Chapter 21
উদ্ভিদৰ আহাৰ
১। তলত দিয়া উদ্ভিদবোৰে কোন অংশত খাদ্য় জমা ৰাখে লিখাঃ
তিচি, ধান, বাদাম, ওলকবি, চালগোম, বেঙেনা, পাতে-গজা, আদা, নহৰু।
উত্তৰঃ
তিচি – বীজ
ধান – বীজ
বাদাম – বীজ
ওলকবি – শিপা
চালগোম – শিপা
বেঙেনা – ফল
পাতে-গজা – পাত
আদা – শিপা
নহৰু – শিপা।
২। কাঠফুলা, ভেকুৰ আদিয়ে কিয় আহাৰ তৈয়াৰ কৰিব নোৱাৰে ?
উত্তৰঃ কাঠফুলা, ভেকুৰ আদিত পত্ৰহৰিৎ নথকাৰ বাবে সিহঁতে আহাৰ প্ৰস্তুত কৰিব নোৱাৰে।
৩। তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম লিখা।
উত্তৰঃ তিনিবিধ পতংগভোজী উদ্ভিদৰ নাম হৈছে 一 কলচি, ৰদ মকুতা আৰু দ্ৰ’ছেৰা।
৪। পত্ৰৰন্ধ্ৰ কাক বোলে? ইয়াৰ কাম কি?
উত্তৰঃ পাতত কিছুমান সৰু সৰু চকুৰে মনিব নোৱাৰা বিন্ধা থাকে। সেই বিন্ধাবোৰক পত্ৰৰন্ধ বোলে।
৫। কেকটাছৰ পাত নাথাকে যদিও ই খাদ্য় প্ৰস্তুত কৰিব পাৰে কিয় ?
উত্তৰঃ কেকটাছৰ পাত নাথাকে যদিও ইয়াৰ কাণ্ডত হৰিৎকণা থাকে। সেয়েহে ই খাদ্য় প্ৰস্তুত কৰিব পাৰে।
৬। এবিধ পৰজীৱী আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ দিয়া ?
উত্তৰঃ এবিধ পৰজীৱী উদ্ভিদৰ উদাহৰণ হৈছে – স্বৰ্ণলতা আৰু এবিধ মূতজীৱী উদ্ভিদৰ উদাহৰণ হৈছে – কাঠফুলা।
৭। শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম লিখা।
উত্তৰঃ শিপাত খাদ্য় জমা কৰি ৰখা দুবিধ উদ্ভিদৰ নাম হৈছে 一 আদা আৰু আলু।
৮। খালী ঠাই পূৰ কৰাঃ
ক) পাতে খাদ্য় তৈয়াৰ কৰোঁতে কাৰ্বন-ডাই-অক্সাইড গেছ বায়ুৰ পৰা শুহি লয় আৰু অক্সিজেন গেছ এৰি দিয়ে।
খ) হৰিৎকণা থকা বাবে পাতৰ ৰং সেউজীয়া হয়।
গ) পাতৰ পৰা কাণ্ডৰে গোটাই গছজোপালৈ খাদ্য যায়।