Chapter 9
জীৱ আৰু ইয়াৰ চৌপাশ
১। মাটিত থকা জীৱবোৰক কি প্ৰাণী বুলি কোৱা হয় ?
(ক) জলজ প্ৰাণী
(খ) স্থলজ প্ৰাণী
(গ) এটাও নহয়
উত্তৰঃ (খ) স্থলজ প্ৰাণী
২। ‘বৃদ্ধি’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Growth
(খ) Living
(গ) Habitat
উত্তৰঃ (ক) Growth
৩। উদ্ভিদ আৰু প্ৰাণীয়ে যি পৰিৱেশত বাস কৰে তাক সিহঁতৰ কি বুলি কোৱা হয় ?
(ক) অভিযোজন
(খ) ৰেচন ক্ৰিয়া
(গ) আৱাসস্থলী
উত্তৰঃ (গ) আৱাসস্থলী
৪। মৰুভূমিত কি জীৱই বাস কৰে ?
(ক) ছাগলী
(খ) উট
(গ) য়াক
উত্তৰঃ (খ) উট
৫। মৰুভূমি ৰাতিৰ ভাগত জলবায়ু কেনেকুৱা হয় ?
(ক) ঠাণ্ডা
(খ) গৰম
(গ) কেতিয়াবা গৰম কেতিয়াবা ঠাণ্ডা
উত্তৰঃ (ক) ঠাণ্ডা
৬। মাছত থকা কোনটো অংশই পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন গ্ৰহণ কৰাত সহায় কৰে ?
(ক) ফিচা খনে
(খ) বাকলিয়ে
(গ) ফুলবোৰে
উত্তৰঃ (গ) ফুলবোৰে
৭। যিবিলাক উদ্ভিদ আৰু প্ৰাণীয়ে পানীত বাস কৰে সেইবোৰক কি বুলি কোৱা হয় ?
(ক) স্থলজ প্ৰাণী
(খ) জলজ প্ৰাণী
(গ) এটাও নহয়
উত্তৰঃ (খ) জলজ প্ৰাণী
৮। তলৰ কোনটো স্থলজ আৱাসস্থলীৰ উদাহৰণ ?
(ক) পৰ্বতীয়া অঞ্চল
(খ) জলাশয়
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (ক) পৰ্বতীয়া অঞ্চল
৯। আৱাসস্থলীত থকা জীৱিত বস্তুবোৰক কি বুলি কোৱা হয় ?
(ক) অজৈৱিক উপাদান
(খ) অভিযোজন
(গ) জৈৱিক উপাদান
উত্তৰঃ (ক) জৈৱিক উপাদান
১০। মৰুভূমিত দিনৰ ভাগত জলবায়ু কেনেকুৱা হয় ?
(ক) যথেষ্ট গৰম
(খ) যথেষ্ট ঠাণ্ডা
(গ) ছমাহ গৰম আৰু ছমাহ ঠাণ্ডা
উত্তৰঃ (ক) যথেষ্ট গৰম
১১। সূৰ্যৰ পোহৰ আৰু তাপ আৱাসস্থলীৰ কি উপাদান ?
(ক) জৈৱিক
(খ) অজৈৱিক
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) অজৈৱিক
১২। তলৰ ছবিখনত কোন ঠাইৰ দৃশ্য প্ৰতিফলিত হৈছে ?
(ক) হিমালয় পৰ্বতৰ
(খ) তৃণভূমি অঞ্চলৰ
(গ) মৰুভূমি অঞ্চলৰ
উত্তৰঃ (গ) মৰুভূমি অঞ্চলৰ
১৩। বীজৰ পৰা গজালি ওলোৱাতো কি বুলি কোৱা হয় ?
(ক) বীজৰ অংকুৰণ
(খ) বীজৰ পখালি
উত্তৰঃ (ক) বীজৰ অংকুৰণ
১৪। চৌপাশৰ পৰিবৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক কি বুলি কোৱা হয় ?
(ক) অভিযোজন
(খ) উদ্দীপক
(গ) কাৰক
উত্তৰঃ (খ) উদ্দীপক
১৫। তলৰ কোনটো জড় পদাৰ্থ ?
(ক) নাঙল
(খ) চিলাই মেচিন
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ ওপৰৰ দুয়োটা
১৬। সিংহই কোন ঠাইত বাস কৰে ?
(ক) হাবি-বননিত
(খ) তৃণভূমি অঞ্চলত
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৭। ডলফিন আৰু তিমিমাছে কিহৰ সহায়ত উশাহ-নিশাহ লয় ?
(ক) নাসাৰন্ধ্ৰ
(খ) বায়ুৰন্ধ্ৰ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৮। জীৱিত বস্তুৱে কিহৰ জৰিয়তে তাৰ নিচিনা অধিক জীৱ জন্ম দিয়ে ?
(ক) প্ৰজনন
(খ) অভিযোজন
(গ) শ্বসন
উত্তৰঃ (ক) প্ৰজনন
১৯। ‘উদ্দীপক’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Habitat
(খ) Stimulus
(গ) Adaptation
উত্তৰঃ (খ) Stimulus
২০। জীৱই নিজৰ শৰীৰৰ বৰ্জিত পদাৰ্থবোৰ আঁতৰাই পেলোৱাক কি বুলি কোৱা হয় ?
(ক) ৰেচন ক্ৰিয়া
(খ) জন্ম দিয়া
(গ) উদ্দীপক
উত্তৰঃ (ক) ৰেচন ক্ৰিয়া