Chapter 8
কোষ-গঠন আৰু কাৰ্য
১. এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক কি বোলে ?
উত্তৰঃ এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক বহুকোষী জীৱ বোলে।
২. এটা কোষেৰে গঠিত জীৱক কি বুলি কোৱা হয় ?
উত্তৰঃ এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ বুলি কোৱা হয়।
৩. এটা কোষৰ জীৱই বহুকোষী জীৱৰ দৰেই প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে নে নোৱাৰে?
উত্তৰঃ এটা কোষৰ জীৱই বহুকোষী জীৱৰ দৰেই প্ৰয়োজনীয় সকলো কাম কৰিব পাৰে।
৪. কিমান মাইক্ৰ’মিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায় ?
উত্তৰঃ ০.১ ৰ পৰা ০.৫মাইক্ৰ’মিটাৰৰ আটাইতকৈ সৰু কোষটো বেক্টেৰিয়াত পোৱা যায়।
৫. কোষপ্ৰৰস আৰু কোষকেন্দ্ৰক যি কোষাৱৰণে আৱৰি ধৰি ৰাখে, তাক কি বুলি কোৱা হয় ?
উত্তৰঃ কোষপ্ৰৰস আৰু কোষকেন্দ্ৰক যি কোষাৱৰণে আৱৰি ধৰি ৰাখে, তাক প্লাজমাবেৰ বুলি কোৱা হয়।
৬. বেৰবোৰে কোষবোৰক এটাৰ পৰা আনটো লগতে চাৰিওফালৰ মাধ্যমৰ পৰাও পৃথক কৰি ৰাখে নে ?
উত্তৰঃ বেৰবোৰে কোষবোৰক এটাৰ পৰা আনটো লগতে চাৰিওফালৰ মাধ্যমৰ পৰাও পৃথক কৰি ৰাখে।
৭. অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত কি বুলি কোৱা হয় ?
উত্তৰঃ অংগ কিছুমান সৰু অংশৰ দ্বাৰা গঠিত কলা বুলি কোৱা হয় ।
৮. উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনো সম্বন্ধ আছে নে নাই?
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ শৰীৰৰ আকাৰৰ লগত কোষৰ আকাৰৰ কোনো সম্বন্ধ নাই।
৯. কভাৰ শ্লিপৰ ভিতৰত বায়ুৰ কণিকা থাকে নে নাথাকে?
উত্তৰঃ কভাৰ শ্লিপৰ ভিতৰত বায়ুৰ কণিকা নাথাকে।
১০. পিয়াঁজৰ কোষৰ অন্তৰ্ভাগ কিহে আৱৰি থাকে ?
উত্তৰঃ পিয়াঁজৰ কোষৰ অন্তৰ্ভাগ কোষাৱৰণে আৱৰি থাকে।
১১. কোষাৱৰণক আন এখন ডাঠ আৱৰণে আৱৰি থাকে তাক কি বুলি কোৱা হয় ?
উত্তৰঃ কোষাৱৰণক আন এখন ডাঠ আৱৰণে আৱৰি থাকে তাক কোষবেৰ বুলি কোৱা হয়।
১২. নিউক্লিয়াছ আৰু কোযাৱৰণৰ মাজত থকা জেলিৰ দৰে পদাৰ্থখিনিক কি বোলে ?
উত্তৰঃ নিউক্লিয়াছ আৰু কোযাৱৰণৰ মাজত থকা জেলিৰ দৰে পদাৰ্থখিনিক কোষপ্ৰৰস বোলে।
১৩. প্ৰণীৰ কোষত কোষবেৰ থাকে নে নাথাকে ?
উত্তৰঃ প্ৰণীৰ কোষত কোষবেৰ নাথাকে।
১৪. জীৱৰ প্ৰট’প্লাজমক কোষবোৰক কি বুলি কোৱা হয়?
উত্তৰঃ জীৱৰ প্ৰট’প্লাজমক কোষবোৰক দ্ৰব্য় বুলি কোৱা হয়।
১৫. জীৱৰ বংশানুক্ৰমৰ আধাৰ কি ?
উত্তৰঃ জীৱৰ বংশানুক্ৰমৰ আধাৰ হল-জিন।
১৬. কোষৰ বিভাজন হয় তেতিয়া ক্ৰম’জমসমূহ স্পষ্টকৈ দেখা পোৱা ?
উত্তৰঃ যায়।
১৭.কিমান চনত ৰবাৰ্ট হুকে এডোখৰ কৰ্কত কোষবোৰ পৰ্যবেক্ষণ কৰিছিল ?
উত্তৰঃ ১৬৬৫ চনত ৰবাৰ্ট হুকে এডোখৰ কৰ্কত কোষবোৰ পৰ্যবেক্ষণ কৰিছিল ।
১৮. গছৰ পাতত সালোক সংশ্লেষণ হৈ কি প্ৰস্তুত হয় ?
