Chapter 5
জাপানৰ আঞ্চলিক ভূগোল
অতি চমু প্ৰশ্নাৱলীঃ মূল্য়াংকঃ1
1. শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(a) জাপানৰ মুঠ মাটিকালিৰ শতাংশ হিচাপত কৃষিভূমিৰ পৰিমাণ- [HSLC’10]
(i) 25%
(ii) 20%
(iii) 5%
(iv) 15%
(b) কিল’মিটাৰ হিচাপত উত্তৰ-দক্ষিণাকৈ জাপানৰ প্ৰসাৰ – [HSLC’11]
(i) 1500 বৰ্গ কিঃমিঃ
(ii) 2100 বৰ্গ কিঃমিঃ
(iii) 2400 বৰ্গ কিঃমিঃ
(iv) 1800 বৰ্গ কিঃমিঃ
(c) জনসংখ্য়া হিচাপে তলৰ কোনখন মহানগৰ সৰ্ববৃহৎ ? [HSLC’12]
(i) বেইজিং
(ii) কলকাতা
(iii) কৰাচি
(iv) টকিঅ’
(d) তলত দিয়া জাপানৰ দ্বীপকেইটাৰ ভিতৰত কোনটো মাটিকালি হিচাপত আটাইতকৈ ডাঙৰ ? [HSLC’13]
(i) হ’কাইডো
(ii) হনছু
(iii) ছিক কু
(iv) কিউছিউ
(e) জাপানৰ হ’কাইডো অঞ্চলত থকা নগৰখন হ’ল- [HSLC’14] (i) চেণ্ডাই (ii) টয়ামা (iii) কোবে
(iv) চাপ’ৰো
(f) মধ্য জাপান অঞ্চলত থকা সমভূমিবোৰৰ এটা হ’ল- [HSLC’15] (i) আবুকুমা সমভূমি
(ii) টকাছি সমভূমি
(iii) কনছেন সমভূমি
(iv) কাণ্টো সমভূমি
(g) জাপান দেশৰ পৰ্বতময় ভূমিয়ে আবৰি আছে প্ৰায়— [HSLC’16]
(i) 50%
(ii) 60জ%
(iii) 75%
(iv) 65%
(h) কোনটো ঔদ্যোগিক অঞ্চলে জাপানক ৩০% ঔদ্যোগিক উৎপাদন যোগান ধৰে—[HSLC’17]
(i) ট’কিঅ – ইয়োকোহামা অঞ্চল
(ii) ওছাকা-কোবে-কিওটো উদ্যোগ অঞ্চল
(iii) নাগোয়ো উদ্যোগ অঞ্চল
(iv) উত্তৰ কিউছিউ উদ্যোগ অঞ্চল
(i) জাপানৰ কিটাকামি মালভূমিৰ অৱস্থান হ’ল [HSLC ’18]
(i) হ’কাইড’ অঞ্চলত
(ii) উত্তৰ-পূৱ জাপান অঞ্চলত
(iii) মধ্য জাপান অঞ্চলত
(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চলত
(j) কাণ্টো সমভূমি অঞ্চলটো [HSLC’19]
(i) হ’কাইড অঞ্চলত অৱস্থিত
(ii) মধ্য জাপান অঞ্চলত অৱস্থিত
(iii) উত্তৰ-পূব জাপান অঞ্চলত অৱস্থিত
(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চলত অৱস্থিত
(k) জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকুমা মালভূমি অৱস্থিত ? [HSLC ’20]
(i) মধ্য জাপান অঞ্চল
(ii) উত্তৰ পূৱ জাপান অঞ্চল
(iii) হ’কাইড’অঞ্চল
(iv) দক্ষিণ-পশ্চিম জাপান অঞ্চল
2. জাপানৰ প্ৰাচীন নামটো কি? [HSLC ’14, ’18]
3 . পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক ‘সূর্যোদয়ৰ দেশ ‘ বুলি কোৱা হয় ? [HSLC’13]
4. জনসংখ্যা হিচাপত পৃথিৱীৰ দেশসমূহৰ ভিতৰত জাপানৰ স্থান উল্লেখ কৰা। [HSLC’11]
5. ইউৰোপৰ কোনখন দেশৰ লগত জাপানক তুলনা কৰিব পাৰি? [HSLC’15]
6. জাপানৰ দ্বীপসমূহৰ ভিতৰত দ্বীপটোৰ নাম কি? [HSLC 20]
7. জাপানৰ এটা শিল্পোদ্যোগ অঞ্চলৰ নাম লিখা । [ HSLC’17]
৪. জাপানৰ কোন ঔদ্যোগিক অঞ্চলটোক ‘জাপানৰ ডেট্ৰইট’ বুলি জনা যায় ? [HSLC’19]
