Chapter 6
মানসিক স্বাস্থ্য আৰু স্বাস্থ্যবিজ্ঞান
১. মানসিক স্বাস্থ্য বুলিলে কি বুজায় ?
ক) দেহ- মনৰ অৱস্থাক
খ) ব্যক্তিত্ব বিকাশ
গ) কাৰ্য্যক্ষম
উত্তৰঃ ক) দেহ- মনৰ অৱস্থাক
২. মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম-কানুনকৰ শাস্ত্ৰক কি বিজ্ঞান বোলে ?
ক) মানসিক বিজ্ঞান
খ) সামাজিক বিজ্ঞান
গ) অৰ্থনীতি বিজ্ঞান
উত্তৰঃ ক) মানসিক বিজ্ঞান
৩. ১৯০০ খৃষ্ঠাব্দত আমেৰিকাৰ কোনগৰাকী যুৱকে ঘৰৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰিবলৈ চেষ্টা কৰিছিল ?
ক) এডলফ্ মেয়ৰ
খ) উইলিয়াম চুইটজাৰ
গ) ক্লিফোৰ্ড বিয়াৰচ
উত্তৰঃ গ) ক্লিফোৰ্ড বিয়াৰচ
৪. কোন গৰাকী ব্যক্তিয়ে পোনপ্ৰথমে মানসিক স্বাস্থ্যবিজ্ঞানৰ সংজ্ঞা আগবঢ়াইছিল ?
ক) উইলিয়াম চুইটজাৰ
খ) বিয়াৰচ্ উইলিয়াম জেমচ
গ) কোলেচনীক
উত্তৰঃ ক) উইলিয়াম চুইটজাৰ
৫. গ্ৰীক শব্দৰ ইংৰাজী শব্দ কি ?
ক) ‘Health’
খ) ‘Hygiene’
গ) ‘Preservative’
উত্তৰঃ খ) ‘Hygiene’
৬. ‘Hygiene’ শব্দৰ অৰ্থ কি ?
ক) ‘Of Health’
খ) ‘Hygeia’
গ) ‘National’
উত্তৰঃ ক) ‘Of Health’
৭. ‘Hygeia’ কিহৰ প্ৰতীক আছিল ?
ক) শান্তি প্ৰতীক
খ) নিৰ্বাহৰ প্ৰতীক
গ) অশান্তি প্ৰতীক
উত্তৰঃ খ) নিৰ্বাহৰ প্ৰতীক
৮. মানসিক স্বাস্থ্যবিজ্ঞানৰ প্ৰধানকৈ কেইটা উদ্দেশ্য আছে ?
ক) তিনিটা
খ) দুটা
গ) নটা
উত্তৰঃ ক) তিনিটা
৯. মনোবিজ্ঞানী স্কীনাৰৰ মতে মানসিক স্বাস্থ্যবিজ্ঞানৰ উদ্দেশ্য কেইটা ?
ক) এঘাৰতা
খ) চৈধ্যতা
গ) দুটা
উত্তৰঃ গ) দুটা
১০. ‘A mind that Found itself’ নামৰ কিতাপখন আমেৰিকাৰ কোনজন যুৱকে লিখিছিল ?
ক) ক্লিফোৰ্ড বিয়াৰচ্
খ) কাৰ্ল মেনীনগা
গ) উইলিয়াম চুইটজাৰ
উত্তৰঃ ক) ক্লিফোৰ্ড বিয়াৰচ্
১১. মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰকসমূহক প্ৰধানকৈ কেইটা ভাগত ভগাব পাৰি ?
ক) পাচঁটা
খ) সাতটা
গ) তিনিটা
উত্তৰঃ গ) তিনিটা
১২. মানসিক স্বাস্থ্য কেই প্ৰকাৰৰ ?
ক) এক
খ) চাৰি
গ) দুই
উত্তৰঃ গ) দুই
১৩. কিমান চনত এগৰাকী আমেৰিকাৰ যুৱক ক্লিফোৰ্ড বিয়াৰচ লিখনিৰ জৰিয়তে মানসিক স্বাস্থ্যবিজ্ঞানৰ সূচনা হৈছিল ?
ক) ১৯২৩
খ) ১৯৯০
গ) ১৯০০
উত্তৰঃ খ) ১৯৯০
১৪. প্ৰথমতে মানসিক স্বাস্থ্যবিজ্ঞানে কি সমস্যাৰ বিষয়ে অধ্যায়ন কৰিছিল ?
ক) মানসিক বিকাৰগ্ৰস্ত
খ) নিৰাময়
গ) মানসিক স্বাস্থ্য
উত্তৰঃ ক) মানসিক বিকাৰগ্ৰস্ত
১৫. তলৰ কোনটো মানসিক স্বাস্থ্যবিজ্ঞানৰ কাৰ্য্য ?
ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য
খ) নিজ সত্তা
গ) মানসিক জীৱন সংৰক্ষণ নীতি
উত্তৰঃ ক) নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য
১৬. তলৰ কোনটো মানসিক অসুস্থতা আৰু অস্বাভাৱিকতাৰ কাৰণ ?
ক) শাৰীৰিক কাৰণ
খ) ব্যক্তিগত কাৰণ
গ) অৰ্থনৈতিক কাৰণ
উত্তৰঃ ক) শাৰীৰিক কাৰণ
১৭. আধুনিক শিক্ষণ পদ্ধতি কি ?
ক) খেল পদ্ধতি
খ) নাচ-গান পদ্ধতি
গ) প্ৰাণায়াম
উত্তৰঃ ক) খেল পদ্ধতি
১৮. শিশুৱে সামগ্ৰিক বিকাশত চকু দিব লাগে ?
ক) লাগে
খ) নালাগে
গ) ওপৰৰ এটাও নহয়
উত্তৰঃ ক) লাগে
১৯. বৌদ্ধিক আৰু আবেগিক পৰিপক্ক হয়নে ?
ক) নহয়
খ) হয়
গ) দুয়োটাই শুদ্ধ
উত্তৰঃ খ) হয়
২০. ক্লিফোৰ্ড বিয়াৰচ কিমান বছৰ পিছত সুস্থ হৈছিল ?
ক) পাঁচ বছৰ
খ) তিনি বছৰ
গ) চাৰি বছৰ
উত্তৰঃ খ) তিনি বছৰ