Chapter 17
বতৰ আৰু জলবায়ু
১। জলবায়ু হ’ল এখন ঠাইৰ কমেও কিমান বছৰৰ গড় অৱস্থা ?
উত্তৰঃ জলবায়ু হ’ল এখন ঠাইৰ কমেও ৩০-৪০ বছৰৰ গড় অৱস্থা ।
২। জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱা ভৌগালিক কাৰক দুটাৰ নাম লিখা।
উত্তৰঃ জলবায়ুৰ ওপৰত প্ৰভাৱ পেলোৱা ভৌগালিক কাৰক দুটাৰ নাম হ’ল- ১। অক্ষাংশ ২। উচ্চতা ।
৩। অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখন কেইটামান কিহত বিভক্ত ?
উত্তৰঃ অক্ষাংশৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীখন কেইটামান তাপমণ্ডলত বিভক্ত ।
৪। কি মণ্ডলত বছৰৰ সকলো সময়তে সূৰ্যৰ পোহৰ লম্বভাৱে পৰে ?
উত্তৰঃউষ্ণ মণ্ডলত বছৰৰ সকলো সময়তে সূৰ্যৰ পোহৰ লম্বভাৱে পৰে ।
৫। কোনটো মণ্ডলত বছৰৰ ছমাহ সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ পোহৰ নপৰে ?
উত্তৰঃ হিমমণ্ডলত বছৰৰ ছমাহ সূৰ্যৰ পোহৰ অতি হেলনীয়াকৈ পৰে আৰু ছমাহ সূৰ্যৰ পোহৰ নপৰে ।
৬। উচ্চতা অনুসৰি কেইখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ?
উত্তৰঃ উচ্চতা অনুসৰি দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ।
৭। গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব কিমান কিলোমিটাৰ ?
উত্তৰঃ গুৱাহাটীৰ পৰা ছিলঙৰ দূৰত্ব ১০০ কিলোমিটাৰ ।
৮। চৰম জলবায়ু মানে কি ?
উত্তৰঃ চৰম জলবায়ু মানে হ’ল গৰমৰ দিনত উৎকট গৰম আৰু শীতল ভীষণ চেঁচা ।
৯। ক্ৰান্তীয় অঞ্চলৰ জলবায়ুক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে ?
উত্তৰঃ ক্ৰান্তীয় অঞ্চলৰ জলবায়ুক ৪ টা প্ৰধান ভাগত ভগ কৰা হৈছে ।
১০। বিষুৱীয় জলবায়ুৰ অন্তৰ্গত ঠাইদুখনৰ নাম লিখা ।
উত্তৰঃ বিষুৱীয় জলবায়ুৰ অন্তৰ্গত ঠাইদুখনৰ নাম হ’ল মালয়ছিয়া আৰু পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ ।
১১। গ্ৰীষ্মকালৰ উষ্ণতা গড় কিমান ডিগ্ৰী ছেলছিয়াজ ?
উত্তৰঃ গ্ৰীষ্মকালৰ উষ্ণতা গড় ৩৮ ডিগ্ৰী ছেলছিয়াজ।
১২। গ্ৰীষ্মৰ শেষৰ ফালে বৰষুণ হয় আৰু শীতকালত একেবাৰে কি হয় ?
উত্তৰঃ গ্ৰীষ্মৰ শেষৰ ফালে বৰষুণ হয় আৰু শীতকালত একেবাৰে খৰাং হয় ।
১৩। এবিধ তৃণভূজি প্ৰাণীৰ নাম লিখা ।
উত্তৰঃ এবিধ তৃণভূজি প্ৰাণীৰ নাম হ’ল- হৰিণা ।
১৪। মৰুদ্যান বা ৱেছিছ কাক বোলে ?
উত্তৰঃ মৰুভূমিবোৰত অ’ত-ত’ত দুই-এজোপা কাঁইটীয়া গছহে দেখা যায় । কৰবাত ভূমিগত জলৰ বাবে অলপ-অচৰপ উদ্ভিদ দেখা যায় এনে উদ্ধিদ থকা অঞ্চলক মৰুদ্যান বা ৱেছিছ বোলে ।
১৫। ছিলং সাগৰপৃষ্ঠৰপৰা প্ৰায় কিমান মিটাৰ উচ্চতাত অৱস্থিত ?
উত্তৰঃ ছিলং সাগৰপৃষ্ঠৰপৰা প্ৰায় ১৬০০ মিটাৰ উচ্চতাত অৱস্থিত ।
১৬। সাগৰীয়া সোঁতৰ প্ৰভাৱটো কেইখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ?
উত্তৰঃ সাগৰীয়া সোঁতৰ প্ৰভাৱটো দুখন ঠাইৰ জলবায়ু বেলেগ বেলেগ হয় ।
১৭। বতৰ আৰু কিহৰ জলবায়ু একে নহয় ?
উত্তৰঃ বতৰ আৰু জলবায়ুৰ একে নহয় ।
১৮। ন’ৰৱেকহে মাজৰাতিও সূৰ্য দেখা পোৱা দেশ বুলি কিয় কোৱা হয় ?
উত্তৰঃ ন’ৰৱেকহে মাজৰাতিও সূৰ্য দেখা পোৱা কাৰণ হ’ল যে তাত মানুহ স্থায়ী ভাৱে থাকিব পৰা পৰিৱেশষ এটা আছে ।
১৯। বতৰ লগত জলবায়ু কি ভাৱে জড়িত ?
উত্তৰঃ বতৰ লগত জলবায়ু ওতপ্ৰোতভাৱে জড়িত ।
২০। গ্ৰীষ্মকালৰ উষ্ণতা কিমান ডিগ্ৰী ছেলছিয়াজ ?
উত্তৰঃ গ্ৰীষ্মকালৰ উষ্ণতা ১০ ডিগ্ৰী ছেলছিয়াজ ।