9 . জাপানৰ মুখ্য দ্বীপ কেইটা ? [HSLC’16]
B. চমু প্রশ্নাবলী
1 . জাপানৰ দুটা দ্বীপৰ নাম লিখা [HSLC’11]
2. জাপানৰ দুটা প্ৰধান কৃষিশস্যৰ নাম লিখা। [HSLC’10]
3 .জাপানৰ দুখন সমভূমিৰ নাম লিখা [HSLC’10]
4. জাপানৰ জনসংখ্যাৰ ঘনত্বক প্রভাবান্বিত কৰা কাৰকসমূহ উল্লেখ কৰা। [HSLC ’11]
5. জাপানৰ তিনিখন প্রধান নগৰৰ নাম লিখা। [HSLC’13]
6. জাপানৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম লিখা। [HSLC’12]
7. জাপানৰ দুটা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা। [HSLC 13]
8 . জাপানৰ মুখ্য অর্থনৈতিক কাম-কাজবোৰ উল্লেখ কৰা ৷ [HSLC’11]
9.জাপানৰ তিনিটা প্ৰধান ঔদ্যোগিক অঞ্চলৰ নাম উল্লেখ কৰা। [HSLC ’13, ’15, ’18]
10. মধ্য জাপান অঞ্চলৰ দুটা প্ৰধান সমভূমিৰ নাম লিখা । [HSLC’14]
11. জাপানৰ তিনিখন প্রধান নদীৰ নাম লিখা। [HSLC’14]
12. জাপানৰ মুখ্য চাৰিটা প্ৰাকৃতিক বিভাগৰ নাম লিখা । [HSLC’16]
13. জাপানৰ উত্তৰ-পূৱ অঞ্চলৰ দুখন নগৰৰ নাম লিখা । [HSLC’15]
14. জাপানৰ তিনিটা ভৌগোলিক বৈশিষ্ট্য উল্লেখ কৰা । [HSLC’15]
15 . মধ্য জাপানৰ তিনিটা কৃষি অঞ্চলৰ নাম লিখা। [HSLC’14]
16. জাপানৰ জনসংখ্যা বিতৰণ সকলো ঠাইতে একে নহয় কিয় ? [HSLC’16]
17 . জাপানৰ জনসংখ্যাৰ ঘনত্ব তাৰতম্যৰ কাৰণসমূহ উল্লেখ কৰা ৷ [HSLC’17]
18. জাপানৰ দুটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা । [HSLC’17]
19. জাপানৰ তিনিটা কৃষি অঞ্চলৰ নাম উল্লেখ কৰা । [HSLC’17]
20 . যদিও জাপান পর্বতময়ী দেশ কিন্তু কৃষিৰ উন্নতিৰ ক্ষেত্ৰত এক লেখত লবলগীয়া। ব্যাখ্যা
কৰা । [HSLC’16]
21. জাপানৰ হ’কাইডো অঞ্চলৰ দুখন নগৰৰ নাম উল্লেখ কৰা [HSLC’18]
22. জাপানৰ তিনিটা ভূ-প্রাকৃতিক বৈশিষ্ট্য সম্পর্কে লিখা । [HSLC’18]
23. জাপানৰ দক্ষিণ অংশৰ দুটা গুৰুত্বপূৰ্ণ দ্বীপৰ নাম উল্লেখ কৰা । [HSLC’19]
24. জাপান হ’কাইড’অঞ্চলৰ দুটা ভৌগোলিক বৈশিষ্ট্য লিখা ৷ [HSLC’19]
25. জাপানৰ চাৰিওফালে থকা যিকোনো তিনিটা সাগৰৰ নাম উল্লেখ কৰা ৷ [HSLC ’19]
26. জাপানৰ খনিজ সম্পদ সম্পর্কে এটি টোকা লিখা। [HSLC’19]
27. জাপানত গাঁৱৰ পৰা নগৰ-চহৰলৈ মানুহৰ প্ৰব্ৰজন দ্ৰুতগতিত বৃদ্ধি পাইছে। কিয় ? [HSLC ’20]
C. ৰচনাধৰ্মী প্রশ্নাৱলী :
মূল্যাংক : 4/5/6 1. জাপানৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা । [HSLC’10]
2. জাপানক ভূ-প্রাকৃতিক বিভাগত ভাগ কৰা আৰু যি কোনো এটাৰ বৈশিষ্ট্য উল্লেখ কৰা ।
[HSLC ’12]
3 . জাপানৰ চাৰিটা কৃষি অঞ্চলৰ নাম লিখা। তাৰে যি কোনো এটি অঞ্চলৰ বৈশিষ্ট্য লিখা ।[HSLC’12]