Chapter 1
শস্য় উৎপাদন আৰু ব্যৱস্থাপনা
১) শস্য বুলিলে কি বুজা ?
উত্তৰঃ একে জাতৰ উদ্ভিদ সৰহকৈ একে ঠাইতে খেতি কৰিলে, তাক শস্য বুলি কোৱা হয় ।
২) খাৰিফ শস্য কাক বোলে ?
উত্তৰঃ বাৰিযাকালত যি শস্য সিঁচা হয় সেই শস্যবিলাকক খাৰিফ শস্য বোলে।
৩) ৰবি শস্য কাক বোলে ?
উত্তৰঃ শীতকালত উতপাদিত শস্যক ৰবি শস্য বোলে।
৪) মাটি চহাবৰ বাবে কি কি সঁজুলি লাগে ?
উত্তৰঃ মাটি চহাবৰ বাবে হাল, কোৰ, মৈ, দলিমাৰি আৰু যান্ত্ৰিক হাল (ট্ৰেক্টৰ) লাগে।
৫) মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোক কি বোলে ?
উত্তৰঃ মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটোক চহোৱা বা হাল বোৱা বোলে ।
৬) দলি চপৰা কাক বোলে ?
উত্তৰঃ হাল বোৱা পথাৰত ডাঙৰ ডাঙৰ মাটিৰ চপৰা থাকে ইয়াকে দলি চপৰা বোলে ।
৭) কিহৰ সহায়ত মাটি সমান কৰা হয় ?
উত্তৰঃ মৈৰ সহায়ত মাটি সমান কৰা হয়।
৮) সাৰ কাক বোলে ?
উত্তৰঃ যিবোৰ পোষক দ্ৰব্য হিচাপে মাটিত প্ৰয়োগ কৰা হয় , তাকে সাৰ বোলে ।
৯) সাৰ কেইপ্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ সাৰ দুই প্ৰকাৰৰ (i) জৈৱিক সাৰ (ii) ৰাসায়লিক সাৰ ।
১০) মাটিৰ পোযক দ্ৰব্য পুনৰ ঘূৰাই অনাৰ আন এটা পদ্ধতি কি ?
উত্তৰঃ মাটিৰ পোযক দ্ৰব্য পুনৰ ঘূৰাই অনাৰ আন এটা পদ্ধতি হ’ল শস্যাৱৰ্তন।
১১) ৰাসায়নিক সাৰ ক’ত প্ৰস্তুত কৰা হয় ?
উত্তৰঃ ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়।
১২) জৈৱিক সাৰৰ দুটা সুবিধা লিখা ?
উত্তৰঃ জৈৱিক সাৰৰ দুটা সুবিধা হ’ল (ক) ই মাটিৰ পানী ধাৰণ ক্ষমতা বৃদ্ধি কৰে।(খ) ই মাটিৰ গুণ বৃদ্ধি কৰে।
১৩) উদ্ভিদৰ দেহত কিমান শতাংশ পানী থাকে ?
উত্তৰঃ উদ্ভিদৰ দেহত ৯০% পানী থাকে।
১৪) জলসিঞ্চন কাক বোলে ?
উত্তৰঃ সময়ত বিভিন্ন ব্যৱধানত শস্যৰ পথাৰত পানী যোগান ধৰাকে জলসিঞ্চন বোলে।
১৫) জলসিঞ্চনৰ উতসসমূহ কি কি ?
উত্তৰঃ জলসিঞ্চনৰ উতসসমূহ হ’ল নাদ বা কুঁৱা, দমকল, পুখুৰী, হ্ৰদ, নদী, বান্ধ আৰু নলা।
১৬) পাম্পবোৰ কিহৰ সহায়ত চলোৱা হয় ?
উত্তৰঃ পাম্পবোৰ ডিজেল, জৈৱিক গেছ, বিদ্যুত আৰু সৌৰ শক্তিৰ সহায়ত চলোৱা হয়।
১৭) অপতৃণ কি ?
উত্তৰঃ খেতি পথাৰত সাধাৰণতে শস্যৰ বাহিৰেও স্বাভাৱিকভাৱেই কিছুমান অপ্ৰয়োজনীয় উদ্ভিদো গজে। এই অনাৱশ্যকীয় উদ্ভিদসমূহেই হ’ল অপতৃণ ।
১৮) পৈণত শস্য কাটি, উঘালি আনাক কি বোলে ?
উত্তৰঃ পৈণত শস্য কাটি, উঘালি আনাক শস্য চপোৱা বোলে।
১৯) ধানজাতীয় শস্য পকিবলৈ কিমান মাহ সময় লাগে ?
উত্তৰঃ ধানজাতীয় শস্য পকিবলৈ ৩ৰ পৰা ৪ মাহ সময় লাগে।
২০) মৰণা মৰা কাক বোলে ?
উত্তৰঃ চপোৱা শস্যৰ বীজবোৰ শীহ্ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বোলে ।
২১) শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কি মেচিনৰ দ্বাৰা কৰা হয় ?
উত্তৰঃ শস্য চপোৱা আৰু মৰণা মৰা এই দুয়োটা কাম ‘কমবাইন’ মেচিনৰ দ্বাৰা কৰা হয় ?
