Chapter 9
পানীৰ চাপ
১. সকলো বস্তুৰ দৰে পানী কি দিয়ে ?
উত্তৰ :- সকলো বস্তুৰ দৰে পানী চাপ দিয়ে।
২. আমি বিশেষকে পানী কি কামত ব্য়ৱহাৰ কৰো ?
উত্তৰ :- আমি বিশেষকৈ পানী খোৱা কোমত ব্য়ৱহাৰ কৰো।
৩. পানীয়ে কোন হেঁচা দিয়ে ?
উত্তৰ :- পানীয়ে চাৰিওফালে হেঁচা দিয়ে।
৪. নিম্নচাপ কাক বোলে ?
উত্তৰ :- পানীয়ে তলতৈ দিয়া হেঁচাক পানীৰ নিম্নচাপ বোলা হয়।
৫. পাৰ্শ্বচাপ কাক বোলে ?
উত্তৰ :- পানীয়ে কাষলৈ দিয়া হেঁচাক পাৰ্শ্বচাপ বোলে।
৬. পানীৰ পাৰ্শ্বচাপৰ বঢ়া-টুটা ইয়াৰ কাৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰ :- পানীৰ পাৰ্শ্বচাপৰ বঢ়া-টুটা ইয়াৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰে।
৭. ফিল্টাৰত পানী কম থাকিলে পানী কিয় কম কে পৰে ?
উত্তৰ :- ফিল্টাৰত পানী কম থাকিলে পানী কম কে পৰে কাৰণ পানীৰ চাপ কম হৈ।
৮. ওপৰলৈ পানী থকা ফিল্টাৰ এটাৰ নলীয়েদি বেছিকৈ পানী ওলাই কাৰণ কি ?
উত্তৰ :- ওপৰলৈ পানী থকা ফিল্টাৰ এটাৰ নলীয়েদি বেছিকৈ পানী ওলাই কাৰণ পানীৰ গভীৰতাই প্ৰভাৱ পেলায়।
৯. ঊৰ্দ্ধচাপ কাক বোলে ?
উত্তৰ :- পানীয়ে ওপৰলৈ দিয়া হাঁচাক ঊৰ্দ্ধচাপ বোলে।
১০. পানী আমি কি কি কামত ব্য়ৱহাৰ কৰো ?
উত্তৰ :- পানী আমি গা-ধোৱা, পানী খোৱা, গছ-পুলি ৰোৱাত সহায় কৰে।