক্ত বুলি কোৱা হয়।
২। মহকুমাৰ শাসনৰ গুৰিয়ালজনক কি বুলি কোৱা হয় ?
উত্তৰঃ মহকুমাৰ শাসনৰ গুৰিয়ালজনক ‘মহকুমাধিপতি’ বুলি কোৱা হয়।
৩। ভাৰতৰ ৰাজধানী কি ?
উত্তৰঃ ভাৰতৰ ৰাজধানী নতুন দিল্লী।
৪। কি সাধাৰণতে জিলা বা মহকুমাৰ সদৰ ঠাইতকৈ ডাঙৰ ?
উত্তৰঃ ৰাজ্য়ৰ ৰাজধানী সাধাৰণতে জিলা বা মহকুমাৰ সদৰ ঠাইতকৈ ডাঙৰ।
৫। সমিতিবোৰৰ সদস্য়সকলক কোনে নিৰ্বাচন কৰে ?
উত্তৰঃ সমিতিবোৰৰ সদস্য়সকলক জনসাধাৰণে নিৰ্বাচন কৰে।
৬। কাৰ জৰিয়তে জনসাধাৰণে নিজৰ শাসন নিজেই কৰে ?
উত্তৰঃ প্ৰতিনিধিসকলৰ জৰিয়তে জনসাধাৰণে নিজৰ শাসন নিজেই কৰে
৭। পৌৰ নিগমৰ মুৰব্বীজনক কি বুলি কোৱা হয় ?
উত্তৰঃ পৌৰ নিগমৰ মুৰব্বীজনক ‘মেয়ৰ’ বুলি কোৱা হয় ।
৮। গুৱাহাটী পৌৰ নিগমৰ বাবে কোনে এজন আয়ুক্ত নিযুক্ত কৰে ?
উত্তৰঃ গুৱাহাটী পৌৰ নিগমৰ বাবে চৰকাৰে এজন আয়ুক্ত নিযুক্ত কৰে ।
৯। ১০,০০০ ৰ ওপৰৰ জনসংখ্য়া থকা নগৰৰ বাবে কি গঠন কৰা হয় ?
উত্তৰঃ ১০,০০০ ৰ ওপৰৰ জনসংখ্য়া থকা নগৰৰ পৌৰসভা গঠন কৰা হয় ।
১০। নগৰ সমিতিৰ কাৰ্যকাল কিমান বছৰ ?
উত্তৰঃ নগৰ সমিতিৰ কাৰ্যকাল ৫ বছৰ ।