Chapter 3
প্ৰাথমিক চিকিৎসা
১. পিছলি পৰি কোনে কস্ত পাইছিল ?
উত্তৰ :- পিছলি পৰি ৰিতুয়ে কস্ত পাইছিল।
২. ৰিতুয়ে কি বুলি কান্দিছিল ?
উত্তৰ :- ৰিতুয়ে বাইদেউ বাইদেউ বুলি কান্দিছিল।
৩. ৰিতুৰ ক’ৰ পৰা তেজ উলাইছিল ?
উত্তৰ :- ৰিতুৰ ভৰিৰ পৰা তেজ উলাইছিল।
৪. ক্ষন্তেকলৈ ৰুবি কি হ’ল ?
উত্তৰ ;- ক্ষন্তেকলৈ ৰুবি হতভম্ব হ’ল।
৫. বিপদৰ সময়ত কি হ’ব নালাগে ?
উত্তৰ :- বিপদৰ সময়ত অধৈৰ্য় হ’ব নালাগে।
৬. ৰিতুৰ তেজ ওলোঁৱাৰ সময়ত ৰুবিয়ে কি কৰিলে ?
উত্তৰ :- ৰিতুৰ তেজ ওলোঁৱাৰ সময়ত ৰুবিয়ে প্ৰাথমিক চিকিৎসা সঁজুলি বাকচটো লৈ চিকিৎসা কৰিছিল।
৭. ৰুবিয়ে হাতখন ধুই কি কৰিছিল ?
উত্তৰ :- ৰুবিয়ে হাতখন ধুই ৰিতুক চিকিৎসা কৰিছিল।
৮. এনটিচেপ্টিক মলটো ৰুবিয়ে ক’ত লগালে ?
উত্তৰ :- এনটিচেপ্টিক মলটো ৰুবিয়ে আঘাত পোৱা ঠাইত লগালে।
৯. ৰুবিয়ে ৰিতুক দাঙি আনি ক’ত থলে ?
উত্তৰ :- ৰুবিয়ে ৰিতুক দাঙি আনি বিছনাত শুৱাই দিলে।
১০. যেতিয়া সিহঁতৰ মাক-দাউটাক ঘৰলৈ ঘূৰি আহিল তেতিয়া ৰুবি আৰু ৰিতুয়ে কি কৰিলে ?
উত্তৰ :- যেতিয়া সিহঁতৰ মাক-দাউটাক ঘৰলৈ ঘূৰি আহিল তেতিয়া ৰুবি আৰু ৰিতুয়ে গোটেই কাহিনীটো কলে।
১১. গোটেই কাহিনিটো শুনি মাকে কি কলে ?
উত্তৰ :- গোটেই কাহিনিটো শুনি মাকে কলে ‘মই নজনাকৈ মোৰ ছওৱালীজনী বহুত সজাগ হৈ উঠিছে।
১২. ৰুবিৰ সজাগতা আৰু উপস্থিত বুদ্ধিত দেউতাক কি হ’ল ?
উত্তৰ :- ৰুবিৰ সজাগতা আৰু উপস্থিত বুদ্ধিত দেউতাকো আনন্দিত হ’ল।
১৩. কাহিনিটো শুনাৰ পিছত ৰিতুক ক’ত লৈ গ’ল ?
উত্তৰ :- কাহিনিটো শুনাৰ পিছত ৰিতুক চিকিৎসালৈ লৈ গ’ল।
১৪. আমাক জুইয়ে পুৰিলে তৎক্ষণাৎ কি কৰিব লাগে ?
উত্তৰ :- আমাক জুইয়ে পুৰিলে তৎক্ষণাৎ ঠাণ্ডা পানী পোৰা অংশত ঢালি থাকিব লাগে।
১৫. আমাক জুইয়ে পুৰিলে কিমান সময় পানী ধালি থাকিব লাগে ?
উত্তৰ :- আমাক জুইয়ে পুৰিলে পোৰণি অনুভৱ নোবোৱা লাইকে পানী ধালি থাকিব লাগে।
১৬. জুইয়ে পোৱা ঠাইখিনিত কি লগাব নাৱাগে ?
উত্তৰ :- জুইয়ে পোৱা ঠাইখিনিত ঘিউ বা তেল লগাব নালাগে।
১৭. প্ৰাথামিক চিকিৎসাৰ বাকচটোত কি কি সামগ্ৰী থাকে ?
উত্তৰ :- প্ৰাথামিক চিকিৎসাৰ বাকচটোত বেণ্ডেজ, কপাহ, দুখন কেঁচি, পটাছিয়াম-পাৰ-মাংগানেট, এনটিচেপটিক মলম, স্পিৰিট ইত্য়াদি ,সামগ্ৰী থাকে।
১৮. নাকেৰে তেজ ওলালে কি কৰিব লাগে ?
উত্তৰ :- নাকেৰে তেজ ওলালে ব্য়ক্তিজনক শৰীৰতকৈ মূৰটো বেছি তললৈ হেলনীয়া কৰি ওপৰমুৱাকৈ শুৱাই দিব লাগে।
১৯. নাকেৰে তেজ ওলালে কি কৰিব নালাগে ?
উত্তৰ :- নাকেৰে তেজ ওলালে ৰোগীৰ মূৰৰ তলত কোনো গাৰু আদি দিব নালাগে।
২০. মোঁচোকা খালে কি কৰিব লাগে ?
উত্তৰ :- মোঁচোকা খোৱা ঠাই (বিশেষকৈ হাত বা ভৰিৰ ক্ষেত্ৰত) লৰচৰ নোহোৱাকৈ ভালদৰে বান্ধি ৰাখিব লাগে।