Class 5 History AJB | Chapter 6 | আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা | Assam Jatiya Bidalay | অসম জাতিয় বিদ্যালয় | পঞ্চম শ্ৰেণী ইতিহাসৰ প্ৰশ্ন উত্তৰ |

Chapter 6

আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফা

1. একোটিকৈ বাক্যত উত্তৰ লিখা। 

(a) চুকাফাই জন্মগ্রহণ কৰা ৰাজ্যখনৰ নাম কি? 

উত্তৰঃ- চীনৰ য়ুনান প্ৰদেশৰ ম্য়ুং মাও ৰাজ্য়ৰ ৰাজধানী কিং ছেনৰ (ছিয়েং চেন) মাও লুঙত চুকাফাৰ জন্ম হয়। 

(b) এই ৰাজ্যখন কোনখন দেশৰ অন্তৰ্গত? 

উত্তৰঃ- ম্য়ুং মাও ৰাজ্য়খন চীন দেশৰ অন্তৰ্গত।

(c) চুকাফাৰ দেউতাকৰ ৰাজ্যখনৰ নাম কি?

উত্তৰঃ- চুকাফাৰ দেউতাকৰ ৰাজ্য়খনৰ নাম হৈছে- ম্টয়ুং খু ম্য়ুং।

(d) টাই -আহােমসকলে স্থাপন কৰা প্রথম প্রদেশ বা ম্যুংখনৰ নাম কি? 

উত্তৰঃ- টাই-আহোমসকলে স্থাপন কৰা প্ৰদেশ বা ম্য়ুংখনৰ নাম খামজাং।

(e) চুকাফাই পােনপ্ৰথমে ক’ত ৰাজধানী পাতিছিল? 

উত্তৰঃ- চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী পাতিছিল। 

(f) চৰাইদেউৰ পুৰণি নাম কি? 

উত্তৰঃ- চৰাইদেউৰ পুৰণি নাম চেৰাই দয় আছিল। 

(g) ‘ম্যুং ডুন চুণ খাম’ৰ অর্থ কি? 

উত্তৰঃ- ‘ম্যুং ডুন চুণ খাম’ৰ অর্থ হ’ল সোণৰ বাগিচাৰে ভৰা দেশ।  

(h) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা কোন আছিল? 

উত্তৰঃ-  চুকাফাৰ অসম প্ৰৱেশৰ সময়ত মৰাণসকলৰ ৰজা আছিল বদৌছা।    

(i) চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা কোন আছিল? 

উত্তৰঃ- চুকাফাৰ অসম প্ৰৱেশৰ সময়ত বৰাহীসকলৰ ৰজা থাকুমথা আছিল।  

(j) অসমত বুৰঞ্জী লিখা প্রথা কোনে প্রৱৰ্তন কৰিছিল? 

উত্তৰঃ- অসমত বুৰঞ্জী লিথখা প্ৰথা চুকাফাই প্ৰৱৰ্তন কৰিছিল।

2. আহােমসকলৰ প্রথমজন ৰজাৰ নাম কি ? তেওঁ কোনখন পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল?

উত্তৰঃ- আহােমসকলৰ প্রথমজন ৰজাৰ নাম চুকাফা । পাতকায় পর্বত পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। 

3. আহােম ৰাজ্যত প্রথমে কোন দুটা মন্ত্ৰীৰ পদ আছিল? 

উত্তৰঃ- আহোম ৰাজ্য়ত প্ৰথমে বুঢ়াগোহাঁই আৰু বৰগোহাংই নামৰ দুটা মন্ত্ৰীৰ পদ আছিল।

4. খালী ঠাই পূৰ কৰা।

a ) ______গিৰিপথেদি চুকাফাই অসমত প্ৰৱেশ কৰিছিল । 

উত্তৰঃ পাংচৌ।

b )_______খ্রি.ত চৰাইদেউত চুকাফাই অসমত প্ৰৱেশ কৰিছিল। 

উত্তৰঃ ১২২৮

c ) ________খ্রি.ত চৰাইদেউত চুকাফাই ৰাজধানী পাতিছিল। 

উত্তৰঃ ১২৫৩

d ) চুকাফাই ________ সকলক চাংমাই পদত নিয়ােগ কৰিছিল। 

উত্তৰঃ বৰাহী ।

5. চুকাফাই ওচৰ – চুবুৰীয়াসকলৰ সৈতে মিলাপ্ৰীতি বৃদ্ধি কৰিবলৈ কি কি কৰিছিল? 

উত্তৰঃ- 

6. চুকাফাই কেনেকৈ অসমত আহােম ৰাজ্য স্থাপন কৰিছিল? 

উত্তৰঃ- 

Type: Pompi Hazarika