Chapter 4
অসমৰ পৰ্যটন আৰু প্ৰসিদ্ধ স্থান
১। পৰ্যটন কাক বোলে ?
উত্তৰ- এখন ঠাইৰ পৰা আন এখন ঠাই চাবলৈ অহাকে পৰ্যটন বোলে।
২। পৰ্যটনৰ বাবে অসমত থকা বস্তুসমূহক কেনেধৰণে ভগাব পাৰি ?
উত্তৰ- পৰ্যটনৰ বাবে এনেধৰণে ভগাব পাৰি –
১। প্ৰাচীন কীৰ্তি-চিহ্ন।
২। পুৰণি দ’ল-দেৱালয়, মঠ-মন্দিৰ, মছজিদ আদি।
৩। ৰাষ্ট্ৰীয় উদ্য়ান, অভয়াৰণ্য়, সংৰক্ষিত বনাঞ্চল আৰু পক্ষী উদ্য়ান।
৪। সংস্কৃতি ক্ষেত্ৰ, বৃহত নদী-দ্বীপ।
৫। আধুনিক কালত নিৰ্মিত বিশেষ আকৰ্ষণৰ কেন্দ্ৰ।
৩। পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম কি ?
উত্তৰ- পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী-দ্বীপটোৰ নাম হ’ল মাজুলী।
৪। বৰ্তমান মাজুলীৰ মাটিকালি কিমান বৰ্গ কিঃমিঃ ?
উত্তৰ- বৰ্তমান মাজুলীৰ মাটিকালি প্ৰায় ১২৫০ বৰ্গ কিঃমিঃ।