Chapter 14
বিদ্য়ুৎ প্ৰবাহৰ ৰাসয়নিক ক্ৰিয়া
১. যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় সেইবোৰক কি বোলে ?
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হয় সেইবোৰক সু-পৰিবাহী বোলে।
২. টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ’ব দিলে টেষ্টাৰটোৰ _____________ সম্পূৰ্ণ হয় ।
উত্তৰঃ বৰ্তনী।
৩. বিদ্য়ুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক কি বোলে ?
উত্তৰঃ বিদ্য়ুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পছন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক বিদ্য়ুৎলেপন বোলে।
৪. ক্ৰ’মিয়াম কি ?
উত্তৰঃ ক্ৰ’মিয়াম হৈছে স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু।
৫. কিহৰ বাবে বাল্বটো জ্বলি উঠে ?
উত্তৰঃ বিদ্য়ুতৰ তাপীয় ক্ৰিয়াৰ বাবে বাল্বটোৰ তাঁৰডালৰ উষ্ণতা বহু পৰিমাণে বাঢ়ে কাৰণে বাল্বটো জ্বলি উঠে।
৬. কোনো পদাৰ্থই বিদ্য়ুৎ পৰিবহণ কৰিলেও ই ধাতুৰ দৰে _______ নহ’বও পাৰে ।
উত্তৰঃ সু-পৰিবাহী।
৭. পাতিত পানীত নিমখ মিহলালে আমি নিমখৰ দ্ৰৱ পাওঁ । এই দ্ৰৱটো বিদ্য়ুতৰ কি পৰিবাহী
উত্তৰঃ পাতিত পানীত নিমখ মিহলালে আমি নিমখৰ দ্ৰৱ পাওঁ । এই দ্ৰৱটো বিদ্য়ুতৰ সু-পৰিবাহী।
৮. বিদ্য়ুতৰ সু-পৰিবাহী জুলীয়া পদাৰ্থৰ বেছিভাগেই _________, __________ আৰু ___________ ।
উত্তৰঃ এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰব।
৯. এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে কি বিক্ৰিয়া সংঘটিত হয় ?
উত্তৰঃ এটা পৰিবাহী দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ।
১০. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে ই তাম (______) আৰু ছালফেটলৈ বিয়োজিত হয় ।
উত্তৰঃ কপাৰ।
১১. বিদ্য়ুৎ পৰিবহণ কৰা পদাৰ্থকেইবিধ কি কি ?
উত্তৰঃ বিদ্য়ুৎ পৰিবহণ কৰা পদাৰ্থকেইবিধ হল-এছিড, ক্ষাৰক আৰু লৱণৰ দ্ৰৱ।
১২.সু-পৰিবাহী শব্দৰ ইংৰাজী শব্দটো কি ?
উত্তৰঃ সু-পৰিবাহী শব্দৰ ইংৰাজী শব্দটো হল-Good conductor।
১৩. যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্য়ুৎ প্ৰৱাহিত নহয় সেইবোৰক কি বোলে ?
উত্তৰঃ যিবোৰ পদাৰ্থৰ মাজেৰে সহজে বিদ্য়ুৎ প্ৰৱাহিত নহয় সেইবোৰক কু-পৰিবাহী বোলে।
১৪.কোনকেইটা পদাৰ্থই বিদ্য়ৎ পৰিবহন কৰে ।
উত্তৰঃ বিদ্য়ৎ পৰিবহন কৰা পদাৰ্থই কেইবুধ হল-তাম, এলুমিনিয়াম আদি।
১৫. টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ’ব দিলে টেষ্টাৰটোৰ _________ সম্পূৰ্ণ হয় ।
উত্তৰঃ টেষ্টাৰৰ মূৰ দুটাৰ মাজৰ জুলীয়া পদাৰ্থখিনিয়ে বিদ্য়ুৎ প্ৰৱাহিত হ’ব দিলে টেষ্টাৰটোৰ সংযোগ ক্ষমতা সম্পূৰ্ণ হয় ।
১৬. বিদ্য়ুৎ কম পৰিমাণে প্ৰৱাহিত হ’লে কম্পাছ শলাৰ কি হয় ?
উত্তৰঃ বিদ্য়ুৎ কম পৰিমাণে প্ৰৱাহিত হ’লে কম্পাছ শলাৰ বিক্ষেপন হয়।
১৭. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে কি হয় ?
উত্তৰঃ কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’লে তাম আৰু ছালফেটলৈ ৰূপান্তৰিত হয়।
১৮. _________ এবিধ স্বাভাৱিকতে চিক্-মিকনি থকা ধাতু ।
উত্তৰঃ ক্ৰ’মিয়াম।
১৯. কাৰ তুলনাত টিনৰ বিক্ৰিয়া কম ?
উত্তৰঃ লোৰ তুলনাত টিনৰ বিক্ৰিয়া কম ।
২০. বিদ্য়ুৎলেপন শব্দৰ ইংৰাজী শব্দটো কি ?
উত্তৰঃ বিদ্য়ুৎলেপন শব্দৰ ইংৰাজী শব্দটোল হল Electroplating।