Chapter 9
সংবিধান আমাৰ অধিকাৰ, আমাৰ কৰ্তব্য
১। ভাৰতীয় সংবিধানখন মুঠ কেইটা ভাগত ভাগ কৰা হৈছে ?
উত্তৰঃ ভাৰতীয় সংবিধানখন মুঠ ২২ টা ভাগত ভাগ কৰা হৈছে।
২। চৰকাৰৰ মুৰব্বীজন কি ?
উত্তৰঃ চৰকাৰৰ মুৰব্বীজন হ’ল প্ৰধান মন্ত্ৰী।
৩। বৰ্তমান ভোটাধিকাৰ নিম্নতম বয়স কিমান বছৰ ?
উত্তৰঃ বৰ্তমান ভোটাধিকাৰ নিম্নতম বয়স ১৮ বছৰ।
৪। নিৰ্দেশাত্মক নীতিবোৰক কেইটা ভাগত ভগাব পাৰি ?
উত্তৰঃ নিৰ্দেশাত্মক নীতিবোৰক ৪ টা ভাগত ভগাব পাৰি।
৫। কোনখন বিধানক সংবিধান বুলি জনা যায় ?
উত্তৰঃ দেশৰ জনসাধাৰণ আৰু ৰাষ্ট্ৰ পৰিচালনা বাবে থকা বিধি-বিধানক সংবিধান বুলি জনা যায় ।
৬। ২৬ জানুৱাৰী দিনটোক কি দিৱস বুলি জনা যায় ?
উত্তৰঃ ২৬ জানুৱাৰী দিনটোক গণৰাজ্য দিৱস বুলি জনা যায় ।
৭। ভাৰতবৰ্ষ এখন কি দেশ ?
উত্তৰঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপক্ষ দেশ।
৮। মৌলিক অধিকাৰসমূহৰ ভিতৰত কোনটো অধিকাৰ অন্যতম ?
উত্তৰঃ মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতা অধিকাৰ অন্যতম ।
৯। ১৫ মাৰ্চ তাৰিখটো কি অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ?
উত্তৰঃ ১৫ মাৰ্চ তাৰিখটো গ্ৰাহক অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ।
১০। মৌলিক অধিকাৰ কেইটা ?
উত্তৰঃ মৌলিক অধিকাৰ ছয়টা ।
১১। মৌলিক কৰ্তব্যসমূহে কিমান চনৰ পৰা সাংবিধানিক আইন মৰ্যদা লাভ কৰে ?
উত্তৰঃ মৌলিক কৰ্তব্যসমূহে ১৯৭৬ চনৰ পৰা সাংবিধানিক আইন মৰ্যদা লাভ কৰে ।
১২। সংবিধান সভাখনৰ সভাপতি কোন আছিল ?
উত্তৰঃ সংবিধান সভাখনৰ সভাপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ আছিল ।
১৩। সংবিধানক ৰাষ্ট্ৰ এখনৰ কি বুলিব পাৰি ?
উত্তৰঃ সংবিধানক ৰাষ্ট্ৰ এখনৰ আইন বুলিব পাৰি ।
১৪। সংবিধান সভাখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰবিবৰ বাবে কি সমিতি গঠন কৰিছিল ?
উত্তৰঃ সংবিধান সভাখনে সংবিধানৰ খচৰা প্ৰস্তুত কৰিবৰ বাবে সাতজীয়া এখন খচৰা সমিতি গঠন কৰিছিল ।
১৫। কিমান চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰী বিশুদ্ধ নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয় ?
উত্তৰঃ ১৯৩৭ চনৰ কৃষিজাত উৎপাদন আইন অনুযায়ী খাদ্য-সামগ্ৰী বিশুদ্ধ নিৰ্ণয় কৰি এগমাৰ্ক মৰা হয় ।
১৬। গ্ৰাহক সুৰক্ষা আইন কিমান চনত প্ৰৱৰ্তন কৰা হয় ?
উত্তৰঃ গ্ৰাহক সুৰক্ষা আইন ১৯৮৬ চনত প্ৰৱৰ্তন কৰা হয়।
১৭। ভাৰতত জাতি-জনজাতিৰ কি আছে ?
উত্তৰঃ ভাৰতত জাতি-জনজাতিৰ নিজা ভাষা, কৃষ্টি, সংস্কৃতি আছে ।
১৮। ভাৰতীয় শাসন ব্যৱস্থাক কি ব্যৱস্থা বুলি কোৱা হয় ?
উত্তৰঃ ভাৰতীয় শাসন ব্যৱস্থাক সংসদীয় শাসন ব্যৱস্থা বুলি কোৱা হয় ।
১৯। কোনখন সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান ?
উত্তৰঃ ভাৰতীয় সংবিধান পৃথিৱীৰ আটাইতকৈ দীঘলীয়া সংবিধান ।
২০। ভাৰতীয় সংবিধানখন কি সংবিধান ?
উত্তৰঃ ভাৰতীয় সংবিধানখন লিখিত সংবিধান ।