Chapter 10
আমাৰ দেশ সংস্কৃতি
১। ব্য়াপক অৰ্থত মানুহৰ সমগ্ৰ জীৱনধাৰাক কি বোলা হয় ?
উত্তৰঃ ব্য়াপক অৰ্থত মানুহৰ সমগ্ৰ জীৱনধাৰাক সংস্কৃতি বোলা হয়।
২। অসমীয়া মানুহৰ কি সংস্কৃতি ?
উত্তৰঃ অসমীয়া মানুহৰ অসমীয়া সংস্কৃতি ।
৩।পৰৱৰ্তী কালছোৱাত কি কি নগৰক কেন্দ্ৰ কৰি ভাৰতত নগৰ সভ্য়তা গঢ়ি উঠিছিল ?
উত্তৰঃ পৰৱৰ্তী কালছোৱাত হৰপ্পা আৰু মহেঞ্জোদাৰো নগৰক কেন্দ্ৰ কৰি ভাৰতত নগৰ সভ্য়তা গঢ়ি উঠিছিল ।
৪। ভাৰতত মুঠ কি কি ভাষা প্ৰচলন আছে ?
উত্তৰঃ ভাৰতত মুঠ ১৬৫২ টা ভাষা আৰু অন্য়ান্য় উপ-ভাষাৰ প্ৰচলন আছে।
৫। কি ভাষাৰ পৰাই ভাৰতৰ অধিকাংশ আঞ্চলিক ভাষাই বিকাশ লাভ কৰিছে ?
উত্তৰঃ সংস্কৃতি ভাষাৰ পৰাই ভাৰতৰ অধিকাংশ আঞ্চলিক ভাষাই বিকাশ লাভ কৰিছে।
৬।বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা কেইটা ?
উত্তৰঃ বৰ্তমান ভাৰতৰ সংবিধান স্বীকৃত ভাষা ২২ টা ।
৭। ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত কি কি আটাইতকৈ পুৰণি ভাষা ?
উত্তৰঃ ভাৰতৰ জীৱিত ভাষাবোৰৰ ভিতৰত তামিল আৰু সংস্কৃত আটাইতকৈ পুৰণি ভাষা।
৮। কি এখন ধৰ্ম নিৰপেক্ষ দেশ ?
উত্তৰঃ ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ।
৯। ভাৰতত বিভিন্ন ধৰ্মৰ কি আছে ?
উত্তৰঃ ভাৰতত বিভিন্ন ধৰ্মৰ প্ৰচলন আছে ।
১০। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন আছিল ?
উত্তৰঃ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক বুদ্ধদেৱ আছিল।