Chapter 13
আমাৰ দেশৰ শাসন ব্য়ৱস্থা
১। ১৯৪৭ চনতৰ ১৫ আগষ্টৰ দিনটো আমাৰ ভাৰতবাসীৰ কাৰণে এক কি দিন ?
উত্তৰ- ১৯৪৭ চনতৰ ১৫ আগষ্টৰ দিনটো আমাৰ ভাৰতবাসীৰ কাৰণে এক চিৰস্মৰণীয় দিন।
২। ভাৰতত কাক ওৰ পেলাই ভাৰতবৰ্ষ লোকসকলে স্বাধীনতা লাভ কৰিছিল ?
উত্তৰ- ভাৰতত ব্ৰিটিছ শাসনৰ ওৰ পেলাই ভাৰতবৰ্ষ লোকসকলে স্বাধীনতা লাভ কৰিছিল।
৩। কিমান তাৰিখে ভাৰতবৰ্ষত ‘স্বাধীনতা দিৱস’ পালন কৰা হয় ?
উত্তৰ- ১৫ আগষ্টৰ তাৰিখে ভাৰতবৰ্ষত ‘স্বাধীনতা দিৱস’ পালন কৰা হয়।
৪। কিহৰ পাছত দেশৰ শাসন ব্য়ৱস্থা আমাৰ নিজৰ হাতলৈ আহিছিল ?
উত্তৰ- স্বাধীনতাৰ পাছত দেশৰ শাসন ব্য়ৱস্থা আমাৰ নিজৰ হাতলৈ আহিছিল।
৫। কোন স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল ?
উত্তৰ- জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আছিল।
৬। কিমান তাৰিখে ভাৰতবৰ্ষত ‘গণৰাজ্য় দিৱস’ পালন কৰা হয় ?
উত্তৰ- ২৬ জানুৱাৰী তাৰিখে ভাৰতবৰ্ষত ‘গণৰাজ্য় দিৱস’ পালন কৰা হয়।
৭। ৰাষ্ট্ৰৰ মুৰব্বী কোন ?
উত্তৰ- ৰাষ্ট্ৰৰ মুৰব্বী হ’ল ৰাষ্ট্ৰপতি।
৮। ৰাষ্ট্ৰপতি কাৰ ভোটৰদ্বাৰা নিৰ্বাচিত হয় ?
উত্তৰ- ৰাষ্ট্ৰপতি জনসাধাৰণৰ পৰোক্ষ ভোটৰদ্বাৰা নিৰ্বাচিত হয়।
৯। কিমান বছৰৰ মূৰে মূৰে দেশত সাধাৰণ নিৰ্বাচনৰ দ্বাৰা লোকসভা গঠন হয় ?
উত্তৰ- ৫ বছৰৰ মূৰে মূৰে দেশত সাধাৰণ নিৰ্বাচনৰ দ্বাৰা লোকসভা গঠন হয়।
১০। লোক সভাৰ মুঠ সদস্য় সংখ্য়া কিমান জন ?
উত্তৰ- লোক সভাৰ মুঠ সদস্য় সংখ্য়া ৫৪৫ জন ।