Chapter 8
স্বৰ্গদেউ চুহুংমুং
1. একোটিকৈ বাক্যত উত্তৰ লিখাঁ।
(a) কোনগৰাকী আহােম ৰজাৰ দিনৰপৰা আহােম ৰজাসকলক স্বৰ্গদেউ ‘ বুলি কোৱা হৈছিল?
উত্তৰঃ- চুহুংমুঙৰ ৰাজত্বকালৰ পৰা আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হৈছিল।
(b) স্বৰ্গদেউ ’শব্দৰ অর্থ কি?
উত্তৰঃ- স্বৰ্গদেউ শব্দৰ অৰ্থ হৈছে স্বৰ্গৰ দেৱতা।
(c) আহােমসকলে নিজকে কাৰ বংশধৰ বুলি পৰিচয় দিছিল?
উত্তৰঃ- আহোমসকলে নিজকে লেংদন অৰ্থাৎস্বৰ্গৰ ৰজা ইন্দ্ৰৰ বংশধৰ বুলি ভাৱিছিল।
(d) স্বৰ্গনাৰায়ণ ’ কোনগৰাকী আহােম স্বৰ্গদেউৰ হিন্দু নাম?
উত্তৰঃ- স্বৰ্গনাৰায়ণ আহোম স্বৰ্গদেউ চুহুংমুঙৰ নাম।
(e) বৰপাত্ৰ গােহাঁই ’ পদবীধাৰী প্ৰথমগৰাকী ব্যক্তিৰ নাম কি?
উত্তৰঃ- বৰপাত্ৰ গোহাঁই’ পদবীধাৰী ব্যক্তিৰ নাম হ’ল- কনচেং।
(f) প্রথম শদিয়াখােৱা গােহাঁইগৰাকীৰ নাম কি ?
উত্তৰঃ- প্ৰথম শদিয়াখোৱা গোহাঁইগৰাকীৰ নাম হৈছে- ফ্ৰাচেংমুং বৰপাত্ৰ গোহাঁই।
(g) কোনগৰাকী আহােম স্বৰ্গদেউৰ দিনৰপৰা হিন্দুৰ শকাব্দ মতে বছৰ গণনা কৰাৰ নিয়ম আৰম্ভ হয়?
উত্তৰঃ- চুহুংমুঙৰ দিনতেই হিন্দুৰ শকাব্দ মতে বছৰ গণনা কৰাৰ নিয়ম আৰম্ভ হয়।
(h) লাক্নি কি?
উত্তৰঃ- লাক্নি হৈছে আহোম শব্দ মতে বছৰ গণনা কৰা।
(i) থাপিত সাঞ্চিত মানে কি?
উত্তৰঃ- থাপিত সাঞ্চিত মানে হৈছে তলতীয়া শাসনকৰ্তা।
(j) কাৰ লগত যুদ্ধত জয়ী হৈ চুহুংমুঙে ৰিকখবান উৎসৱ পাতিছিল?
উত্তৰঃ- চুতীয়াসকলৰ লগত যুদ্ধত জয়ী হৈ চুহুংমুঙে ৰিক্খ্বান উৎসৱ পাতিছিল।
2. চুহুংমুঙক কিয় দিহিঙীয়া ৰজা বুলি কোৱা হয়?
উত্তৰঃ- চুহুংমুঙক দিহিং নৈৰ পাৰলৈ ৰাজধানী তুলি আনিছিল কাৰণে তেওঁক ‘দিহিঙীয়া ৰজা’ বুলি কোৱা হৈছিল।
3. মৰিয়াসকল কোন?
উত্তৰঃ- তুৰ্বকৰ লগত অসম আক্ৰমণ কৰিবলৈ অহা আভেমান মুছমানৰ সৈন্য় আহোমৰ হাতত বন্দী হ’ল আৰু তেওংলোকক স্বৰ্গদেউ চুহুংমুঙে অসমতে মাটি-বাৰী দি সংস্থাপিত কৰিলে। স্বৰ্গদেৱে এই লোকসকলক প্ৰথমতে হাতীৰ ঘাঁহ যওগোৱা কামৰ দায়িত্ব অৰ্পণ কৰিলে। কিন্তু এই কামত তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব নোৱাৰাৰ কাৰণে তেওঁলোকক খেতি-বাতিৰ কাম কৰিবলৈ দিয়া হ’ল। তেওঁলোকে এি কামতো সফল হ’ব নোৱাৰিলে। পিছলৈ গৈ তেওঁলোকে পিটলৰ লোটা, কলহ, চৰিয়া আদি গঢ়ি জীৱিকা নিৰ্বাহ কৰিছিল। এওংলোকৰ সতি-সন্ততিকে পিছলৈ ‘মৰিয়া’ বুলি কোৱা হৈছিল।
4. বৰপাত্ৰ গােহাঁই পদবীৰ কেনেকৈ সৃষ্টি হ’ল?