২২) শস্য চপোৱা প্ৰধান উতসৱসমূহ কি কি ?
উত্তৰঃ শস্য চপোৱা প্ৰধান উতসৱসনূহ হ’ল ভোগালী বিহু, পোংগল, বৈশাখী, হোলী,
দ্বীপান্বিতা আৰু নবান্ন।
২৩) পশুধন পালন কাক বোলে ?
উত্তৰঃ যেতিয়া সৰহকৈ পশু ৰাখি ইহঁতৰ প্ৰতিপালন কৰা হয় তাক পশুধন পালন বোলে ।
২৪) শস্য সিঁচাৰ আগতে মাচি ডৰা কি কৰা হয়?
উত্তৰঃ শস্য সিঁচাৰ আগতে মাচি ডৰা চহোৱা হয়।
২৫) খ্ৰীষ্টপূৰ্ব কিমান চনলৈ মানুহে অঘৰী জীৱন যাপন কৰিছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১০,০০০ চনলৈ মানুহে অঘৰী জীৱন যাপন কৰিছিল।
২৬) বতৰ অনুযায়ী শস্য়ক কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ বতৰ অনুযায়ী শস্য়ক ২টা ভাগত ভগাব পাৰি।
২৭) কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম কি ?
উত্তৰঃ কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ’ল মাটি ডৰা ঢিলা কৰা।
২৮) মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটো কি ?
উত্তৰঃ মাটি চহ কৰা আৰু ঢিলা কৰা পদ্ধতিটো হ’ল হাল বোৱা বা মাটি চহহোৱা।
২৯) শক্তিশালী ত্ৰিভূজ আকৃতিৰ এটা লোৰ পাতি লগোৱা থাকে তাক কি বোলে?
উত্তৰঃ শক্তিশালী ত্ৰিভূজ আকৃতিৰ এটা লোৰ পাতি লগোৱা থাকে তাক ফান বোলে ।
৩০) শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম কি?
উত্তৰঃ শস্য উৎপাদনৰ আটাইতকৈ প্ৰয়োজনীয় কাম হ’ল বীজ সিঁচা।
৩১) আমাৰ ৰাজ্যত খেতিয়কে পৰম্পৰাগত ভাৱে কিহেৰে বীজ সিঁচি আহিছে?
উত্তৰঃ আমাৰ ৰাজ্যত খেতিয়কে পৰম্পৰাগত ভাৱে হাতেৰে বীজ সিঁচি আহিছে।
৩২) উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে তাৰ বাবে বীজবোৰ কি কৰিব লাগে?
উত্তৰঃ উদ্ভিদবোৰ যাতে ঠাহ খাই নপৰে তাৰ বাবে বীজবোৰ এক নিৰ্দিষ্ট দূৰত্বত ৰোপণ কৰিব লাগে।
৩৩) উদ্ভিদক পৰ্যাপ্ত সূৰ্যৰ পোহৰত মাটি পৰা কি পোৱাত সহায় কৰে?
উত্তৰঃ উদ্ভিদক পৰ্যাপ্ত সূৰ্যৰ পোহৰত মাটি পৰা পোষক দ্ৰব্য আৰু পানী পোৱাত সহায় কৰে।
৩৪) উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ’বলৈ কি প্ৰয়োগ কৰা হয়?
উত্তৰঃ উদ্ভিদবোৰ সুস্থভাৱে ডাঙৰ হ’বলৈ পোষক দ্ৰব্য আৰু সাৰ প্ৰয়োগ কৰা হয়।
৩৫) মাটিয়ে উদ্ভিদক কি যোগান ধৰে ?
উত্তৰঃ মাটিয়ে উদ্ভিদক খনিজ পোষক দ্ৰব্য যোগান ধৰে।
৩৬) খাৰিফ শস্য কোন মাহৰ পৰা কোন মাহলৈ খেতি কৰা হয়?
উত্তৰঃ খাৰিফ শস্য জুনৰ পৰা ছেপ্তেম্বৰ মাহলৈ খেতি কৰা হয়?
৩৭) ৰবি শস্য কোন মাহৰ পৰা কোন মাহলৈ খেতি কৰা হয়?
উত্তৰঃ ৰবি শস্য অক্টোবৰ পৰা মাৰ্চ মাহলৈ খেতি কৰা হয়?
৩৮) কেঁচু সাৰ আৰু অণুজীৱ খেতিয়কৰ কি ?
উত্তৰঃ কেঁচু সাৰ আৰু অণুজীৱ খেতিয়কৰ বন্ধু।
৩৯) ধানজাতীয় শস্য পকিবলৈ কিমান মাহ সময় লাগে?
উত্তৰঃ ধানজাতীয় শস্য পকিবলৈ ৩ ৰ পৰা ৪ ৰ মাহ সময় লাগে।
৪০) উৎপাদন হোৱাৰ পাছত এটা প্ৰয়োজনীয় কাম কি ?
উত্তৰঃ উৎপাদন হোৱাৰ পাছত এটা প্ৰয়োজনীয় কাম হল শস্য সাঁচি ৰখা ।