Chapter 7
উদ্ভিদৰ বিষয়ে জানো আহা
১। এখিলা পাতৰ সাধাৰণতে কি থাকে ?
(ক) কাণ্ড আৰু ফুল
(খ) ঠাৰি আৰু ফলক
(গ) ডাল আৰু শিপা
উত্তৰঃ (খ) ঠাৰি আৰু ফলক
২। সিৰাবিন্যাস কাক বোলে ?
(ক) পাতত থকা সিৰাৰ সাজোনকে
(খ) গছৰ তলৰ দীঘল শিপাক
(গ) ঘাঁহ-বনৰ সৰু সৰু শিপাবোৰক
উত্তৰঃ (ক)পাতত থকা সিৰাৰ সাজোনকে
৩। পাতে কি প্ৰক্ৰিয়াৰ জৰিয়তে পানী বাষ্প আকাৰত উলিয়াই দিয়ে ?
(ক) পৰিৱহণ
(খ) সালোক-সংশ্লেষণ
(গ) প্ৰস্বেদন
উত্তৰঃ (গ) প্ৰস্বেদন
৪। শিপা প্ৰধানত কেই প্ৰকাৰৰ ?
(ক) দুই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) ছয় প্ৰকাৰৰ
উত্তৰঃ (ক) দুই প্ৰকাৰৰ
৫। যিবোৰ উদ্ভিদৰ শিপা জাল সিৰাবিন্যাসযুক্ত সেইবোৰক কি বুলি কোৱা হয় ?
(ক) গুচ্ছ মূল
(খ) মুখ্য মূল
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) মুখ্য মূল
৬। কাণ্ডই শিপাৰ পৰা পাতলৈ কি পৰিৱহণ কৰে ?
(ক) পানী
(খ) খনিজ দ্ৰব্য
(গ) ফুল
উত্তৰঃ (ক) পানী
৭। উদ্ভিদৰ খাদ্য কোন ঠাইত প্ৰস্তুত হয় ?
(ক) ডালত
(খ) পাতত
(গ) শিপাত
উত্তৰঃ (খ) পাতত
৮। শিপা প্ৰধানত কি কি ?
(ক) মুখ্যমূল
(খ) গুচ্ছমূল
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
৯। যিবোৰ উদ্ভিদৰ পাতৰ সিৰাবিন্যাস সমান্তৰাল সেইবোৰ উদ্ভিদৰ শিপাৰ কি প্ৰকৃতিৰ ?
(ক)মূখ্যমূল
(খ) গুচ্ছমূল
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) গুচ্ছমূল
১০। সেউজীয়া উদ্ভিদে কাৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে ?
(ক) সূৰ্যৰ
(খ) গছ-গছনিৰ
(গ) ঘাঁহ-বনৰ
উত্তৰঃ (ক) সূৰ্যৰ
১১। ‘ডিম্বক’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Shurbs
(খ) Vein
(গ) Ovule
উত্তৰঃ (গ) Ovule
১২। উদ্ভিদক সাধাৰণতে কেইটা ভাগত ভাগ কৰিব পাৰি ?
(ক) দুটা
(খ) চাৰিটা
(গ) ছয়টা
উত্তৰঃ (খ) চাৰিটা
১৩। তলৰ ছবিখনত থকা ফুলটো কি আকৃতিৰ ?
(ক) ঘণ্টা
(খ) কাণ্ড
(গ) সিৰা
উত্তৰঃ (ক) ঘণ্টা
১৪। শিপাবোৰৰ সৰু সৰু শিপাবোৰক কি বুলি কোৱা হয় ?
(ক) ঘাই শিপা
(খ) মূল শিপা
(গ) পাৰ্শ্বীয় শিপা
উত্তৰঃ (গ) পাৰ্শ্বীয় শিপা
১৫। পাতলৈ পানী পৰিৱহন কৰে।
(ক) শিপাই
(খ) কাণ্ডই
(গ) গা-গছে
উত্তৰঃ (খ) কাণ্ডই
১৬। পাতৰ যি অংশৰ জৰিয়তে পাত কাণ্ডত লাগি থাকে সেই অংশক কি বুলি কোৱা হয় ?
(ক) ঠাৰি
(খ) ফলক
(গ) সিৰা
উত্তৰঃ (ক) ঠাৰি
১৭। যিবোৰ উদ্ভিদৰ কাণ্ড দুৰ্বল হোৱা বাবে থিয়কৈ থাকিব নোৱাৰে আৰু মাটিতহে বিস্তাৰিত হ’ব পাৰে তেনে উদ্ভিদক কি বুলি কোৱা হয় ?
(ক) বৃক্ষজাতীয় উদ্ভিদ
(খ) গুল্মজাতীয় উদ্ভিদ
(গ) লতাজাতীয় উদ্ভিদ
উত্তৰঃ (গ) লতাজাতীয় উদ্ভিদ
১৮। পাতৰ মাজত থকা ডাঠ সিৰাডালক কি বুলি কোৱা হয় ?
(ক) সিৰাবিন্যাস
(খ) মধ্য সিৰা
(গ) জালসিৰা
উত্তৰঃ (খ) মধ্য সিৰা
১৯। উদ্ভিদে কি প্ৰক্ৰিয়াৰ দ্বাৰা যথেষ্ট পৰিমাণৰ পানী বায়ুমণ্ডললৈ উলিয়াই দিয়ে ?
(ক) প্ৰচ্ছেদন
(খ) জলীয় বাষ্প
(গ) ঘনীভৱণ
উত্তৰঃ (ক) প্ৰচ্ছেদন
২০। ‘বৃক্ষ’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Shurbs
(খ) Shursh
(গ) Tree
উত্তৰঃ Tree