উত্তৰঃ- স্বৰ্গদেউ চুহুংমুঙৰ শাসনৰ আগলৈকে আহোম শাসন ব্যৱস্থাত বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰীহে আছিল। এইজনা ৰজাই কিন্তু আৰু এটি পদীবৰ সৃষ্টি কৰিলে। নাম দিলে ‘বৰপাত্ৰ গোহাঁই’।
5. চমু টোকা লিখা।
(a) ৰিক্খ্বান উৎসৱ
উত্তৰঃ- চুতীয়া ৰাজ্য় দখল কাৰৰ পাছত চুহুংমুঙে বৰ ধুমধামেৰে ৰাজধানীত ৰিক্খ্বান উৎসৱ পাতে। ৰিক্খ্বান উৎসৱ হ’ল কোনো ৰজা যুদ্ধত জয়লাভ কৰাৰ পাছত পতা এটি উৎসৱ। ৰিক্ মানে আকৌ আগৰ অৱস্থালৈ অনা আৰু খ্বান মানী জীৱন। অৰ্থাৎ ৰীক্খ্বান মানে অমংগলৰ পৰা হাত সাৰি পুনৰ আগৰ মংগলজনক অস্থালৈ ঘূৰি আহে।
(b) মূলা গাভৰু
উত্তৰঃ- মূলাগাভৰু হৈছে অসমৰ এগৰাকী সাহসী, মহীয়সী এগৰাকী নাৰী। স্বামী হত্য়াৰ প্ৰতিশোধ ল’বলৈ বিনা প্ৰশিক্ষণৰ দ্বাৰা এইগৰাকী সাহসী নাৰীৰ যুদ্ধক্ষেত্ৰত যুদ্ধ কৰি তুৰ্বকৰ হাতত মৃত্য়ু হয়।
6. চুহুংমুঙৰ ৰাজত্বকালত সংঘটিত হােৱা মুছলমান আক্ৰমণৰ বিষয়ে চমুকৈ লিখাঁ।
উত্তৰঃ- চুহুংমুঙে তেওঁৰ ৰাজ্য়ৰ সীমা পূবৰ পৰা পশ্চিমলৈ বৃদ্ধি কৰিবলৈ ধৰিলে। এনেতে বংগৰ মুছলমানসকলে ১৫২৭ খ্ৰিঃত পোনপ্ৰথমবাৰৰ বাবে আহোম ৰাজ্য় আক্ৰমণ কৰিলে। উক্ত মুছলমান অভিয়ানৰ সেনাপতিৰ নাম কি সঠিককৈ নাজানিলেও বুৰঞ্জীত তেওঁক ‘বৰ উজীৰ’ বুলি জনা যায়। আহোম বাহিনীয়ে মুছলমানসকলক পৰাভূত কৰি খেদি পঠায়। কিন্তু পুনৰ নতুন সেনাপতি লৈ আহোমৰ লগত ৰণ কৰে। এিবাৰ সেনাপতি আছিল বিত মালিক। বিত মালিকো পৰাস্ত হয়। এইবাৰ সেনাপতি হৈ আহে তুৰ্বক। এয়া ১৫৩২ খ্ৰি.ৰ কথা। এওঁৰ লগতেই শদিয়াখোৱা গোহাঁই ফ্ৰাচেংমুং ৰণত পৰে। তেতিয়া ঘৈণিয়েক মূলাগাভৰুৱে যুদ্ধৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈয়ে তুৰ্বকৰ লগত যুদ্ধ কৰি মৃত্য়ুক আঁকোৱালি ল’লে। পাছত কনচেং বৰপাত্ৰ গোহাঁইৰ হাতত তুৰ্বকৰ মৃত্য়ু ঘটিল। তুৰ্বকৰ মূৰটো তচুহুংমুঙৰ আদেশত চৰাইদেউ পাহাৰত পুতি থোৱা হ’ল। মুছলমানৰ লগত হোৱা আহোমৰ প্ৰথম ৰণত স্বৰ্গদেউ চুহুংমুং জয়ী হ’ল।
7. চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ ঘটনাবিলাকৰ এটা বিৱৰণ দিয়া।
