Chapter 10
বায়ুৰ ধৰ্ম
১. উদ্ভিদ সকলোৱে উশাহত কি গ্ৰহণ কৰে ?
উত্তৰ :- উদ্ভিদ সকলোৱে উশাহত বায়ু গ্ৰহণ কৰে।
২. বায়ু আবিহনে জীৱ জীৱাই থাকিব পাৰে নে ?
উত্তৰ :- বায়ু আবিহনে জীৱ জীৱাই থাকিব পাৰে নোৱাৰে।
৩. আমাৰ পৃথিৱীখনক কিহে আৱৰি আছে ?
উত্তৰ :- আমাৰ পৃথিৱীখনক বায়ু আৱৰি আছে।
৪. বায়ুমণ্ডল কাক বোলে ?
উত্তৰ :- আমাৰ পৃথিৱীখনৰ বায়ুৰ এটা আৱৰণে আগুৰি আছে। ইয়াক বায়ুমণ্ডল বোলে।
৫. বায়ু আমি চকুৰে দেখো নে ?
উত্তৰ :- বায়ু আমি চকুৰে দেখো নেদেখো।
৬. বায়ুৰ আমি কি দেখিবলৈ পাওঁ ?
উত্তৰ :- বায়ুৰ আমি ক্ৰিয়া-কলাপবোৰহে দেখিবলৈ পাওঁ।
৭. বায়ু এবিধ কি পদাৰ্থ ?
উত্তৰ :- বায়ু এবিধ গেছীয় পদাৰ্থৰ মিশ্ৰণ।
৮. বায়ুত আধিক পৰিমাণে কি কি থাকে ?
উত্তৰ :- বায়ুত আধিক পৰিমাণে নাইট্ৰ’জেন আৰু অক্সিজেন গেছ থাকে।
৯. বায়ুত কম পৰিমাণে কি কি থাকে ?
উত্তৰ :- বায়ুত কম পৰিমাণে কাৰ্বন -ডাই-অক্সাইড, আৰ্গন আৰু জলীয় বাষ্প থাকে।
১০. বায়ুত একেবাৰে কম পৰিমাণে কি কি থাকে ?
উত্তৰ :- বায়ুত একেবাৰে কম পৰিমাণে নিয়ন, হিলিয়াম, ক্ৰিপটন আৰু জেনন।
১১. বায়ুত কি উৰি থাকে ?
উত্তৰ :- বায়ুত ঘূলিকণাও উৰি থাকে।
১২. বায়ুত কিমান ভাগ অক্সিজেনৰ থাকে ?
উত্তৰ :- বায়ুত ২১ ভাগ অক্সিজেন থাকে।
১৩. বায়ুত কিমান ভাগ নাইট্ৰ’জেনৰ থাকে ?
উত্তৰ :- বায়ুত ৭৮ ভাগ নাইট্ৰ’জেন থাকে।
১৪. বায়ুত কিমান ভাগ কাৰ্বন-ডাই-অক্সাইড থাকে ?
উত্তৰ :- বায়ুত .০৩ ভাগ কাৰ্বন-ডাই-অক্সাইড থাকে।
১৫. আৰ্গনকে ধৰি অন্য়ান্য় কি এক থাকে ?
উত্তৰ :- আৰ্গনকে ধৰি অন্য়ান্য় গেছ এক থাকে।
১৬. বায়ুৱে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ কি পালন কৰে ?
উত্তৰ :- বায়ুৱে আমাৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
১৭. বায়ুৰ ওজন আছে নে ?
উত্তৰ :- বায়ুৰ ওজন আছে।
১৮. বায়ুৱে কোনবোৰ ঠাই অধিকাৰ কৰে ?
উত্তৰ :- বায়ুৱে খালী ঠাই অধিকাৰ কৰে।
১৯. বায়ু বৰ কি হয় ?
উত্তৰ :- বায়ু বৰ সেৰেঙা বা পাতল হয়।
২০. বায়ুৰ তাপ বাঢ়িলে কি বাঢ়ে ?
উত্তৰ :- বায়ুত তাপ বাঢ়িলে চাপ বাঢ়ে।