Chapter 13
ওজা-পালি
১/ লোক-নাট্য় অনুষ্ঠান কাক বুলে ?
উত্তৰঃ পৌৰাণিক আৰু লৌকিক আখ্য়ান-উপাখ্য়ানৰ কাহিনী, গীত-পদ, নৃত্য় আৰু অভিনয়ৰ মাজেদি সহজ-সৰল ভাৱে লোক-সমাজত প্ৰচাৰ কৰা অনুষ্ঠানবোৰেই হ’ল লোক-নাট্য় অনুষ্ঠান ।
২/ ওজা-পালি কি অনুষ্ঠান ?
উত্তৰঃ ওজা-পালি এটি লোক-নাট্য় অনুষ্ঠান ।
৩/ বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদিত থকা আখ্য়ান-উপাখ্য়ানৰ মূল কাহিনীভাগক কেনেকৈ দাঙি ধৰে ?
উত্তৰঃ গীত-পদ নুত্য় আৰু অভিনয়ৰ জৰিয়তে ওজা-পালিয়ে দৰ্শকৰ আগত দাঙি ধৰে ।
৪/ তোমালোকে ওজা-পালি অনুষ্ঠান চাওঁতে মন কৰিচানে, তাত এএজডন লোকে মূল কাহিনীভাগ নৃত্য়-গীত আৰু অভিনয়ৰ জৰিয়তে বৰ্ণনা কৰে তেওঁক কি বোলে ?
উত্তৰঃ তেওঁক ওজা বোলে ।
৫/ তেওঁৰ দলত কেইজন পালি থাকে ?
উত্তৰঃ ছয়জনমাম পালি থাকে ।
৬/ ওজাৰ সোঁ-হাতস্বৰূপ তেওঁক কি বোলে ?
উত্তৰঃ ডাইনা-পালি বোলে ।
৭/ ডাইনা পালিজন প্ৰধানকৈ কি হয় ?
উত্তৰঃ সুৰসিক হয় ।
৮/ ওজা-পালিয়ে পৰিধানকৰা সাজ-পাৰ বোৰ কি কি ?
উত্তৰঃ চপৰিয়া-চোলা পিন্ধে আৰু ডিঙিত চেলেং লয় ।
৯/ কেৱল ওজাই মূৰত কি মাৰে ?
উত্তৰঃ পাগুৰি মাৰে ।
১০/ পালিসকলে সোঁ-হাতত একোযোৰ কি তাল লয় ?
উত্তৰঃ একোযোৰ খুঁটি-তাল মেৰিয়াই লয় ।
১১/ ওজা-পালি প্ৰকাৰবোৰ কি কি ?
উত্তৰঃ সুকনান্নী বা সুকনাৰয়ণী গোৱা ওজা-পলি, বিয়াহৰ বা ব্য়াস গোৱা ওজা-পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বৈষ্ণৱী ওজা, তুকুৰীয়াওজা, আপী ওজা আদি ।
১২/ মহাপুৰুষ শংকৰদেৱও নৱবৈষণৱ ৰ্ধম প্ৰচাৰৰ অৰ্থে মাজে-সময়ে কাৰ সহায় লৈছিল ?
উত্তৰঃ ওজা-পালিৰ সহায় লৈছিল ।
১৩/ ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বোৰ কি কি ?
উত্তৰঃ বৈষ্ণৱীওজা, তুকুৰীয়া ওজা, আপী ওজা আদি উল্লেখযোগ্য় ।
১৪/ সকলো প্ৰকাৰৰ ওজা-পালিয়ে আমাৰ লোক-সমাজত কি কি শিক্ষা প্ৰচাৰ কৰি আহিছে ?
উত্তৰঃ ধৰ্মীয় শিক্ষাৰ লগতে লৈতিক শিক্ষাও প্ৰচাৰ কৰি আহিছে ।
১৫/ এনেদৰে ওজা-পালিৰ নিচিনা লোক-নাট্য় অনুষ্ঠানে অসমীয়া সাহিত্য়-সংস্কৃতিৰ কি চহকী কৰিছে ?
উত্তৰঃ এনেদৰে ওজা-পালিৰ নিচিনা লোক-নাট্য় আনুষ্ঠানে অসমীয়া সাহিত্য়-সংস্কৃতিৰ ভঁৰাল চহকী কৰিছে ।