Chapter 3
অৰূপৰ আৱেদন
১/ বহুদিনৰ মূৰত অৰূপ ক’ত আহিছে ?
উত্তৰঃ বহুদিনৰ মূৰত অৰূপ স্কুললৈ আহিছে ।
২/ শ্ৰেণী কোঠাত কোন সোমাল ?
উত্তৰঃ ৰেহেনা খাতুন বাইদেউ ।
৩/ হয় বাইদেউ বুলি কৈ সি কি উলিয়াই দিলে ?
উত্তৰঃ তাৰ জেপৰ পৰ এখন কাগজ উলিয়াই দিলে ।
৪/ কিমান তাৰিখে সি গাৱঁৰ এঘৰলৈ ভোজ খাবলৈ গৈছিল ?
উত্তৰঃ ০৫-০৫-১২ তাৰিখে ভোজ খাবলৈ গৈছিল ।
৫/ কাৰ পেট-চলা আৰম্ভ হৈছিল ?
উত্তৰঃ অৰূপৰ ।
৬/ অৰূপ কেই দিন স্কুলত আহা নাছিল ?
উত্তৰঃ দহদিন স্কুলত আহা নাছিল ।
৭/ অৰূপ কোন শ্ৰেণীত পঢ়ে ?
উত্তৰঃ পঞ্চম শ্ৰেণীত পঢ়ে ।
৮/ স্কুলত অনুপস্থিত থাকিলে বা থাকিবলগীয়া হলে কি কৰিব লাগে ?
উত্তৰঃ ছুটি মঞ্জুৰীৰ বাবে আৱেদন দিব লাগে ।
৯/ আৱেদনক কি বুলি কোৱা হয় ?
উত্তৰঃ দৰ্খাস্ত বুলি কোৱা হয় ।
১০/ ৰেহেনা বাইদেৱে ব’ৰ্ডত কি লিখি দিলে ?
উত্তৰঃ আৱেদন লিখি দিলে ।
১১/ অৰূপে পঢ়া স্কুলখনৰ নাম কি ?
উত্তৰঃ নৱজ্য়োতি আদৰ্শ প্ৰাথমিক বিদ্য়ালয় ।
১২/ অৰূপে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ স্কুল আহা নাছিল ?
উত্তৰঃ ৫-তাৰিখৰ পৰা ১৪ তাৰিখলৈ আহা নাছিল ।
১৩/ অৰূপৰ ৰোল নং কিমান আছিল ?
উত্তৰঃ অৰূপৰ ৰোল নং- ৭ ।
১৪/ অৰূপৰ দেউতাকৰ নাম কি ?
উত্তৰঃ জগত হাজৰিকা ।
১৫/ অৰূপৰ পেট-চলাচল সত্য় নে অসত্য় ?
উত্তৰঃ সত্য় ।
১৬/ দৰ্খাস্ত কিয় লিখে ?
উত্তৰঃ ছুটি বাবে বা কোনো কামৰ অনুগ্ৰহ কৰে ।
১৭/ কোনে বৰ্ডত দৰ্খাস্ত লিখি দিলে ?
উত্তৰঃ ৰেহেনা বাইদেৱে ।
১৮/ প্ৰভেদ শব্দৰ অৰ্থ কি ?
উত্তৰঃ পাৰ্থক্য ।
১৯/ চিঠিৰ চাৰিটা ভাগ আছে ?
উত্তৰ ঃ শিৰোনামা,সম্বোধন , মূল অংশ আৰু সামৰণি ।
২০/ খতি মানে কি ?
উত্তৰঃ স্কুল নোজোৱা বা কাম কৰিবলৈ নোজোৱা আদি ।