Chapter 1
অসম ৰাজ্য়ৰ পৰিচয়
১। পুৰণি কালত আমাৰ ৰাজ্য়খনৰ নাম কি আছিল ?
উত্তৰ- পুৰণি কালত আমাৰ ৰাজ্য়খনৰ নাম প্ৰথমে প্ৰাগ্জ্য়োতিষপুৰ আৰু পাছলৈ কামৰূপ নামেৰে জনাজাত আছিল।
২। অসম নামটো কিমান শতিকাৰ পৰা প্ৰচলিত হৈছে ?
উত্তৰ- অসম নামটো খ্ৰীষ্ট্ৰীয় পঞ্চদশ শতিকাৰ পৰা প্ৰচলিত হৈছিল।
৩। আহোমসকলৰ ৰাজত্বকালত এই দেশৰ নাম কি হৈছিল ?
উত্তৰ- আহোমসকলৰ ৰাজত্বকালত এই দেশৰ নাম অহন , অসম আদি হৈছিল।
৪। কেতিয়াৰ পৰা আছাম আৰু আসাম এই দুটা শব্দ প্ৰচলিত হৈছিল ?
উত্তৰ- ব্ৰিটিছৰ অধীনলৈ যোৱাৰ পাছৰপৰা আছাম আৰু আসাম এই দুটা শব্দ প্ৰচলিত হৈছিল।
৫। পুৰণি কালত কামৰূপত কোনে ৰাজত্ব কৰিছিল ?
উত্তৰ- পুৰণি কালত কামৰূপত নৰকাসুৰ নামে এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল।
৬। গুৱাহাতীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্য়া দেৱী মন্দিৰ আৰু শিলৰ খট্খটি কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ- গুৱাহাতীৰ নীলাচল পাহাৰত অৱস্থিত কামাখ্য়া দেৱী মন্দিৰ আৰু শিলৰ খট্খটি নৰকাসুৰে নিৰ্মাণ কৰিছিল।
৭। বাণ ৰজাৰ জীয়ৰী কোন ?
উত্তৰ- বাণ ৰজাৰ জীয়ৰী ঊষা।
৮। তেজপুৰৰ মহাভৈৰৱ, ৰুদ্ৰপদ , অগ্নিগড় আদি কোনে নিৰ্মাণ কৰিছিল ?
উত্তৰ- তেজপুৰৰ মহাভৈৰৱ , ৰুদ্ৰপদ , অগ্নিগড় আদি বাণ ৰজাই নিৰ্মাণ কৰিছিল।
৯। নৱগ্ৰহ মন্দিৰ কিমান শতাব্দীত আৰু কোনে নিৰ্মাণ কৰোৱাইছিল ?
উত্তৰ- নৱগ্ৰহ মন্দিৰ অষ্টাদশ শতাব্দীত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল।
১০। ৰাজনৈতিক বিভাগ কাক বোলে ?
উত্তৰ- প্ৰাকৃতিক বৈশিষ্ট্য় অনুযায়ী বিভক্ত অঞ্চলবোৰৰ প্ৰাকৃতিক বিভাগ আৰু মানুহে সৃষ্টি কৰা ভাগটোক ৰাজনৈতিক বিভাগ বোলে।
১১। অসমক প্ৰাকৃতিক গঠন অনুসৰি কেইটা ভাগত ভাগ কৰা হৈছে ? আৰু কি কি ?
উত্তৰ- অসমক প্ৰাকৃতিক গঠন অনুসৰি তিনিটা ভাগত ভাগ কৰা হৈছে। আৰু সেইকেইটা হ’ল (১) ব্ৰহ্মপুত্ৰ উপত্য়কা (২) বৰাক উপত্য়কা আৰু (৩) উত্তৰ কাছাৰ আৰু কাৰ্বি আংলং পাৰ্বত্য় অঞ্চল।
১২। ব্ৰহ্মপুত্ৰ উপত্য়কা কাক বোলে ?
উত্তৰ- অসমত থকা অংশত ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক ব্ৰহ্মপুত্ৰ উপত্য়কা বোলে।
১৩। উত্তৰ বাহিনী নৈ কাক বোলে ?
উত্তৰ- যিবিলাক নৈ দক্ষিণৰ পৰা উত্তৰলৈ বয় সেই নৈবোৰক উত্তৰ বাহিনী নৈ বোলা হয়।
১৪। দক্ষিণ বাহিনী নৈ কৈক বোলে ?
উত্তৰ- যিবিলাক নৈ উত্তৰৰপৰা দক্ষিণলৈ বয় সেই নৈবোৰক দক্ষিণ বাহিনী নৈ বোলে।
১৫। বৰাক উপত্য়কা কাক বোলে ?
উত্তৰ– বৰাক নদীৰ দুয়োপাৰে থকা সমভূমি অঞ্চলক বৰাক উপত্য়কা বোলে।
১৬। আহোমসকলে অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল ?
উত্তৰ- আহোমসকলে প্ৰায় ৬০০ বছৰ কাল ৰাজত্ব কৰিছিল।
১৭। ৰাজনৈতিক বা প্ৰশাসনিকভাৱে কেইটা সংমণ্ডল আৰু কেইখন জিলাত ভাগ কৰা হৈছে ?
উত্তৰ- ৰাজনৈতিক বা প্ৰশাসনিকভাৱে অসমক চাৰিটা সংমণ্ডল আৰু ৩৩ খন জিলাত ভাগ কৰা হৈছে।
১৮। বৰাক উপত্য়কাত জিলা কেইখন আছে ?
উত্তৰ- বৰাক উপত্য়কাত জিলা ৩খন আছে।