Chapter 7
পৰিৱেশ আৰু প্ৰদূষণ
১। পৃথিৱী কি গ্ৰহ ?
উত্তৰ- পৃথিৱী এটা বিনন্দীয়া গ্ৰহ।
২। প্ৰাকৃতিক পৰিবেশ কাক বোলে ?
উত্তৰ- বায়ু পানী আৰু মাটিৰে বেঢ়ি থকা আমাৰ চৌপাশকে প্ৰাকৃতিক পৰিবেশ বোলে।
৩। পৰিবেশ শব্দটোৰ আভিধানিক অৰ্থ কি ?
উত্তৰ- পৰিবেশ শব্দটোৰ আভিধানিক অৰ্থ হ’ল এটা বস্তুৰ চৌপাশে থকা অৱস্থাটো।
৪। প্ৰদূষণ কি ?
উত্তৰ- বায়ু মাটি পানী আদিত হোৱা জীৱৰ কাৰণে অপকাৰী ভৌতিক ৰাসায়নিক পৰিৱৰ্তনেই হ’ল প্ৰদূষণ।
৫। প্ৰদূষণ কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰ- প্ৰদূষণ ৪ প্ৰকাৰৰ – (১) বায়ু প্ৰদূষণ (২)জল প্ৰদূষণ (৩) মাটি প্ৰদূষণ আৰু (৪) শব্দ প্ৰদূষণ।
৬। গছে আমাক কি দিয়ে ?
উত্তৰ- গছে আমাক অক্সিজেন দিয়ে।
৭। প্ৰাকৃতিক ভাৰসাম্য়তা বুলি কলে কপ বুজা ?
উত্তৰ- স্বাভাৱিক অৱস্থাত কোনো প্ৰজাতিৰে সংখ্য়া অতিপাত বাঢ়ি বা কমি নাযায়। এনে অৱস্থাক আমি প্ৰাকৃতিক ভাৰসাম্য়তা বুলি কওঁ।
৮। পৰিবেশ প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰে লোৱা এখন আঁচনি নাম লিখা।
উত্তৰ- পৰিবেশ প্ৰদূষণ ৰোধ কৰ্বলৈ চৰকাৰে লোৱা এখন আঁচনি নাম হ’ল বনানিকৰণ।