Chapter 19
অসম আমাৰ ৰূপহী
১। ভাৰতবৰ্ষৰ একেবাৰে পূৱত থকা ৰাজ্যখনৰ নাম কি ?
1) অসম
2) ইয়াৰ পৰা এটাও নহয়
3) উত্তৰ প্ৰদেশ
Ans: অসম
২। ৰূপহী অৰ্থ কি ?
1) ধুনীয়া
2) সুন্দৰী
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৩। মাঘত সোণৰ হাতেৰে কি আদৰে ?
1) লখিমী আদৰে
2) ভগৱানক আদৰে
3) ইয়াৰ পৰা এটাও নহয়
Ans: লখিমী আদৰে
৪। অলেখৰ অৰ্থ কি ?
1) অগণন
2) বহুত
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৫। প্ৰথমে সূৰ্য উদয় কোনখন ৰাজ্যত হয় ?
1) অসমত
2) দিল্লী
3) ইয়াৰ পৰা এটাও নহয়
Ans: অসমত
৬। প্ৰণিপাত অৰ্থ কি ?
1) সেৱা
2) প্ৰণাম
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৭। অসম আমাৰ ৰূপহী কবিতাটোৰ কবিজনৰ নাম কি ?
1) নৱকান্ত বৰুৱা
2) ড’ ভূপেন হাজৰিকা
3) ইয়াৰ পৰা এটাও নহয়
Ans: ড’ ভূপেন হাজৰিকা
৮। বিনন্দীয়া মানে কি ?
1) মনোহৰ
2) বিতোপন
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
৯। সমাৱেশ অৰ্থ কি ?
1) একেলগ কাৰ্য
2) অগণন
3) ইয়াৰ পৰা এটাও নহয়
Ans: একেলগ কাৰ্য
১০। প্ৰণাম শব্দৰ অৰ্থ কি ?
1) সেৱা
2) প্ৰণিপাত
3) ওপৰৰ দুয়োটায়ে হয়
Ans: ওপৰৰ দুয়োটায়ে হয়
১১। গোটেই জীৱন বিচাৰিলেও অসম দেশৰ দৰে কি বিচাৰি নোপোৱা বুলি কবিয়ে কৈছে ?
1) ৰসাল মাটি
2) ব’হাগৰ লখিমী
3) শৰৎ নিশা
Ans: ৰসাল মাটি
১২। ‘চিৰ বিনন্দীয়া তোমাৰ সেউজ পৰিৱেশ’ বাক্যটিয়ে কি বুজাইছে ?
1) বিভিন্ন ভাষা-ভাষী লোকৰ মিলন বুজাইছে
2) অসমখন গছ-বনেৰে চিৰ সেউজীয়া বুজাইছে
3) ওপৰৰ দুয়োটা
Ans: অসমখন গছ-বনেৰে চিৰ সেউজীয়া বুজাইছে
১৩। মহুৰা শব্দৰ অৰ্থ কি ?
1) তাঁত ববৰ কাৰণে সূতা মেৰিয়াই লোৱা শলা
2) একগোট হৈ থকা
3) লেখিব নোৱাৰা
Ans: তাঁত ববৰ কাৰণে সূতা মেৰিয়াই লোৱা শলা
১৪। কাৰ কাৰ মাজত মধুৰ সম্পৰ্ক আছে বুলি কবিয়ে কৈছে ?
1) বৃটিছ আৰু আহোমৰ মাজত
2) পাহাৰ আৰু ভৈয়ামৰ মাজত
3) এটাও নহয়
Ans: পাহাৰ আৰু ভৈয়ামৰ মাজত
১৫। শৰৎ নিশা আইৰ বেশ কিহেৰে সজায় ?
1) পোহৰে
2) তৰাৰে
3) মৰমেৰে
Ans: তৰাৰে
১৬। কবিয়ে লৌহিত্যৰ বহল পাৰত কি বুলি প্ৰণিপাত কৰিছে ?
1) মাঘত সোণৰ হাতেৰে লখিমী আদৰে
2) পাহাৰ-ভৈয়াম একে কৰা ৰামধেনুৰেই দৰে
3) জন্ম ল’লো ইয়াতেই, ইয়াতে যেন মৰোঁ
Ans: জন্ম ল’লো ইয়াতেই, ইয়াতে যেন মৰোঁ
১৭। কি মাহত সকলোৰে ভঁৰাল ধানেৰে উপচি পৰে ?
1) কাতি মাহত
2) মাঘ মাহত
3) বহাগ মাহত
Ans: মাঘ মাহত
১৮। গীতটোৰ জৰিয়তে কবিৰ কি প্ৰকাশ পাইছে ?
1) কৃত্ৰিম ভালপোৱা
2) অকৃত্ৰিম ভালপোৱা
3) এটাও নহয়
Ans: অকৃত্ৰিম ভালপোৱা
১৯। কি মাহত জীয়ৰী-বোৱাৰীহঁতে তাঁতত বিহুৱান বয় ?
1) বহাগ মাহত
2) কাতি মাহত
3) মাঘ মাহত
Ans: বহাগ মাহত
২০। অসম দেশৰ দৰে নাপাওঁ ইমান _________ মাটি ।
1) অলেখ
2) সোণৰ
3) ৰসাল
Ans: ৰসাল