Chapter 11
পোহৰ, ছাঁ আৰু প্ৰতিফলন
১। কিহৰ অবিহনে বস্তু দেখা পোৱাটো সম্ভৱ নহয় ?
(ক) তাপৰ
(খ) পোহৰৰ
(গ) ছাঁৰ
উত্তৰঃ (খ) পোহৰৰ
২। দিনৰ ভাগত কাৰ উপস্থিতিৰ বাবে আমি বস্তুবোৰ দেখা পাওঁ ?
(ক) টৰ্চৰ
(খ) বাল্বৰ
(গ) সূৰ্যৰ
উত্তৰঃ (গ) সূৰ্যৰ
৩। পোহৰ দিব পৰা বা পোহৰ বিলাই দিব পৰা বস্তুক কি বুলি কোৱা হয় ?
(ক) দীপ্তিমান
(খ) দীপ্তিহীন
(গ) দৃশ্যমান
উত্তৰঃ (ক) দীপ্তিমান
৪। কোনো এটা বস্তুৰ মাজেৰে যদি একো দেখা পোৱা নাযায় তেনে বস্তুক কি বুলি কোৱা হয় ?
(ক) স্বচ্ছ
(খ) অস্বচ্ছ
(গ) ঈষৎ স্বচ্ছ
উত্তৰঃ (খ) অস্বচ্ছ
৫। পোহৰৰ গতি পথত কোনো অস্বচ্ছ বস্তু থাকিলে কিহৰ সৃষ্টি হয় ?
(ক) ছাঁ
(খ) প্ৰতিফলন
(গ) পোহৰ
উত্তৰঃ (ক) ছাঁ
৬। পোহৰ সদায় কি ৰেখাত গতি কৰে ?
(ক) বক্ৰ ৰেখাত
(খ) সৰল ৰেখাত
(গ) এটাও নহয়
উত্তৰঃ (খ) সৰল ৰেখাত
৭। কিহৰ দ্বাৰা প্ৰতিফলন ঘটাই পৰিষ্কাৰ প্ৰতিবিম্ব পাব পাৰি ?
(ক) দাপোনৰ
(খ) পোহৰৰ
(গ) ছাঁৰ
উত্তৰঃ (ক) দাপোনৰ
৮। তলৰ ছবিখনত থকা বস্তুটো কি ?
(ক) এজোপা গছ
(খ) এজন মানুহ
(গ) এটা পেৰিস্কোপ
উত্তৰঃ (গ) এটা পেৰিস্কোপ
৯। ‘দীপ্তিমান’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Luminous
(খ) Opaque
(গ) Transparent
উত্তৰঃ (ক) Luminous
১০। কি বস্তুৰ মাজেৰে পোহৰ পাৰ হৈ যাব পাৰে ?
(ক) দীপ্তিমান
(খ) স্বচ্ছ
(গ) ঈষৎ স্বচ্ছ
উত্তৰঃ (খ) স্বচ্ছ
১১। কি বস্তুৰ মাজেৰে পোহৰ আংশিকভাৱে পাৰ হৈ যাব পাৰে ?
(ক) স্বচ্ছ
(খ) অস্বচ্ছ
(গ) ঈষৎ স্বচ্ছ
উত্তৰঃ (গ) ঈষৎ স্বচ্ছ
১২। ‘স্বচ্ছ’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Translucent
(খ) Transparent
(গ) Reflection
উত্তৰঃ (খ) Transparent
১৩। তলৰ কোনটো অস্বচ্ছ পদাৰ্থ ?
(ক) এখন বেৰ
(খ) এখন দাপোণ
(গ) পলিথিন
উত্তৰঃ (ক) এখন বেৰ
১৪। তলৰ কোনটো দীপ্তিমান পদাৰ্থ ?
(ক) এখিলা কাৰ্বন পেপাৰ
(খ) এটুকুৰা শিলগুটি
(গ) এটা জ্বলি থকা টৰ্চ
উত্তৰঃ (গ) এটা জ্বলি থকা টৰ্চ
১৫। তলৰ ছবিখনত কিহৰ দৃশ্য প্ৰতিফলিত হৈছে ?
(ক) দাপোনৰ প্ৰতিফলন
(খ) পোহৰৰ সৰলৰেখাত গতি
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ)ওপৰৰ দুয়োটা
১৬। ‘প্ৰতিফলন’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Reflection
(খ) Luminous
(গ) Mirror
উত্তৰঃ (ক) Reflection
১৭। ছাঁ সৃষ্টি হবলৈ কিহৰ প্ৰয়োজন হয় ?
(ক) এটা পোহৰৰ উৎস
(খ) এটা অস্বচ্ছ পদাৰ্থ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৮। ‘দাপোন’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Mirror
(খ) Transparent
(গ) Opaque
উত্তৰঃ (ক) Mirror
১৯। তলৰ কোনটো স্বচ্ছ পদাৰ্থ ?
(ক) ধোঁৱা
(খ) বায়ু
(গ) পলিথিন
উত্তৰঃ (খ) বায়ু
২০। ‘ছাঁ’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Shadow
(খ) flection
উত্তৰঃ (ক) Shadow
Type: Pompi Hazarika