Chapter 11
ভাৰতৰ সংস্কাৰ আন্দোলন
১। ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ সমাজ ব্য়ৱস্থাত নানাধৰণৰ কি প্ৰচলন আছিল ?
উত্তৰঃ ব্ৰিটিছ শাসনৰ সময়ত ভাৰতৰ সমাজ ব্য়ৱস্থাত নানাধৰণৰ কু-প্ৰথাৰ প্ৰচলন আছিল।
২। কিমান চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল ?
উত্তৰঃ ১৮২৮ চনত ৰাজা ৰামমোহন ৰায়ে ব্ৰাহ্ম সমাজ স্থাপন কৰিছিল ।
৩। কিমান চনত মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰিছিল ?
উত্তৰঃ ১৯১৬ চনত মহাৰাষ্ট্ৰৰ পুণে চহৰত পোন প্ৰথমবাৰৰ বাবে মহিলাৰ কাৰণে পৃথক বিদ্য়ালয় স্থাপন কৰিছিল ।
৪। কিমান চনত কেশৱ চন্দ্ৰ সেনৰ আহোপুৰুষাৰ্থৰ ফলত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ গঠন কৰিছিল ?
উত্তৰঃ ১৮৬৭ চনত কেশৱ চন্দ্ৰ সেনৰ আহোপুৰুষাৰ্থৰ ফলত মহাৰাষ্ট্ৰত প্ৰাৰ্থনা সমাজ গঠন কৰিছিল।
৫। প্ৰাৰ্থনা সমাজৰ মুখ্য় পৃষ্ঠপোষকত কোন কোন আছিল ?
উত্তৰঃ প্ৰাৰ্থনা সমাজৰ মুখ্য় পৃষ্ঠপোষকত ৰামকৃষ্ণ গোপাল ভাণ্ডাৰকাৰ আৰু মহাদেৱ গোৱিন্দ ৰাণাডে আছিল ।
৬। কাৰ চেষ্টাত আৰ্য সমাজ স্থাপন কৰা হৈছিল ?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীৰ চেষ্টাত আৰ্য সমাজ স্থাপন কৰা হৈছিল ।
৭। কোনে অহিন্দুসকলক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ অনুমতি দিছিল?
উত্তৰঃ আৰ্য সমাজে অহিন্দুসকলক হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ অনুমতি দিছিল।
৮। দয়ানন্দ সৰস্বতীৰ সংস্কৃতৰ কি আছিল ?
উত্তৰঃ দয়ানন্দ সৰস্বতীৰ সংস্কৃতৰ এগৰাকী বিদগ্ধ পণ্ডিত আছিল।
৯। কিমান চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল ?
উত্তৰঃ ১৮৯৬ চনত স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছন স্থাপন কৰিছিল ।
১০। কিহৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ থকা উচিত নহয় ?
উত্তৰঃ ধৰ্মৰ ভিত্তিত মানুহৰ মাজত কোনো ধৰণৰ ভেদাভেদ থকা উচিত নহয় ।