উত্তৰঃ গছৰ পাতত সালোক সংশ্লেষণ হৈ খাদ্য প্ৰস্তুত হয় ।
১৯. সকলো জীৱ সৰু সৰু অংশৰ দ্বাৰা গঠিত তাক কি বুলি কোৱা হয় ?
উত্তৰঃ সকলো জীৱ সৰু সৰু অংশৰ দ্বাৰা গঠিত তাক অংগ বুলি কোৱা হয় ।
২০. এটা জীৱৰ মৌলিক জীৱিত একক হ’ল অংগ সত্য় নে অসত্য়?
উত্তৰঃ এটা জীৱৰ মৌলিক জীৱিত একক হ’ল অংগ অসত্য়।
২১. প্ৰত্য়েক অংগ কিছুমান সৰু সৰু অংশৰ দ্ধাৰা গঠিত আৰু ইয়াকে কি বোলে?
উত্তৰঃ প্ৰত্য়েক অংগ কিছুমান সৰু সৰু অংশৰ দ্ধাৰা গঠিত আৰু ইয়াকে কলা বোল।
২২. কোষবোৰ কাক বোলে?
উত্তৰঃ উদ্ভিদ কোষৰ কোষাৱৰণৰ বাহিৰত এখন ডাঠ তৰপ পোৱা যায় ।ইয়াকে কোষবেৰ বোলে।
২৩.কোষপ্ৰৰস কাক বোলে?
উত্তৰঃ নিউক্লিয়াছ আৰু কোষাৱৰণৰ মাজত থকা জেলিৰ দৰে পদাৰ্থখিনিক কোষপ্ৰৰস বোলে।
২৪.কোষকেন্দ্ৰ বা নিউক্লিয়াছ কাক বোলে?
উত্তৰঃ কোষাৱৰণৰ মাজৰ ঘন ঘূৰণীয়া আকৃতিৰ অংগটাক কোষকেন্দ্ৰ বা নিউক্লিয়াছ বোলে।
২৫.কোষকেন্দ্ৰীয় আৱৰণ কাক বোলে?
উত্তৰঃ এখন আৱৰণে কোষ কেন্দ্ৰক কোষপ্ৰৰসৰ পৰা পৃথক কৰিছে।এই আৱৰণ খনকে কোষকেন্দ্ৰীয় আৱৰণ বোলে।
২৬. অতিকোষকেন্দ্ৰ কাক বোলে ?
উত্তৰঃ উচ্চ শক্তি সম্পন্ন অণুবীক্ষণ যন্তৰ সহায়ত কোষকেন্দ্ৰত এটা সৰু গোলাকাৰ অংশ দেখা পাওঁ ।ইয়াকে .অতিকোষকেন্দ্ৰ বোলে।
২৭. প্লাষ্টিড কাক বোলে?
উত্তৰঃ ট্ৰেডেছকেনচিয়া পাতৰ কোষৰ কোষপ্ৰৰসত বহুতো সৰু সৰু ৰঙীন গঠন থাকে ।এইবোৰ পা৩ৰ কোষৰ কোষপ্ৰৰসত সিঁচৰিত হৈ থাকে এইবোৰকে প্লাষ্টিড বোলে।
২৮. ক্ল’ৰ’ফিল কাক বোলে?
উত্তৰঃ পাতৰ কাষৰ কোষপ্ৰৰসত বিভিন্ন ধৰণৰ সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে অৰু এইবোৰকে .ক্ল’ৰ’ফিল বোলে ।
৩০. ক্ল’ৰ’প্লাষ্টিড কাক বোলে?
উত্তৰঃ সেউজীয়ী ৰঙৰ প্লাষ্টিডবোৰক হৰিৎকণা বা .ক্ল’ৰ’প্লাষ্টিড বোলে।
৩১.এটা জীৱৰ মৌলিক জীৱিত একক কি?
উত্তৰঃ এটা জীৱৰ মৌলিক জীৱিত একক হল অংগ।
৩২. এককোষী জীৱ কাক বোলে?
উত্তৰঃ এটা কোষেৰে গঠিত জীৱক এককোষী জীৱ বোলে।
৩৩. বহুককোষী জীৱ কাক বোলে?
উত্তৰঃ এটাতকৈ বেছি কোষৰ দ্বাৰা গঠিত জীৱক এককোষী জীৱ বোলে।
৩৪. ইউকেৰিঅ’টিক কাক বোলে?
উত্তৰঃ বেক্টেৰীয়া আৰু নীল সেউজ শেলাইৰ বাহিৰে আন সকলো জীৱক ইউকেৰিঅ’টিক বোলে।
৩৫. বংশানুক্ৰমে পোৱা গুণবোৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হোৱাত কোনে সহায় কৰে?
উত্তৰঃ জিনে।