Chapter 1
অসম আমাৰ ৰূপহী
১/ ৰূপহী বুলি কাক কোৱা হৈছে ?
উত্তৰঃ ৰূপহী বুলি আমাৰ অসমক কোৱা হৈছে।
২/ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ বুলি কাক কোৱা হৈছে ?
উত্তৰঃ ভাৰতক কোৱা হৈছে ।
৩/ কাৰ দেশৰ মাটি ইমান ৰসাল ?
উত্তৰঃ অসম দেশৰ মাটি ইমান ৰসাল ।
৪/ কি মাহত আমাৰ আই মহুৰা হৈ ঘূৰে ?
উত্তৰঃ ব’হাগ মাহত আমাৰ আই মহুৰা হৈ ঘূৰে ।
৫/ কি মাহত সোণৰ হাতেৰে লখিমী আদৰে ?
উত্তৰঃ মাঘ মাহত সোণৰ হাতেৰে লখিমী আদৰে ।
৬/ কি নিশাই তৰাৰে সজাই আইৰে কেশ ?
উত্তৰঃ শৰৎ নিশাই ।
৭/ মিলন সেতু কিহেৰে গঢ়ে ?
উত্তৰঃ আমাৰ ভাষাৰ মৰমবোৰে ।
৮/ জন্ম ললোঁ ইয়াতেই , ইয়াতে যেন মৰোঁ বুলি কোনে কৈছিল ?
উত্তৰঃ কবিয়ে কৈছিল ।
৯/ কবি জনৰ নাম কি ?
উত্তৰঃ ড° ভূপেন হাজৰিকা ।
১০/ ড° ভূপেন হাজৰিকা ক’ত মৃত্য়ুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল ?
উত্তৰঃ লৌহিত্য়ৰে বহল পাৰক প্ৰণিপাত কৰোঁ ।
১১/ ড° ভূপেন হাজৰিকা কিমান চনত জন্ম হৈছিল আৰু কিমান চনত দেবাৱসান হৈছিল ?
উত্তৰঃ ৮ ছেপ্টেম্বৰ ১৯২৬ জন্ম হৈছিল আৰু ৫ নৱেম্বৰত ২০১১ চনত (মুম্বাইত) দেহাৱসান হৈছিল ।
১২ / ড° ভূপেন হাজৰিকা পিতৃ – মাতৃ নাম কি আছিল ?
উত্তৰঃ পিতৃ নাম আছিল নীলকান্ত হাজৰিতকা আৰু মাতৃ নাম শান্তিপ্ৰিয়া হাজৰিকা ।
১৩/ আকাশবাণীত গীত কোন চনত পৰিৱেশন কৰিছিল ?
উত্তৰঃ ১৯৪৩ চনত পৰিৱেশন কৰিছিল ।
১৪/ মানুহে মানুহৰ বাবে গীতটো ৰচনা কিনাম চনত কৰিছিল ?
উত্তৰঃ ১৯৬০ চনত ৰচনা কৰিছিল ।
১৫/ ড° ভূপেন হাজৰিকাই অসম চৰকাৰ পৰা কি উপাধি লাভ কৰিছিল ?
উত্তৰঃ অসম ৰত্ন উপাধি লাভ কৰিছিল ।
১৬/ ভাৰতৰে কোনটো দিশ সূৰ্য উঠা দেশ ?
উত্তৰঃ পূৰ্ব দিশটো সূৰ্য উঠা দেশ ।
১৭/ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰবক্তাৰূপে কিনাম চনত যোগদান কৰিছিল ?
উত্তৰঃ ১৯৫৪ চনত ।
১৮/ড° ভূপেন হাজৰিকাই ভাৰত চৰকাৰ পৰা সন্মান লাভ কৰিছিল ?
উত্তৰঃ ‘পদ্মভৃূষণ’ সন্মান লাভ কৰিছিল ।
১৯/ জয়মতী বোলছবিৰ বাবে দুটি গীত বাণীবদ্ধ কৰিছিল আৰু কিনাম চনত ?
উত্তৰঃ ড° ভূপেন হাজৰিকা দুটি গীত বাণীবদ্ধ কৰিছিল আৰু ১৯৩৬ চনত।
২০/ লটি-ঘটি কথাছবিৰ বাবে ৰাষ্ট্ৰপতিৰ পদ কিমান চনত লাভ কৰিছিল ?
উত্তৰঃ ১৯৬৬ চনত লাভ কৰিছিল ।