Chapter 15
আমাৰ চাৰিওফালে থকা বায়ু
১। গতিশীল বায়ুক কি বুলি কোৱা হয় ?
(ক) ধুমুহা
(খ) বিজুলী
(গ) বতাহ
উত্তৰঃ (গ) বতাহ
২। কি গেছে জুই জ্বলাত সহায় কৰে ?
(ক) অক্সিজেনে
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) মিথেন
উত্তৰঃ (ক) অক্সিজেনে
৩। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক কি বুলি কোৱা হয় ?
(ক) বতাহ
(খ) বায়ুমণ্ডল
(গ) বায়ুকণা
উত্তৰঃ (খ) বায়ুমণ্ডল
৪। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো কি ?
(ক) বতাহ
(খ) অক্সিজেন
(গ) কাৰ্বন ডাই অক্সাইড
উত্তৰঃ (গ) কাৰ্বন ডাই অক্সাইড
৫। কি শতিকালৈ বায়ু মাত্ৰ এটা গেছৰ মিশ্ৰণ বুলি মানুহে ভাবিছিল ?
(ক) অষ্টম শতিকালৈ
(খ) অষ্টাদশ শতিকালৈ
(গ) এটাও নহয়
উত্তৰঃ (ক) অষ্টাদশ শতিকালৈ
৬। তলৰ ছবিখনে কি পৰীক্ষাৰ বিষয়ে বুজাইছে ?
(ক) বটলত পানী ভৰাই কৰা পৰীক্ষা
(খ) খালী বটলৰ সহায়ত পৰীক্ষা
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) খালী বটলৰ সহায়ত পৰীক্ষা
৭। ‘ধোঁৱা’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Atmosphere
(খ) air
(গ) Smoke
উত্তৰঃ (গ) Smoke
৮। যেতিয়া বায়ু কোনো পৃষ্ঠৰ সংস্পৰ্শলৈ আহে তেতিয়া ই ঘনীভূত হয় ?
(ক) ঠাণ্ডা
(খ) গৰম
(গ) মধ্যমীয়া গৰম
উত্তৰঃ (ক) ঠাণ্ডা
৯। নাইট্ৰ’জেনে বায়ুৰ প্ৰায় কিমান ঠাই অধিকাৰ কৰি থাকে ?
(ক) ৪/৫
(খ) ১/২
(গ) ৭/৯
উত্তৰঃ (ক) ৪/৫
১০। ধোঁৱাত কি থাকে ?
(ক) গেছ
(খ) মিহি ধূলিকণা
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১১। বায়ুত সদায় থাকে ।
(ক) ধোঁৱা
(খ) ধূলিকণা
(গ) এটাও নহয়
উত্তৰঃ (খ) ধূলিকণা
১২। আমি উশাহ লওঁতে আমাৰ কিহেৰে বায়ু গ্ৰহণ কৰো ?
(ক) মুখেৰে
(খ) কাণেৰে
(গ) নাসাৰন্ধ্ৰেৰে
উত্তৰঃ (গ) নাসাৰন্ধ্ৰেৰে
১৩। প্ৰাণীয়ে কিহৰ অবিহনে জীৱাই থাকিব নোৱাৰে ?
(ক) উদ্ভিদৰ
(খ) মানুহৰ
উত্তৰঃ (ক) উদ্ভিদৰ
১৪। ‘বায়ুৰ সংযুক্তি’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Oxygen
(খ) air
(গ) Composition of air
উত্তৰঃ (গ) Composition of air
১৫। যদি এটা খালী বটল থাকে, তেতিয়া তুমি ক’ব পাৰিবানে যে বটলটোৰ ভিতৰত কি সোমাই আছে ?
(ক) বায়ু
(খ) পানী
(গ) একো নাই
উত্তৰঃ (ক) বায়ু
১৬। তলৰ ছবিখনৰ জৰিয়তে কি প্ৰকাশ কৰা হৈছে ?
(ক) বিভিন্ন প্ৰকাৰৰ চকৰী
(খ) বায়ুত অক্সিজেন থকা
(গ) বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰ
উত্তৰঃ (গ) বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰ
১৭। ‘বায়ুকল’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Atmosphere
(খ) Windmill
(গ) Composition of air
উত্তৰঃ (খ) Windmill
১৮। জীৱৰ বাবে আৱশ্যক গেছ বিধ কি ?
(ক) অক্সিজেন
(খ) নাইট্ৰ’জেন
(গ) কাৰ্বন ডাই অক্সাইড
উত্তৰঃ (ক) অক্সিজেন
১৯। উদ্ভিদে শ্বাস কি গেছ গ্ৰহণ কৰে ?
(ক) নাইট্ৰ’জেন
(খ) কাৰ্বন ডাই অক্সাইড
(গ) অক্সিজেন
উত্তৰঃ (গ) অক্সিজেন