Chapter 12
ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু অসম
১। ইংৰাজসকলে ভাৰতবৰ্ষত শাসন কৰিবলৈ লোৱাৰে পৰা ভাৰতীয়সকলৰ কি নোহোৱা হ’ল?
উত্তৰ- ইংৰাজসকলে ভাৰতবৰ্ষত শাসন কৰিবলৈ লোৱাৰে পৰা ভাৰতীয়সকলৰ আলৈ-আহুকালৰ অন্ত নোহোৱা হ’ল।
২। ইংৰাজসকলে ভাৰতৰ সকলো কি নিজ দেশলৈ লুটি নিয়াৰ ব্য়ৱস্থা কৰিছিল ?
উত্তৰ- ইংৰাজসকলে ভাৰতৰ সকলো ধন-সম্পদ নিজ দেশলৈ লুটি নিয়াৰ ব্য়ৱস্থা কৰিছিল।
৩। কি শাসনৰ অন্ত পেলাবৰ বাবে এক দীঘলীয়া সংগ্ৰাম আৰম্ভ কৰিছিল ?
উত্তৰ- ইংৰাজৰ শাসনৰ অন্ত পেলাবৰ বাবে এক দীঘলীয়া সংগ্ৰাম আৰম্ভ কৰিছিল ।
৪। কিমানত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ?
উত্তৰ- ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল ।
৫। কিমান চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হৈছিল ?
উত্তৰ- ১৮২৬ চনত অসমত ইংৰাজসকলৰ শাসন আৰম্ভ হৈছিল ।
৬। ইংৰাজসকলৰ পূৰ্বে কিমান বছৰ অসমত আহোমসকলে শাসন কৰিছিল ?
উত্তৰ- ইংৰাজসকলৰ পূৰ্বে প্ৰায় ছশ বছৰ অসমত আহোমসকলে শাসন কৰিছিল ।
৭। কিমান খ্ৰীষ্টাব্দত প্ৰথম মহাবিদ্ৰোহ হৈছিল ?
উত্তৰ- ১৮৫৭ খ্ৰীষ্টাব্দত প্ৰথম মহাবিদ্ৰোহ হৈছিল।
৮। কাৰ ৰচিত ‘দলিপুৰাণ’ত পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায় ?
উত্তৰ- নৰোত্তম দাসৰ ৰচিত ‘দলিপুৰাণ’ত পথৰুঘাটৰ ৰণৰ বিস্তৃত বিৱৰণ পোৱা যায়।
৯। শিক্ষিত অসমীয়া লোকৰ কি বৃদ্ধিৰ লগে লগে অসমত এক নতুন চিন্তাধাৰাৰ আৰম্ভ হয় ?
উত্তৰ- শিক্ষিত অসমীয়া লোকৰ সংখ্য়া বৃদ্ধিৰ লগে লগে অসমত এক নতুন চিন্তাধাৰাৰ আৰম্ভ হয় ।
১০। কিমান চনত গান্ধীজীয়ে আন্দোলনৰ কামত অসম ভ্ৰমণ কৰিছিল ?
উত্তৰ- ১৯২১ চনত গান্ধীজীয়ে আন্দোলনৰ কামত অসম ভ্ৰমণ কৰিছিল।