Chapter 8
ৰঙৰ ৰহস্য়
১/ বহুৰঙী ৰামধেনু, উদয় হোৱা বা অস্ত যোৱা ৰঙা বেলিৰ ৰঙে সকলোৰে মন কি কৰে ?
উত্তৰঃ মুগ্ধ কৰে ।
২/ শাওণ মাহৰ সেউজীয়া পথাৰ আৰু আঘোণ মাহৰ পথাৰ ভৰা সোণোৱালী শইচেও আমাক কি দিয়ে ?
উত্তৰঃ বিনল আনন্দ দিয়ে ।
৩/ আদিম মানুহ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল নে নাই ?
উত্তৰঃ আদিম মানুহৰ ৰঙৰ প্ৰতি আকৰ্ষণ আছিল ।
৪/ তাহানিখন গুহাত বাস কৰা লোকেও গুহাৰ বেৰত কিহৰ ছবি আঁকিছিল ?
উত্তৰঃ ৰঙান ছবি আঁকিছিল ।
৫/ ছাৰ আইজাক নিউটন নামৰ বিজ্ঞানী এগৰাকীয়ে পোনপ্ৰথমে কি পৰীক্ষা কৰি দেখুৱাইছিল ?
উত্তৰঃ ছা্ৰ আইজাক নিউটন নামৰ বিজ্ঞানী এগৰাকীয়ে পোনপ্ৰপথমে পৰীক্ষা কৰি দেখুৱাইছিল যে সূৰ্যৰ পোহৰত সাতোটা ৰঁ আছে ।
৬/ সাতোটা ৰং মিলি কিহৰ পোহৰ হয় ?
উত্তৰঃ বগা পোহৰ হয় ।
৭/ বেলিৰ পোহৰত থকা ৰং সাতোটাৰ নাম কি কি ?
উত্তৰঃ বেঙুনীয়া, ঘননীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা ।
৮/ ইংৰাজী ভাষাত এই ৰং বুজোৱা শব্দ সাতোটাৰ প্ৰতিৰে প্ৰথম আখৰটো লৈ এটা শব্দ গঠন কৰা হৈছে সেই শব্দতিৰ নাম কি ?
উত্তৰঃ ‘ভিবজিওৰ’ (VIBGYOR) ।
৯/ বগা ৰং কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ সূৰ্যৰ সাতোটো ৰং মিলি বগা ৰং সৃষ্টি হয় ।
১০/ বেলিৰ পোহৰৰ ৰহস্য় আৱিষ্কাৰৰ পাছতহে মানুহে কি বুজিব পৰা হ’য় ?
উত্তৰঃ ৰঙৰ ৰহস্য় বুজিব পৰা হ’ল ।
১১/ আমি কোনো এটা বস্তু নীলা দেখাৰ কাৰণ হ’ল ?
উত্তৰঃ বস্তুটোৱে তাৰ ওপৰত পৰা পোহৰৰ ৰংকেইটাৰ ভিতৰত কেৱল নীলা ৰঙটোহে আমাৰ চকুলৈ প্ৰেৰণ কৰে ।
১২/ উদয় হ’বলৈ ধৰা বেলিটো আমি ৰঙা দেখোঁ, কিয় ?
উত্তৰঃ কাৰণ বেলিৰ পোহৰৰ বাকীকেইটা ৰং বায়ুমণ্ডলে শুপি লোৱাত, কেৱল ৰঙা ৰংটোহে আমাৰ অক্ষিপটত পৰেহি ।
১৩/ শ্ৰেণী কোঠাৰ ব’ৰ্ডখন বা চিলথখন আমি ক’লা দেখোঁ কিয় ?
উত্তৰঃ কাৰণ সেইবোৰৰ ওপৰত পৰা পোহৰৰ কোনো ৰঙেই আমাৰ অক্ষিপটত নপৰেহি ।
১৪/ ঘঁৰিয়ালে সকলো বস্তুৰে ৰং কেনেকোৱা দেখে ?
উত্তৰঃ মটীয়াহে দেখে ।
১৫/ ৰং দেখা পোৱা প্ৰাণীবোৰ কি কি ?
উত্তৰঃ মৌ-মাখি, ঘঁৰিয়াল আদি ।