Chapter 9
পৰিসীমা আৰু কালি
১। কিছুমান ত্ৰিভুজৰ বাহুৰ দীঘ দিয়া আছে। প্ৰতিটোৰে
পৰিসীমা নির্ণয় কৰা—
ক) বাহু তিনিটাৰ দীঘ ক্ৰমে ৪ ছেমি, ৭ ছেমি, ৫ ছেমি
খ) কখগ ত্ৰিভুজৰ কখ বাহু = ৫ ছেমি, খগ বাহু = ৪ ছেমি,
কগ বাহু = ৬ ছেমি
২। এটা ত্ৰিভুজৰ পৰিসীমা ২৫ ছেমি। ত্ৰিভুজটোৰ দুটা
বাহুৰ দীঘ ক্ৰমে ৭ ছেমি আৰু ৯ ছেমি। তৃতীয় বাহুটোৰ দীঘ কিমান?
৩। এটা সমবাহু ত্রিভুজৰ এটা বাহুৰ দীঘ ৭ ছেমি।
ত্ৰিভুজটোৰ পৰিসীমা কিমান?
৪। কখগ সমদ্বিবাহু ত্ৰিভুজটোৰ ‘কখ’ৰ দীঘ = ‘কগ’ৰ দীঘ।
যদি ‘কখ’ৰ দীঘ= ৬ ছেমি আৰু ‘খগ’ৰ দীঘ = ৫ ছেমি তেন্তে
ত্রিভুজটোৰ পৰিসীমা কিমান?
৫। কেইটামান আয়তৰ দীঘ আৰু প্ৰস্থ দিয়া আছে।
প্ৰতিটোৰে পৰিসীমা আৰু কালি নিৰ্ণয় কৰা।
ক) দীর্ঘ = ৬ ছেমি, প্রস্থ = ৪ ছেমি
খ) দীঘ = ১০ ছেমি, প্রস্থ = ৭ ছেমি
গ) দীর্ঘ = ১১ ছেমি, প্রস্থ = ৯ ছেমি
ঘ) দীর্ঘ = ১২ ছেমি, প্রস্থ = ১০ ছেমি
৬। বৰ্গৰ দীঘ দিয়া আছে। প্ৰতিটোৰে পৰিসীমা আৰু কালি উলিওৱা
ক) বাহুৰ দীঘ = ৪ ছেমি
খ) বাহুৰ দীঘ = ৭ ছেমি
গ) বাহুৰ দীঘ = ৬ ছেমি
ঘ) বাহুৰ দীঘ = ৯ ছেমি
৭। এটা আয়তৰ প্ৰস্থ ৭ ছেমি আৰু পৰিসীমা ৩৬ ছেমি। আয়তটোৰ দীঘ কিমান?
৮। এটা আয়তৰ দীঘ ১২ ছেমি আৰু পৰিসীমা ৪০ ছেমি। আয়তটোৰ প্ৰস্থ কিমান?