Chapter 10
গতি আৰু দূৰত্বৰ জোখ-মাখ
১। যি গতিয়ে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত নিজেই পুনৰাবৃত্তি কৰে তাক কি গতি বুলি কোৱা হয় ?
(ক) বৃত্তীয় গতি
(খ) পৰ্যাবৃত্ত গতি
(গ) সৰল গতি
উত্তৰঃ (খ) পৰ্যাবৃত্ত গতি
২। এঠাইৰ পৰা আন এঠাইলৈ যাবলৈ মানুহে কি ব্যৱস্থা ব্যৱহাৰ কৰে ?
(ক) একক পদ্ধতি
(খ) পৰিবহণ
উত্তৰঃ (খ) পৰিবহণ
৩। সৰলৰেখাত কৰা গতিক কি বুলি কোৱা হয় ?
(ক) সৰলগতি
(খ) সৰলৰৈখিক গতি
উত্তৰঃ (খ) সৰলৰৈখিক গতি
৪। এক মিটাৰ মানে কিমান চে.মি ?
(ক) ১০০
(খ) ৫০০
(গ)১০০০
উত্তৰঃ (ক) ১০০
৫। বাইচাইকেলৰ চকাৰ গতিটোক কি গতি বুলি কোৱা হয় ?
(ক) পৰ্যাবৃত্ত গতি
(খ) বৃত্তীয় গতি
(গ) সৰলৰৈখিক গতি
উত্তৰঃ (খ) বৃত্তীয় গতি
৬। ‘গতি’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Motion
(খ) Unit
(গ) Circular
উত্তৰঃ (ক) Motion
৭। পুৰণি দিনত মানুহে এঠাইৰ পৰা আনঠাইলৈ কেনেদৰে গৈছিল ?
(ক) ৰেলৰ দ্বাৰা
(খ) খোজ কাঢ়ি
(গ) জাহাজৰ দ্বাৰা
উত্তৰঃ (খ) খোজ কাঢ়ি
৮। আন্তৰ্জাতিক একক পদ্ধতিত দৈৰ্ঘ্যৰ একক কি ?
(ক) মিটাৰ
(খ) কিল’মিটাৰ
(গ) চেণ্টিমিটাৰ
উত্তৰঃ (ক) মিটাৰ
৯। তলত থকা চিত্ৰটো কি গতিত ঘূৰিছে ?
(ক) পৰ্যাবৃত্ত গতিত
(খ) বৃত্তাকাৰ গতিত
উত্তৰঃ(খ) বৃত্তাকাৰ গতিত
১০। ‘বৃত্তীয় গতি’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Circular motion
(খ) Periodic motion
উত্তৰঃ (ক) Circular motion
১১। জলপথেৰে চলাচল কৰিবৰ বাবে প্ৰাচীন কালৰে পৰা মানুহে কি ব্যৱহাৰ কৰিছিল ?
(ক) জাহাজ
(খ) ফেৰী
(গ) নাওঁ
উত্তৰঃ (গ) নাওঁ
১২। কিমান শতিকালৈ মানুহে এঠাইৰ পৰা আনঠাইলৈ অহা-যোৱা কৰিবৰ বাবে প্ৰাণীৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিছিল ?
(ক) সোতৰ শতিকাৰ শেষলৈকে
(খ) উনৈশ শতিকাৰ আৰম্ভণিলৈকে
উত্তৰঃ (খ) উনৈশ শতিকাৰ আৰম্ভণিলৈকে
১৩। কিমান চনত উৰাজাহাজৰ বিকাশ ঘটে ?
(ক) ১৮৬৮ চনত
(খ) ১৯০০ চনত
(গ) ২০০০ চনত
উত্তৰঃ (খ) ১৯০০ চনত
১৪। তলৰ কোনটো বিংশ শতিকাৰ অৱদান ?
(ক) মন’ৰেইল
(খ) মহাকাশযান
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (গ) ওপৰৰ দুয়োটা
১৫। ১৭৯০ চনত কোনে জোখ-মাখৰ এক প্ৰমাণ একক প্ৰৱৰ্তন কৰিছিল ?
(ক) ফৰাচীসকলে
(খ) বৃটিছসকলে
(গ) মানসকলে
উত্তৰঃ (ক) ফৰাচীসকলে
১৬। আমি কিহৰ সহায়ত বক্ৰ ৰেখা এডালৰ দৈৰ্ঘ্য পোনে পোনে জুখিব নোৱাৰোঁ ?
(ক) সূতাৰ সহায়ত
(খ) মানুহৰ সহায়ত
(গ) স্কেলৰ সহায়ত
উত্তৰঃ (গ) স্কেলৰ সহায়ত
১৭। তলৰ ছবিখনত কি গতিৰ দৃশ্য প্ৰতিফলিত হৈছে ?
(ক) বৃত্তীয় গতি
(খ) সৰলৰৈখিক গতি
(গ) পৰ্যাবৃত্ত গতি
উত্তৰঃ (খ) সৰলৰৈখিক গতি
১৮। ‘দূৰত্ব’ শব্দৰ ইংৰাজী ৰূপ কি ?
(ক) Distance
(খ) Circular
(গ) measurement
উত্তৰঃ (খ) Distance
১৯। বৰ্তমান গোটেই পৃথিৱীতেই কি একক গ্ৰহণ কৰা হৈছে ?
(ক) আন্তৰ্জাতিক একক পদ্ধতি
(খ) কৃষি একক পদ্ধতি
(গ) এটাও নহয়
উত্তৰঃ (ক) আন্তৰ্জাতিক একক পদ্ধতি
২০। পাঁচ কিলোমিটাৰ মানে মিটাৰ।
(ক) ২০০০
(খ) ১০০
(গ) ৫০০০
উত্তৰঃ (গ) ৫০০০
Type: Pompi Hazarika