Chapter 10
তিনিটা মাছৰ কাহিনী
১/ সেই বিলৰ ডাঙৰ তিনিটা মাছৰ নাম কি কি ?
উত্তৰঃ সেই বিলৰ ডাঙৰ তিনিতা মাছৰ নাম হ’ল- অনাগতবিধাতা, প্ৰত্য়ুৎপন্নমতি আৰু যদভৱিষ্য় ।
২/ সেই ফালে গৈ থকা কোনে কথা পাতি আছিল ?
উত্তৰঃ সেই ফালে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পাতি আছিল ।
৩/ এই বুলি কৈ মাছমৰীয়াসকল কৈলৈ গ’ল ?
উত্তৰঃ ঘৰাঘৰি গুচি গ’ল ।
৪/ আমাক বিপদে কি বুলি মাতিছে ?
উত্তৰঃ আমাক বিপদে হাত-বাউল দি মাতিছে ।
৫/ মাছমৰীয়াসকলৰ বজ্ৰসদৃশ কথাবোৰ কোনে শুনি আছিল ?
উত্তৰঃ অনাগতবিধাতাই ভালদৰে শুনি আছিল ।
৬/ অনাগতবিধাতাৰ কথা শুনি প্ৰত্য়ুপন্নমতিয়ে কি ক’লে ?
উত্তৰঃ অনাগতবিধাতাৰ কথা শুনি প্ৰত্য়ুপন্নমতিয়ে কলে- আপুনি সঁচা কথাকেই কৈছে । ময়ো এই বিল এৰি অতি শীঘ্ৰে ওচৰত থকা আন খাল-বিললৈ যোৱাটোকেই উচিত হ’ব বুলি ভাবোঁ ।
৭/ যদি আয়ুস শেষ হয় তেনেহ’লে অন্য় ঠাইলৈ গলেও মৃত্য়ু হ’বই বুলি কোনে কৈছিল ?
উত্তৰঃ যদভৱিষ্য়ই কৈছিল ।
৮/ মাছমৰীয়াকেইজনে কিহেৰে পুখুৰীত মাছ মাৰিলে ?
উত্তৰঃ জালেৰে মাছ মাৰিলে ।
৯/ কোনে বিপদৰ কথা নাভাবি আকোঁৰ-গোঁজ হৈ থাকি মৃত্য়ুসাৱটি ল’লে ?
উত্তৰঃ যদভৱিষ্য়ৰ ।
১০/ কিন্তু বিপদৰ কথা নাভাবি হাত সাৱতি থকা যদভৱিষ্য়ৰ কি হ’ল ?
উত্তৰঃ বিনাশ হ’ল ।