Chapter 2
আমাৰ অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) বিদ্য়ালয়ৰ শিক্ষা শেষ হোৱাৰ পাছত ছাত্ৰ-ছাত্ৰীয়ে ক’ত অধ্যয়ন কৰে?
উত্তৰঃ বিদ্য়ালয়ৰ শিক্ষা শেষ হোৱাৰ পিছত ছাত্ৰ-ছাত্ৰীয়ে মহাবিদ্য়ালয়ত অধ্য়ন কৰে।
(খ) মহাবিদ্য়লয়ৰ মুৰব্বীজনক কি বুলি জনা যায়?
উত্তৰঃ মহাবিদ্য়লয়ৰ মুৰব্বীজনক অধ্য়ক্ষ বুলি জনা যায়।
(গ) ডাকঘৰৰ যোগেদি কি আদান-প্ৰদান কৰা হয়?
উত্তৰঃ ডাকঘৰৰ যোগেদি টকা-পইচা, চিঠি-পত্ৰ আদি বিভিন্ন ধৰণৰ বস্ততুৰ আদান-প্ৰদান কৰা হয়।
(ঘ) সুলভ মূল্য়ৰ দোকানত আজিকালি কি নামেৰে জনা যায়?
উত্তৰঃ সুলভ মূল্য়ৰ দোকানক আজিকালি আমাৰ দোকান বুলি জনা যায়।
(ঙ) চিকিৎসালয়ৰ পৰা আমাৰ কি উপকাৰ হয়?
উত্তৰঃ চিকিৎসালয়ৰ পৰা আমি বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰাৰ উপৰি বিনামূলীয়া ঔষধ পাতিও পাওঁ। তাৰোপৰি পশুৰ চিকিৎসাও কৰাব পাৰো।
(চ) বেংকে আমাৰ কি উপকাৰ কৰে?
উত্তৰঃ বেংকসমূহত আমি নিৰাপদে ধন জমা থোৱাৰ উপৰি বিনিময়ত আমি সুদো লাভ কৰোঁ। তাৰোপৰি বেংকে ব্য়ৱসায়, উদ্য়োগ, গৃহ নিৰ্মাণ, কৃষি আদিৰ বাবে ধন ধাৰে অথবা ঋণ দিয়ে।
(ছ) পুথিভঁৰালে ছাত্ৰ-ছাত্ৰীক কেনেকৈ সহায় কৰে?
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ভাল লগা সকলো কিতাপ নিজে কিনি পঢ়িব নোৱাৰে। পুথিভঁৰালৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ৰুচি অনুসৰি কিচতাপ ধাৰলৈ নি পঢ়িব পাৰে।
(জ) সত্ৰৰ মুৰব্বীজনক কি বোলা হয়?
উত্তৰঃ সত্ৰৰ মুৰব্বীজনক সত্ৰাধিকাৰ বুলি কোৱা হয়।
২। সঁচা/মিছা লিখা-
(ক) বেংক চিঠি-পত্ৰ আদান-প্ৰদান কৰে।
উত্তৰঃ মিছা।
(খ) ডাকঘৰত পইচা জমা থ’ব পাৰি।
উত্তৰঃ সঁচা।
(গ) সুলভ মূল্য়ৰ দোকানত কম দামত অত্য়াৱশ্যকীয় বস্তু কিনিব পাৰি।
উত্তৰঃ সঁচা।
(ঘ) আৰক্ষী চকীয়ে শান্তি-শৃংখলা ৰক্ষা কৰাত সহায় কৰে।
উত্তৰঃ সঁচা।
(ঙ) আমাৰ পোহনীয়া জন্তবোৰ চৰকাৰী পশু চিকিৎসালয়ত চিকিৎসা কৰাব পাৰোঁ।
উত্তৰঃ সঁচা।
(চ) পুথিভঁৰালত টকা-পইচা জমা থোৱা হয়।
