Chapter 6
প্ৰাকৃতিক দুৰ্যোগ আৰু অসম
১। প্ৰাকৃতিক দুৰ্যোগ কাক বোলে ?
উত্তৰ- যিবোৰ প্ৰাকৃতিক পৰিঘটনাত মানুহৰ লগতে অন্য়ান্য় জীৱ-জন্তু চৰাই-চিৰিকতি গছ-গছনি আদিৰ নানান ক্ষয়-ক্ষতি আলাই-আথানি হয় সেইবোৰকে প্ৰাকৃতিক দুৰ্যোগ বোলে।
২। বানপানী কি ?
উত্তৰ- প্ৰতিবছৰে বাৰিষা কালত হোৱা আমাৰ ৰাজ্য়খনৰ এক এৰাব নোৱাৰা দুৰ্যোগ হ’ল বানপানী।
৩। বানপানী ৰোধ কৰাৰ উপায় কি কি ?
উত্তৰ- বানপানী ৰোধ কৰাৰ উপায়বোৰ হ’ল- (১) নদীৰ দুয়োপাৰে মথাউৰি দিয়া (২) নদীৰ উতসৰপৰা আৰম্ভ কৰি সমগ্ৰ উপক্য়কাতে গছ-গছনি ৰোৱা (৩) নদীৰ মাজভাগ মাজে-সময়ে খন্দা ব্য়ৱস্থা কৰা ইত্য়াদি।
৪। পৃথিৱীৰ অন্তৰ্ভাগত থকা পদাৰ্থসমূহ তৰল অৱস্থাত কিয় থাকে ?
উত্তৰ- পৃথিৱীৰ অন্তৰ্ভাগত থকা পদাৰ্থসমূহৰ অধিকাংশই অধিক উষ্ণতাত থকাৰ বাবে তৰল অৱস্থাত থাকে।
৫। লাভা কাক বোলে ?
উত্তৰ- আগ্নেয়গিৰি উদগিৰণৰ ফলত ভূগৰ্ভৰপৰা ওলাই অহা তপত গলিত পদাৰ্থসমূহক লাভা বোলে।
৬। পৃথিৱীৰ বিখ্য়াত আগ্নেয়গিৰি দুটাৰ নাম লিখা।
উত্তৰ- পৃথিৱীৰ বিখ্য়াত আগ্নেয়গিৰি দুটীৰ নাম হ’ল বিচুভিয়ীছ আৰু এট্না।
৭। ভূমিকম্প কাক বোলে ?
উত্তৰ- কেতিয়াবা আমি হঠাতি পৃথিৱীৰ লগতে ইয়াৰ ওপৰত থকা সকলো বস্তু কঁপা যেন অনুভৱ কৰোঁ। এই কঁপনিকে ভূমিকম্প বোলে।
৮। ধুমুহা কাক বোলে ?
উত্তৰ- বতাহ প্ৰচণ্ড বেগত বোৱাকে ধুমুহা বোলে।
৯। অসমত কি মাহত ধুমুহাৰ প্ৰকোপ বেছি হয় ?
উত্তৰ- অসমত চ’ত-ব’হাগ মাহত ধুমুহাৰ প্ৰকোপ বেছি হয়।