Chapter 5
ডক্টৰ বাণীকান্ত কাকতি
১/ বাটৰ কাষৰঘৰটোলৈ আঙুলিয়াই কৌতুক-প্ৰিয় মানুহ দুজনমানে বেমাৰ দেখুৱাবলৈ অহা মানুহকেইদনক হাঁহি হাঁহি কি ক’লে ?
উত্তৰঃ ‘যোৱা, সৌজন নতুন ডাক্তৰ আহিছে, তেওঁৰ চিকিৎসা বৰ ভাল ।
২/ তেওঁলোকৰ কথামতে মানুহকেইজন কলৈ গ’ল ?
উত্তৰঃ কাষৰ ঘৰটোৰ ফালে আগবাঢ়ি গ’ল ।
৩/ ডাক্টৰ বুলি ভবা এই ব্য়ক্তি গৰাকী কোন ?
উত্তৰঃ ডাক্টৰ বুলি ভবা এই ব্য়ক্তি গৰাকী – ডক্টৰ বাণীকান্ত কাকতি ।
৪/ ডাক্তৰৰ ভুমিকা পালন কৰিবলৈ কি কিনি আনিছিল ?
উত্তৰঃ হোমিওপেথিক চিকিৎসাৰ পুথি কেইখনমান কিনি আনিছিল ।
৫/ তেওঁকেনে ধৰনৰ ব্য়ক্তি আছিল ?
উত্তৰঃ তেওঁ সৰুৰে পৰা দৃঢ়মনা আৰু আত্মসন্মানবোধসম্পন্ন ব্য়ক্তি আছিল ।
৬/ কম দিনৰ ভিতৰত কি আয়ত্ত কৰি ল’লে ?
উত্তৰঃ কম দিনৰ ভিতৰত চিকিৎসা পদ্ধতিৰ অ, আ, ক, খ, আয়ত্ত কৰি ল’লে ।
৭/ সেই সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্য়া কিহৰ আগত লেখিব পৰা আছিল ?
উত্তৰঃ সেই সময়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা লোকৰ সংখ্য়া আঙুলিৰ আগত লেখিব পৰা আছিল ।
৮/ ডক্টৰ বাণীকান্ত কাকতিয়ে কি গ্ৰন্থ খনৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ?
উত্তৰঃ ‘আছানিজ, ইটচ্ ফৰ্মেচন এণ্ড ডেভেলপমেন্ট (‘অসমীয়া ভাষাৰ গঠন আৰু বিকাশ’ ) নামৰ গৱেষণা গ্ৰন্থ খনৰ বাবে ।
৯/ বাণীকান্ত কাকতিয়ে কোন খন কলেজত অধ্য়াপন কৰিছিল ?
উত্তৰঃ কটন কলেজত অধঠ্য়াপন কৰিছিল ।
১০/ গুৱাহাটীৰ কোন ঠাইত নিজা ঘৰত আছিল ?
উত্তৰঃ গুৱাহাটীৰ ৰিহাবাৰীৰ নিজা ঘৰত আছিল ।
১১/ তেখেতে ডক্টৰেট ডিগ্ৰী নাভ কৰা বাতৰিটো কেনেকৈ প্ৰচাৰ হৈছিল ?
উত্তৰঃ তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰা বাতৰিটো ৰৌজাল- বৌজাল হৈ প্ৰচাৰ হৈছিল ।
১২/ বহুলোকে এই কথা গৈৰৱবোধ কৰিছিল যদিও এচাম কোন বোৰ লোকে জ্বলি -পৰি মৰিছিল ?
উত্তৰঃ এচাম চকুচৰহা লোকে খবৰটো শুলি জ্বলি- পৰি মৰিছিল ।
১৩/ প্ৰকৃততে তেখেত কিহৰ ডিগ্ৰীধাৰী আছিল ?
উত্তৰঃ তেখেত ভাষা- বিজ্ঞানৰহে ডক্টৰেট ডিগ্ৰীধাৰী আছিল ।
১৪ / তেখেতে ওৰেটো জীৱন কি কৰিছিল ?
উত্তৰঃ তেখেতে ওৰেটো জীৱন জ্ঞান অৰ্জনত আত্ম- নিয়োগ কৰিছিল ।
১৫/ এনেদৰে ভাষা চৰ্চা কৰা লোকসকলক কি বোলা হয় ?
উত্তৰঃ ভাষা -বিজ্ঞানী বোলা হয় ।