উত্তৰঃ মিছা।
(ছ) সমবায় সমিতিসমূহ কেৱল এজন মানুহক লৈ গঠিত।
উত্তৰঃ মিছা।
(জ) কৃষি কৰ্মৰ বাবে সমবায় সমিতি গঠন কৰিব নোৱাৰি ।
উত্তৰঃ সঁচা।
(ঝ) চৰকাৰৰ দ্বাৰা অনুমোদিত দোকানক সুলভ মূল্য়ৰ দোকান বোলা হয়।
উত্তৰঃ সঁচা।
৩। খালী ঠাই পূৰণ কৰা-
(ক) গাঁওসমূহত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে।
(খ) পুথিভঁৰাল হ’ল কিতাপৰ ৰ ঘৰ।
(গ) চিঠি-পত্ৰ বিলোৱা মানুহজনক পিয়ন বোলে।
(ঘ) বেংকসমূহক ৰিজাৰ্ভ বেংকে পৰিচালনা কৰে।
(ঙ) ডাকঘৰ পৰিচালনা কৰা ব্য়ক্তিজনক প’ষ্ট মাষ্টাৰ বোলা হয়।
৪। চমুটোকা লিখা-
(ক) পুথিভঁৰালঃ পুথিভঁৰাল হ’ল কিতাপৰ ঘৰ। আমাৰ দেশৰ প্ৰতিখন জিলা সদৰতে পুথিভঁৰাল আছে। পুথিভঁৰালত বিভিন্ন বিষয়ৰ পুথিবোৰ জমা কৰি থোৱা হয়। পুথিভঁৰালৰ পৰা কিতাপ ধৰলৈ নিয়া আৰু ঘূৰাই দিয়াৰ বাবে কিছুমান নীতি-নিয়ম ধাৰ্য কৰা থাকে।
(খ)আৰক্ষী চকীঃ একোটা নিৰ্দিষ্ট অঞ্চলৰ আইন-শৃংখলা অটুট ৰাখি জনসাধাৰণক নিৰাপত্তা প্ৰদানৰ উদ্দেশ্য় কিছুসংখ্য়ক আৰক্ষীক দায়িত্ব দি চৰকাৰীভাৱে স্থাপিত অনুষ্ঠানকে আৰক্ষী থানা বা আৰক্ষী চকী বোলা হয়। আমাৰ দেশৰ প্ৰতিখন ৰাজ্য়তে সুকীয়াকৈ আৰক্ষী বাহিনী আছে।
(গ) বিদ্য়ালয়ঃ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰিবলৈ আমাক যি অনুষ্ঠানৰ প্ৰয়োজন তাকেই বিদ্য়ালয় বোলে। ইয়াৰে কিছুমান চৰকাৰী আৰু কিছুমান বেচৰকাৰী। প্ৰাক প্ৰাথমিক, প্ৰাথমিক মজলীয়া, উচ্চ মাধ্য়মিক আৰু উচ্চতৰ মাধ্য়মিক বিদ্য়ালয় আদি।
(ঘ) চিকিৎসালয়ঃ আমাৰ বেমাৰ-আজাৰ নিৰাময়ৰ চিকিৎসা বিধান দিবলৈ থকা অনুষ্ঠানসমূহক চিকিৎসালয় বোলে। চিকিৎসালয়সমূহ চৰকাৰী আৰু বেচৰকাৰী দুই ধৰণৰ থাকে। গাওঁ সমূহত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ আছে। নগৰসমূহত ডাঙৰ ডাঙৰ চিকিৎসালয় আছে। চিকিৎসালয় সমূহত জ্বৰ, কাহ, পানীলগা, পেটৰ অসুখ আদি নিৰাময়ৰ নিদান দিয়াৰ লগতে হাড়ভগা, যক্ষ্মা, হৃৎপিণ্ডৰ ৰোগ, কেন্সাৰ, মানসিক ৰোগ আদিৰ দৰে জটিল ৰোগৰ চিকিৎসা কৰে।