উত্তৰঃ- স্বৰ্গদেউ চুহুংমুঙৰ দিনৰ ঘটনাবিলাকৰ বিৱৰণী তলত দিয়া হ’ল-
স্বৰ্গদেউৰ চুহুংমুঙৰ ৰাজত্বকালতেই ৰাজকোঁৱৰসকলক ভৰণ-পোষণৰ বাবে বেলেগ বেগেল স্থানত খাট-পাম দিয়া হৈছিল। এই খাট-পামবোৰক আকৌ ‘মেল’ বুলিও কোৱা হৈছিল। এই মেলবোৰৰ নাম হ’ল চাৰিঙীয়া, তিপমীয়া, দিহিঙীয়া, নামৰূপীয়া, তুংখুঙীয়া আৰু চামগুৰীয়া, তিপমীয়া, চাৰিঙীয়া, নামৰূপীয়া মেলৰ গৰাকীক ৰজা বোলা হৈছিল। সিংহাসনৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিব লগা হ’লে প্ৰথমতে এই তিনিওটা মেলৰ গৰাকীক জ্য়েষ্ঠতা আৰু যোগ্য়তা অনুসৰি নিৰ্বাচন কৰা হৈছিল।
চুহুংমমুঙৰ শাসনৰ আগলৈকে আহোম শাসন ব্যৱস্থাত বুঢ়াগোহাঁই আৰু বৰগোহাঁই নামৰ দুজন মন্ত্ৰীহে আছিল। এইজনা ৰজাই কিন্তু আৰু এটি মন্ত্ৰী পদবীৰ সৃষ্টি কৰিলে। নাম দিলে ‘বৰপাত্ৰ গোহাঁই’। কনচেং নামৰ এজনক বৰপাত্ৰ গোহাঁই নিযুক্তিও দিলে।
খ্ৰি. ১৩ শতিকাৰ আগভাগত আহোমে যেতিয়া দিচাং আৰু দিখৌ নৈৰ মাজৰ ঠাইখিনিত ৰাজ্য় পাতিছিল সেই সময়ত চুতীয়াই উত্তৰে সোৱণশিৰি আৰু দিচাং নদীৰ পূবখণ্ড শাসন কৰিছিল। চুতীয়াসকল আছিল অসমৰ আদিম অধিবাসী। এওংলোক মংগোলীয় প্ৰজাতিৰ। চুহুংমুঙৰ দিনত চুতীয়াৰ ৰজা আছিল নীতিপাল বা চন্দ্ৰনাৰায়ণ। যুদ্ধ কৰি এঁক আহোমে পৰাস্ত কৰে আৰু চুতীয়া ৰাজ্য় নিজৰ দখললৈ আনে।
চুতীয়ীসকলৰ নিচিনাকৈ কছাৰীসকলকো পৰাস্ত কৰি কছাৰীসকলৰ পৰা লাভ কৰা ধনশিৰি উপত্য়কাৰ নামনি অঞ্চলটোচোৱা-চিতা কৰিবৰ বাবে ‘মৰঙ্গীখোৱা গোহাঁই’ পদৰ সৃষ্টি কৰে। আহোমৰ লগত কছাৰীয়ে ৰণ কৰিবৰ বেলিকা আহোমৰ তুলনাত কছাৰীৰ সৈন্য়বল কম থকাৰ বাবে কছাৰী ৰজা খুনখুৰাই যুদ্ধ নকৰি ডিমাপুৰলৈ পলাই গৈছিল। সেয়ে চুহুমংমুঙে ডেটচুং নামৰ এজন কছাৰী ৰাজকোঁৱৰক কছাৰী ৰাজ্য়ৰ সিংহাসনত বহুৱালে আৰু কৰতলীয়া ৰজা পাতিলে। তেতিয়াৰ পৰা কছাৰী ৰজা আহোমৰ থাপিত-সাঞ্চিত হ’ল। থাপিত-সাঞ্চিত ৰজাৰ অৰ্থ হ’ল তলতীয়া শাসনকৰ্তা।
চুহুংমুঙৰ শাসনকালতেই আহোম ৰাজ্য়লৈ মুছলমানে আক্ৰমণ কৰিছিল। আহোমৰ বাহিনীয়ে মুলমানকো পৰাস্ত কৰি খেদি পঠায়।